ৰবাব টেঙাৰ ঔষধি গুণ
ৰবাব টেঙা আমি সকলোৱে চিনো৷ আমি প্ৰায় সকলোৱেই খাওঁ ৰবাব টেঙা৷ ‘চাইট্ৰাছ মেক্সিমা’ বৈজ্ঞানিক নামেৰে জনাজাত ৰবাব টেঙা ৰাজ্যৰ ভিন্ন প্ৰান্তত পোৱা যায়৷
- শীতকালীন ফল ৰবাব টেঙাত বিভিন্ন পুষ্টিকৰ উপাদান আছে৷ প্ৰতি ১০০ গ্ৰাম ৰবাব টেঙাত থকা পুষ্টিকৰ উপাদান ক্ৰমে– শৰ্কৰা ৯.৬২ গ্ৰাম, খাদ্য আঁহ ৰ গ্ৰাম, চৰ্বি ০.০৪ গ্ৰাম, প্ৰ’টিন ০.৭৬ গ্ৰাম, ০.০৩৪ মিলিগ্ৰাম অৰ্থাৎ ৩ শতাংশ ভিটামিন বি-১, ০.০২৭ মিলিগ্ৰাম ভিটামিন বি-২ অৰ্থাৎ ২ শতাংশ, ০.২২ মিলিগ্ৰাম ভিটামিন বি-৩ অৰ্থাৎ ২ শতাংশ, ০.০৩৬ মিলিগ্ৰাম ভিটামিন বি-৬ অৰ্থাৎ ৩ শতাংশ, ৬১ মিলিগ্ৰাম ভিটামিন চি অৰ্থাৎ ৭৩ শতাংশ, আইৰন ০.১১ মিলিগ্ৰাম, মেগনেছিয়াম ৬ মিলিগ্ৰাম, মেংগানিজ ০.০১৭ মিলিগ্ৰাম, ফছফৰাছ ১৭ মিলিগ্ৰাম, পটাচিয়াম ২১৬ মিলিগ্ৰাম, ছ’ডিয়াম ১ মিলিগ্ৰাম, জিংক ০.০৮ মিলিগ্ৰাম আদি৷ সেয়ে ৰবাব টেঙা খাই আমি নিজৰ দেহৰ নানা উপকাৰ সাধিব পাৰোঁ৷
- কেলচিয়াম, লো, তাম, জিংক, মেংগানিজকে ধৰি বিভিন্ন খনিজ পদাৰ্থৰ ভঁৰাল ৰবাব টেঙা খালে হাড় শক্তিশালী আৰু স্বাস্থ্যৱান হয়৷ তদুপৰি ই আঁহযুক্ত বাবে কোষ্ঠকাঠিন্যৰ সমস্যাতো উপকাৰী৷ ৰবাব টেঙাত যথেষ্ট পৰিমাণে পলিফেলেন, ফ্লেভোনইড এস্কৰ্বিক এচিড আদি এণ্টিঅক্সিডেণ্ট থাকে, যি হৃদযন্ত্ৰৰ বাবেও উপকাৰী৷
- শীতকালীন ফলবিধ খালে আমাৰ দৃষ্টিশক্তি বৃদ্ধি পায়৷ তদুপৰি ৰেডিকেলৰ ক্ষতি, ব্ৰন, দাগ, জ্বলা-পোৰাকে ধৰি ছালৰ বিভিন্ন সমস্যাৰ সমাধানত সহযোগিতা আগবঢ়োৱাৰ লগতে ৰবাব টেঙাই ছাল উজ্জ্বল কৰি ৰাখে৷
- চুলি সৰা, অকালপক্বতা আদিত উপকাৰী ৰবাব টেঙাই চুলিক সুন্দৰতা আৰু সুস্থতা প্ৰদান কৰে৷ আনকি ৰবাব টেঙা খালে বিভিন্ন কৰ্কট ৰোগ– বিশেষকৈ হাঁওফাঁওৰ কৰ্কট, প্ৰষ্টেট কৰ্কট আৰু অগ্ন্যাশয়ৰ কৰ্কট আদিৰ দুৰ্ভাবনা হ্ৰাস কৰে৷ ৰবাব টেঙা মধুমেহ ৰোগীৰ বাবেও অপকাৰী নহয়৷ অৱশ্যে, পৰিমিত হিচাপে সেৱন প্ৰয়োজনীয়৷
- বদহজম, জ্বৰ, কাহ, এলাৰ্জীৰ সমস্যা, ৰক্তহীনতা, বয়সৰ ছাপ, প্ৰস্ৰাৱজনিত সমস্যা, মেদবহুলতা আদিতো উপকাৰী ৰবাব টেঙাত থকা ভিটামিন-চিয়ে দাঁতৰ স্বাস্থ্য অটুট ৰাখে৷ ই দাঁতৰ আলুৰ পৰা তেজ ওলোৱাতো উপকাৰী৷ কৃমিৰ সমস্যাতো ৰবাব টেঙা খালে সুফল পোৱা যায়৷ আনকি ৰবাব টেঙা খালে ষ্ট্ৰ’ক, হাৰ্ট এটেক আদিৰ সমস্যাৰ পৰাও কিছুপৰিমাণে নিলগত থাকিব পাৰি৷
যুগুতালেঃ স্বপ্ন দাস
ফোনঃ ৭০০২০-২৫০৪৩