ডায়েবেটিছ ৰোগীৰ বাবে কল পচলা উপকাৰী
কল পচলা শৰীৰৰ বাবে উপকাৰী৷ কল পচলাত আইৰণ, পটাছিয়াম, ভিটামিন-বি আৰু প্ৰচুৰ পৰিমাণে আঁহ জাতীয় উপাদান পোৱা যায়৷
- ইউৰিক এচিডৰ সমস্যাৰ বাবে কল পচলা অতি উপকাৰী৷ ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত পচলাই ঔষধৰ দৰে কাম কৰে৷ পচলাত থকা ভিটামিন-‘বি’ য়ে ইনচুলিন উৎপন্ন হোৱাত সহায় কৰে৷ কল পচলাত থকা আইৰণ আৰু ভিটামিন-বি গোটে ৰক্তহীনতা দূৰ কৰাত সহায় কৰে৷
- পচলাত থকা পটাছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে৷ হৃদযন্ত্ৰ আৰু স্নায়ুক সৱল কৰি ৰাখে৷ ফেটি লিভাৰ, জণ্ডিচ আদি লিভাৰজনিত বিভিন্ন সমস্যাত পচলা অতি উপকাৰী৷
- পচলাই শৰীৰৰ অলাগতিয়াল বৰ্জ্য পদাৰ্থসমূহ প্ৰস্ৰাৱ আৰু পাইখানাৰ যোগেদি বাহিৰ কৰাত বিশেষভাৱে সহায় কৰে ৷
- কল পচলাই কিডনিত পাথৰ হোৱা প্ৰতিৰোধ কৰে৷ প্ৰস্ৰাৱৰ বিভিন্ন সমস্যাতো পচলা অতি উপকাৰী৷
- কলেষ্টৰলৰ সমস্যাটো পচলা খালে সুফল পোৱা যায়৷ পচলাত প্ৰচুৰ পৰিমাণে আঁহ জাতীয় পদাৰ্থ থকাৰ বাবে কোষ্ঠকাঠিন্যতা দূৰ কৰাত সহায় কৰে৷