Logo
image

শৰীৰ চৰ্চা কৰাৰ আগত বা পাছত কি খাব

নিয়মীয়াকৈ শৰীৰ চৰ্চা কৰিলে খাদ্যও সঠিকভাৱে খাব লাগিব৷ শৰীৰচৰ্চাৰ সৈতে খাদ্যাভ্যাসৰ ওতঃপ্ৰোত সম্পৰ্ক আছে৷ নিয়মিত শৰীৰ চৰ্চাৰ সৈতে কি খাব, কিমান খাব আৰু কেতিয়া খাব তাৰ সামগ্ৰিক বিন্যাসৰ ওপৰতে নিৰ্ভৰ কৰে স্বাস্থ্যৰ সাৰ্বিক উন্নতি৷ কিন্তু প্ৰশ্ন হয় শৰীৰ চৰ্চা কৰাৰ পূৰ্বে খোৱা উচিত নে শৰীৰ চৰ্চা কৰি উঠি খোৱা উচিত৷ বহুতৰে ধাৰণা যে খালী পেটে শৰীৰ চৰ্চা কৰিলে অধিক ফল পোৱা যায়৷ কিন্তু পুষ্টিবিদসকলৰ মতে শৰীৰ চৰ্চা কৰাৰ পূৰ্বে আৰু শৰীৰ চৰ্চা কৰি উঠি প্ৰ’টিন, শৰ্কৰা, ফেটছ, ভিটামিন সঠিকমাত্ৰাত নাথাকিলে স্বাস্থ্যৰ ক্ষতি হয়৷ এনে অৱস্থাত শৰীৰ চৰ্চা কৰাৰ পূৰ্বে আৰু শৰীৰ চৰ্চা কৰি উঠি দুয়োটা সময়তে খাদ্য খাব লাগে৷ উল্লেখ কৰা হ’ল শৰীৰ চৰ্চাৰ পূৰ্বে কি খাব আৰু শৰীৰ চৰ্চা কৰি উঠি কি খাব–

শৰীৰ চৰ্চাৰ পূৰ্বে:
পুষ্টিবিদসকলৰ মতে, পুৱাই শৰীৰ চৰ্চা কৰাৰ অন্ততঃ দহ-পোন্ধৰ মিনিট পূৰ্বে শুকান ফল বা বাদাম জাতীয় খাদ্য খাব লাগে৷ সন্ধিয়া শৰীৰ চৰ্চা কৰিব বিচাৰিলে অন্ততঃ এঘণ্টা পূৰ্বে খাদ্য খাব লাগে৷ শৰীৰ চৰ্চা আৰম্ভ কৰাৰ পূৰ্বে পৰ্যাপ্ত পৰিমাণে পানী খোৱা উচিত৷ দেহত পানীৰ পৰিমাণ কমিলে পেশীৰ ক্ষতি হয়৷ মনত ৰাখিব শৰীৰ চৰ্চাৰ পূৰ্বে চাহ বা কফি ভুলতো নাখাব৷ 



শৰীৰ চৰ্চাৰ পাছত কি খাবঃ 
১) শৰীৰ চৰ্চা কৰিলে ঘামৰ সৈতে দেহৰ পৰা পানী ওলাই যায়৷ ফলত শৰীৰ আৰ্দ্ৰ কৰি ৰাখিবলৈ পানী খোৱাৰ প্ৰয়োজন হয়৷ গতিকে দৈনিক শৰীৰ চৰ্চাৰ পাছত কিছু সময়ৰ মূৰে মূৰে পানী খাওক৷ 

২) ঘৰত গাখীৰ বা দৈ থাকিলে তাৰ সৈতে মনে বিচৰা ফল মিহলাই খাব পাৰে৷ 

৩) শৰীৰ চৰ্চাৰ পাছত দেহৰ ক্লান্তি দূৰ কৰাৰ বাবে প্ৰটিন জাতীয় খাদ্য খাব লাগে৷ এইক্ষেত্ৰত সিজোৱা কণী খাব পাৰে৷ 

৪) যি সকল নিৰামিষভোজী, তেওঁলোকৰ বাবে ছয়াবিন অতি উপকাৰী৷

৫) শৰীৰ চৰ্চাৰ পাছত আখৰোট, কাঠবাদাম আদিৰ দৰে প্ৰ’টিন আৰু ফাইবাৰযুক্ত খাদ্য খালে উপকাৰ পোৱা যায়৷ 

৬) শৰীৰ চৰ্চা কৰাৰ পাছত ভজা-পোৰা খাদ্য নাখাব৷ ইয়াৰ বিপৰীতে ছাটুৰ চৰ্বত খাব পাৰে৷