Logo
image

‘বিবেক দংশন’ত অসম এৰিলে ভূপেন বৰাই

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ অক্টোবৰ : বিহালী সমষ্টিত অসম সন্মিলিত মৰ্চাৰ প্ৰস্তাৱত অনুমোদন আনিব নোৱাৰি বিবেক দংশনত ভূগিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা অসম সন্মিলিত মৰ্চাৰ সভাপতি ভূপেন বৰাই৷ বিৰোধীৰ প্ৰবল হেচাৰ পাছতো বিহালী বিধানসভা সমষ্টিত অসম সন্মিলনত মৰ্চাই (চমুকৈ অসম) প্ৰক্ষেপ কৰিব বিচৰা প্ৰাৰ্থী সন্দৰ্ভত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ পৰা অনুমোদন কৰাই আনিব নোৱাৰি ‘অসম’ৰ সভাপতি পদৰ পৰা পদত্যাগ কৰে ভূপেন বৰাই৷ মঙলবাৰে ‘অসম’ৰ সাধাৰণ সম্পাদকলৈ প্ৰেৰণ কৰে পদত্যাগ পত্ৰ৷ উল্লেখ্য, বিহালীৰ প্ৰাৰ্থী বাছনিক লৈ গুৱাহাটীৰ খানাপাৰাৰ হোটেলত মঙলবাৰে শেষ নিশালৈকে চলিছিল বৈঠক৷ কিন্তু শেষ নিশা পৰ্যন্ত প্ৰাৰ্থী বাছনিক লৈ অসমৰ নেতৃত্বৰ সৈতে ঐক্যমত উপনীত হ’ব নোৱাৰিলে সভাপতি ভূপেন বৰা৷ উল্লেখ্য, বিহালী সমষ্টিৰ বাবে প্ৰাৰ্থী বাছনি কৰাৰ বাবে পাঁচজনীয়া কমিটী গঠন কৰা হৈছিল৷ পাঁচজনীয়া কমিটীৰ প্ৰতিবেদনৰ সিদ্ধান্ত মানি লোৱাৰ কথা কৈছিল AICCৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে৷ কিন্তু সন্মিলিত মৰ্চাৰ ৫ জনীয়া সমিতিৰ সিদ্ধান্ত নৰজিল৷ ভূপেন বৰাৰ আহ্বানৰ পাছতো মানি নল’লে মৰ্চাই৷ তাৰ বিপৰীতে অসম কংগ্ৰেছৰ অনুমোদন বিচাৰিলে মৰ্চাই৷ প্ৰচণ্ড চাপত পৰি অসমৰ সভাপতি পদত্যাগ কৰে ভূপেন বৰাই৷


প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাবধায়ক জিতেন্দ্ৰ সিঙে অখিল গগৈ, লুৰীণজ্যোতি গগৈ, অজিত কুমাৰ ভূঞাক ফোন কৰি বিবেক দাসৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনাইছিল৷ কিন্তু জিতেন্দ্ৰ সিঙৰ অনুৰোধত সৈমান নহ’ল সন্মিলিত মৰ্চাৰ সমিতি৷ বিপৰীতে চূড়ান্ত সিদ্ধান্ত দিবলৈ আজি পুৱা ১০ বজালৈ কংগ্ৰেছক সময় দিছিল ৫ জনীয়া কমিটীয়ে৷ কিন্তু আজি এই পৰ্যন্ত বিহালী সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ একমত হ’ব পৰা নাই অসম সন্মিলিত মৰ্চা৷ উল্লেখ্য, বিজেপিক পৰাভূত কৰাৰ লক্ষ্য লৈ বিৰোধী ঐক্যমঞ্চ (পাছলৈ অসম সন্মিলিত মৰ্চা) গঠন কৰিছিল কংগ্ৰেছসহ ১৩টা আঞ্চলিক আৰু ৰাষ্ট্ৰীয় দলে৷ এই মঞ্চ গঠনত আগভাগ লৈছিল কংগ্ৰেছে৷ বিজেপিক পৰাভূত কৰাৰ বাবে সকলোৱে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ সংকল্প লৈছিল৷ কিন্তু উপ-নিৰ্বাচনত বিহালী সমষ্টিৰ প্ৰাৰ্থী ঘোষণাক লৈ বিৰোধীৰ মাজতে লাগে অন্তৰ্কন্দল৷ কংগ্ৰেছৰ এটা মহলে বিহালীত প্ৰেমলাল গঞ্জুক প্ৰাৰ্থিত্ব প্ৰদানৰ বাবে উঠি-পৰি লগাৰ বিপৰীতে গৌৰৱ গগৈয়ে জয়ন্ত বৰাক প্ৰাৰ্থিত্ব প্ৰদানৰ পোষকতা কৰে৷ তাৰ পূৰ্বে অসম সন্মিলিত মৰ্চাই সমষ্টিটো চিপিআইএমএলক এৰি দিয়াৰ দাবী জনায়৷ ‘অসম’ মৰ্চাই বিহালীত বিবেক দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ আকোৰগোজ হৈ পৰে৷ কিন্তু বিগত ২৮ বছৰত কোনো এটা নিৰ্বাচনতে বিবেক দাসে আশাব্যঞ্জক ভোট লাভ নকৰা বাবে ‘অসম’ৰ দাবী মানি ল’বলৈ অস্বীকাৰ কৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বই৷ ভূপেন বৰাই ‘অসম’ৰ সভাপতিৰূপে বিবেক দাসৰ নাম কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ পৰা অনুমোদন কৰি আনিবলৈ অপাৰগ হৈ কাৰ্যতঃ বিবেক দংশনত ভোগে৷ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাৰ উদ্ধৃতি দি তেওঁ অসম সন্মিলিত মৰ্চাক বিবেক দাসৰ পৰিৱৰ্তে আন নেতাৰ নাম প্ৰস্তাৱ কৰিবলৈ অনুৰোধ জনায়৷ কিন্তু মৰ্চাই এই অনুৰোধ ৰক্ষা নকৰাত বাধ্য হৈ তেওঁ অসম সন্মিলিত মৰ্চাৰ সভাপতি পদৰ পৰা পদত্যাগ কৰে৷