উক্তি-বক্ৰোক্তি
আজি আমি চীনৰ সৈতে চুক্তি কৰি যিটো স্থিতিত উপনীত হ’লোঁ তাৰ বাবে যথেষ্ট কৃতিত্ব সেনাবাহিনীৰো প্ৰাপ্য৷ তেওঁলোকে এটা ঠাইতে অৱস্থান গ্ৰহণ কৰি থকাটো আমি কূটনৈতিক আলোচনাৰে সমস্যা সমাধান কৰাৰ সমানেই গুৰুত্বপূৰ্ণ৷
– বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ
কংগ্ৰেছে ২০ শতাংশ টিকট বিক্ৰী কৰে৷ ময়ো কংগ্ৰেছত আছিলোঁ৷ তেতিয়াও ১০০টা টিকটৰ ২০টা কংগ্ৰেছে বিক্ৰী কৰিছিল৷ সেই বিক্ৰী কৰা টিকটৰ ধনেৰে দলটোৱে নিৰ্বাচন খেলে৷
– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
‘ভুল ভুলায়া-২’ কৰিবলৈ মই ভয় খাইছিলোঁ৷ কিয়নো, যদি মই আশা কৰাৰ দৰে অভিনয় কৰিব নোৱাৰোঁ বা কিবা ভুল কৰি পেলাওঁ, তেন্তে প্ৰথমখনৰ কৃতিত্ব নোহোৱা হৈ পৰিব আৰু নতুন ছবিখনো পণ্ড হ’ব৷
– অভিনেত্ৰী বিদ্যা বালান
বিজেপি দল অহংকাৰী৷ অসমৰ ৰাইজৰ হাঁহি বিজেপি দলে সহ্য কৰিব নোৱাৰে৷
– কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ
কানাডাৰ ৰাষ্ট্ৰপ্ৰধান জাষ্টিন ট্ৰুডো মই দেখাত সদায়েই এদল খালিস্তানী বিচ্ছিন্নতাবাদীৰে আবেষ্টিত হৈ থাকে৷ দেশৰ নিৰ্বাচনত শিখ ভোট লাভৰ বাবেই তেওঁ কানাডাৰ শিখসকলক তোষামোদ কৰে৷
– কানাডাৰ পৰা প্ৰত্যাহাৰ কৰা উচ্ছায়ুক্ত সঞ্জয় বাৰ্মা
গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ মাজত সংঘাত চলি আছে৷ দুয়োৰে মাজত ভয়ানক বিসম্বাদ চলি আছে৷ দুয়োৰে মাজত ক্ষমতাকেন্দ্ৰিক প্ৰতিযোগিতা চলিছে৷ এই প্ৰতিযোগিতাত উফৰি গৈছে ভূপেন বৰা৷
– বিধায়ক অখিল গগৈ
মোৰ প্ৰিয় ৱেইনাড়ৰ ভাই-বন্ধুসকলে ভয়ংকৰ ভূমিস্খলনৰ পাছত যিদৰে এতিয়াৰ অৱস্থালৈ উভতি আহিল, সেয়া প্ৰশংসনীয়৷ পৰিয়ালৰ সদস্যক হেৰুৱায়ো তেওঁলোকে এতিয়া অহোপুৰুষাৰ্থ কৰি স্বাভাৱিক অৱস্থালৈ উভতি আহিবলৈ সক্ষম হৈছে৷
– ৱেইনাড়ৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰিয়ংকা গান্ধী
এই পৰাজয়ৰ পাছত মই দলটোৰ ‘পোষ্টমৰ্টেম’ কৰিব নোখোজোঁ৷ এইটো দলেই বহু শক্তিশালী দলৰ বিৰুদ্ধে বিজয় অৰ্জন কৰিছে৷ দলৰ আভ্যন্তৰীণ সাল-সলনিৰো কোনো কাৰণ নেদেখোঁ৷ দলীয় সতীৰ্থৰ শক্তি আৰু সামৰ্থ্যত বিশ্বাস কৰি পৰৱৰ্তী মেচত নামিম৷
– টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মা
ট্ৰাম্প ৰাষ্ট্ৰপতি হ’লেই আমেৰিকাত পৰ্ণ চিনেমা নিষিদ্ধ কৰিব আৰু পৰ্ণ ছবি উদ্যোগৰ সৈতে জড়িত সকলোকে জে’লত ভৰাব৷ ৰিপাব্লিকান দলৰ ইস্তাহাৰ ‘প্ৰজেক্ট-২৫’ৰ প্ৰথম দফাতেই কঠোৰ সোঁপন্থী দলটোৱে সেই কথা লিখিছে৷
– পৰ্ণ তাৰকা হলী ৰেণ্ডেল






