Logo
image

চৰকাৰী অনুদানৰ পাছত

২০১৬ চনৰ পৰাই অসম চৰকাৰে আৰম্ভ কৰা হিতাধিকাৰীৰ সৃষ্টি প্ৰক্ৰিয়াই ইতিমধ্যে সাঙুৰি লৈছে প্ৰায় দুই কোটি নাগৰিকক৷ অৰ্থনৈতিক অৱস্থা বেয়া হোৱা হেতুকে অসমৰ নাগৰিকক বিভিন্ন আঁচনিৰ জৰিয়তে উপকৃত কৰাত কৃপণালি কৰা নাই ৰাজ্য চৰকাৰে৷ বৰ্তমান অসমৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা পৰিয়ালক আৰ্থিক সকাহ দিবলৈ ৰূপায়ণ কৰি থকা অৰুণোদয় আঁচনিৰ অধীনত মাহেকত ১২৫০ টকা পৰিশোধ কৰি আহিছে ৰাজ্য চৰকাৰে৷ ২০২১ চনৰ বিধানসভা নিৰ্বাচনত প্ৰচাৰৰ বাবে গ্ৰহণ কৰা মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাই আঁচনিয়ে ইতিমধ্যে প্ৰায় ১৫০০০ কোটি টকা ৰাজকোষৰ পৰা স্থানান্তৰিত কৰিছে বিত্তীয় প্ৰতিষ্ঠানলৈ৷ ২০০৫ চনত অসম চৰকাৰে আৰম্ভ কৰা আনন্দৰাম বৰুৱা বঁটাৰ বাবদ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰিছিল বিনামূলীয়া লেপটপ৷ ২০২৩ বৰ্ষৰ পৰা চৰকাৰে উক্ত বঁটাৰ অধীনত উচ্ছতৰ মাধ্যমিক পৰীক্ষা পাছ কৰা ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰি আহিছে বিনামূলীয়া স্কুটী৷ উচ্ছ শিক্ষাত বিনামূলীয়া নামভৰ্তিৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে ২০১৬ চনৰ পৰা ৰূপায়ণ কৰা প্ৰজ্ঞান ভাৰতী আঁচনিখনে ইতিমধ্যে সুবিধা দিছে ছাত্ৰ-ছাত্ৰীসকলক৷ ৰাজ্যৰ বিধানসভাত বিল পাছ কৰাই কলেজ আৰু মহাবিদ্যালয়ৰ ছাত্ৰীৰ বাবে হাত খৰচৰ ব্যয় আৰু হোষ্টেলৰ ব্যয় পৰিশোধৰ ব্যৱস্থা কৰিছে চৰকাৰে৷ প্ৰকৃততে অসমত বৰ্তমান হিতাধিকাৰী সৃষ্টিৰ এক প্ৰতিযোগিতা চলি থকাৰ প্ৰৱণতা প্ৰত্যক্ষ কৰা যায় চৰকাৰৰ বিভিন্ন বিভাগত৷ নীতি আয়োগৰ তথ্যমতে ২০২১ বৰ্ষত অসমত বাস কৰা দৰিদ্ৰ নাগৰিকৰ সংখ্যা প্ৰায় আশী লাখ৷ অথচ অসম চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা হৈছেগৈ প্ৰায় দুই কোটি৷ ৰাজ্য চৰকাৰৰ এনেবোৰ আঁচনি গ্ৰহণ কৰাত নাথাকে একো বাধা৷ বৰং চৰকাৰৰ এনেবোৰ পদক্ষেপৰ থাকে যুক্তিযুক্ততা৷প্ৰশ্নটো হৈছে যে এখন কল্যাণকামী ৰাজ্যত চৰকাৰৰ দায়িত্ব হিতাধিকাৰী সৃষ্টিতেই ক্ষান্ত থকাটো উচিত নে? কোনো এজন দৰিদ্ৰ নাগৰিকক মাহেকত এক নিৰ্দিষ্ট পৰিমাণৰ টকা আৰু চাউল প্ৰদান কৰি থকা প্ৰথাটো কিমান দিন বা মাহ বা বছৰ চলি থাকিব? কৃতিমান ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰি অহা বিনামূলীয়া স্কুটীখন ছাত্ৰ বা ছাত্ৰীগৰাকীৰ বৌদ্ধিক বিকাশত কিমান সহায়ক হ’ব? মাইক্ৰ’ফাইনেঞ্চৰ ঋণ মাফ কৰা মহিলাসকলে পৰৱতী সময়ত কিমান সফলতা দেখুৱাব পাৰিছে? বিনামূলীয়া উচ্ছ শিক্ষাত থকা অসমৰ প্ৰাদেশীকৃত মহাবিদ্যালয় সমূহে ছাত্ৰ-ছাত্ৰীৰ সফলতাত কিমান অৰিহণা দিব পাৰিছে?এখন ৰাজ্যৰ বিকাশ কেতিয়াও অনুদানৰ দ্বাৰা সম্ভৱ নহয়৷ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰাৰ কাৰণসমূহৰো অধ্যয়নৰ প্ৰয়োজনীয়তা আছে৷ অসমৰ চাহ বাগানত সেৱা আগবঢ়াই অহা শ্ৰমিকসকলে কিয় দৈনিক ১৮০-২০০ টকাৰ মজুৰিত পৰিয়াল চলাব লাগে তাৰো এক অধ্যয়নৰ প্ৰয়োজন৷ অসমৰ গ্ৰামাঞ্চলত বাস কৰা থলুৱা নাগৰিকসকলে কিয় কৃষিকৰ্মৰ প্ৰতি পিঠি দিছে বা অসমৰ দৰিদ্ৰ পৰিয়ালৰ শিক্ষিত যুৱক-যুৱতীসকলে কিয় উদ্যোগ কিম্বা বাণিজ্যৰ প্ৰতি অনীহা প্ৰকাশ কৰে তাৰো এক অধ্যয়নৰ প্ৰয়োজন৷ অসমত ব্যাপক হাৰত বৃদ্ধি পোৱা জনসংখ্যাৰ নিয়ন্ত্ৰণৰ বাবে কিয় মৌনতা অৱলম্বন কৰিছে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে?বৰ্তমান অসমত বিৰাজ কৰা ৰাজনৈতিক অস্থিৰতাৰ কাৰণসমূহ সূক্ষ্মভাৱে অনুধাৱন কৰাটো সমীচিত বুলি ভাবো৷ এচাম নাগৰিকে হিতাধিকাৰীৰ তালিকাত নিজৰ নামটো সুমুৱাই লাভ কৰা ১২৫০ টকাতেই জীৱনটো চলাই নিব বিচাৰিছে আৰু আন একচামে লুটি-পুতি খাইছে বজাৰত৷ এচাম নাগৰিক দৰিদ্ৰ সীমাৰেখাৰ তলতেই বছৰৰ পিছত বছৰ বাস কৰি আহিছে আৰু আন এচামে কম দিনতে নিজকে সমাজত ধনী হিচাপে প্ৰতিষ্ঠা কৰিছে৷ এনে এক ক্ষণত ৰাজ্য চৰকাৰে নিশ্চিত কৰা উচিত হিতাধিকাৰীৰ সময়সীমা৷ ৰাজ্যৰ ৰাজকোষত থকা প্ৰতিটো মুদ্ৰাৰ গমনৰ প্ৰকৃত পথ নিৰ্ধাৰণ কৰক৷ ৰাজনৈতিক লাভালাভৰ অৰ্থে যদিহে হিতাধিকাৰীৰ সৃষ্টি কৰা হয়, নিশ্চিতভাৱে এক বিৰূপ প্ৰভাৱ পৰিব অসমৰ বিকাশত৷ প্ৰতিটো দৰিদ্ৰ পৰিয়ালক অৰ্থনৈতিকভাৱে সবল কৰাৰ পদক্ষেপ লওক৷ অৰ্থনৈতিক কৰ্মত আত্মনিয়োগ কৰিবলৈ বাধ্য কৰাওক অসমৰ পৰিয়ালবোৰক৷ অন্যথা এটা দিন আহিব যে অসমীয়া জাতিটোক ভাৰতৰ বাকী নাগৰিকে হিতাধিকাৰীৰ জাতি বুলি ইতিকিং কৰিব৷ এইক্ষেত্ৰত মাইক্ৰ’ফাইনেঞ্চৰ জন্মদাতা বাংলাদেশৰ অৰ্থনীতিবিদ অধ্যাপক মুহাম্মদ ইউনুছৰ এষাৰি বাক্যৰ প্ৰযোজ্যতা আছে– ‘দৰিদ্ৰৰ ঘৰত জন্মগ্ৰহণ কৰাটো পাপ নহয় কিন্তু দৰিদ্ৰ হৈ মৃত্যু হোৱাটো পাপ৷’