Logo
image

প্ৰলোভনৰ ৰাজনীতি

নিৰ্বাচনৰ দিন যিমানে ওচৰ চাপি আহিছে, ৰাজনৈতিক দলবোৰৰ প্ৰলোভনৰ ৰাজনীতি সিমানে বাঢ়িছে৷ জনসাধাৰণৰ মৌলিক সমস্যাসমূহ সমাধানত অকণো গুৰুত্ব নিদিয়া ৰাজনৈতিক দলসমূহে কেৱল প্ৰতিশ্ৰুতিৰ বন্যা বোৱাইছে৷ জনসাধাৰণৰ বিপদৰ সময়ত মাত এষাৰ দিবলৈ সময় নোহোৱা শাসকীয় দলৰ নেতাবোৰে এতিয়া ৰাইজৰ পদূলিয়ে পদূলিয়ে ভোট ভিক্ষা কৰি ফুৰিছে৷ ধনৰ বলত দলীয় টিকট লাভ কৰা অপৰাধীয়েও এতিয়া ৰাজনীতিৰ ক্ষেত্ৰখনত ভিৰ কৰিছে৷ ধনসৰ্বস্ব ৰাজনীতিত হিতাধিকাৰী সৃষ্টিৰে শাসন ক্ষমতা দখলৰ চেষ্টা চলাইছে ৰাজনৈতিক দলসমূহে৷ দুৰ্নীতি-অনিয়মত আকণ্ঠ নিমজ্জিত হৈ ক্ৰমাৎ দেশত অস্তিত্বহীন হোৱাৰ দিশে আগবঢ়া কংগ্ৰেছ দলে অসমৰ ভোটাৰক ইতিমধ্যে পাঁচটা গেৰাণ্টী– ‘কা’ বাতিলৰ গেৰাণ্টী, ৫ লাখ চৰকাৰী চাকৰিৰ গেৰাণ্টী, চাহ শ্ৰমিকক ৩৬৫ টকা দৈনিক মজুৰিৰ গেৰাণ্টী, ২০০ ইউনিটলৈ মাহিলী বিনামূলীয়া বিজুলীৰ গেৰাণ্টী, গৃহিণীলৈ মাহে ২,০০০ টকাকৈ দিয়াৰ গেৰাণ্টী দি পুনৰ ক্ষমতা দখলৰ চেষ্টা কৰিছে৷ ইফালে প্ৰায় এক কোটি হিতাধিকাৰী ইতিমধ্যে সৃষ্টি কৰা শাসকীয় বিজেপিয়ে আত্মনিৰ্ভৰ অসমৰ বাবে পুনৰ ১০টা সংকল্প লৈছে৷ এই সংকল্পসমূহ– বানমুক্ত অসম গঢ়া, বিস্তাৰিত অৰুণোদয় আঁচনিৰে মহিলা সবলীকৰণ, নামঘৰসমূহৰ সুদৃঢ়কৰণৰ লগতে সত্ৰৰ সুৰক্ষা, শিশুৰ উজ্জ্বল ভৱিষ্যতৰ নিশ্চয়তা, শুদ্ধ নাগৰিকপঞ্জীৰে অসমৰ অধিকাৰৰ নিশ্চয়তা, অসমৰ নাগৰিকৰ ৰাজনৈতিক অধিকাৰৰ সুৰক্ষা, দ্ৰুত নিয়োগ সৃষ্টি, আত্মনিৰ্ভৰ অসম নিৰ্মাণ, উদ্যমিতা গঢ়ি তোলা আৰু ভূমিৰ অধিকাৰ প্ৰদান কৰা৷ ঠিক সেইদৰে আন দলেও বিভিন্ন প্ৰতিশ্ৰুতি আগবঢ়াইছে ভোটাৰক আকৰ্ষণ কৰিবলৈ৷ কিন্তু যিখন ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ-প্ৰতিষ্ঠান বন্ধ হৈছে বা বন্ধ হোৱাৰ উপক্ৰম হৈছে, যিখন ৰাজ্যত প্ৰায় ৯০ হাজাৰ কোটি টকাৰ ধাৰ আছে, সেইখন ৰাজ্যত পুনৰ হিতাধিকাৰী সৃষ্টি কৰাৰহে আশ্বাস দিছে৷ আনহাতে, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম সম্পূৰ্ণ নকৰি সেই নাগৰিকপঞ্জী আসোঁৱাহপূৰ্ণ বুলি পেলাই থোৱা বিজেপি চৰকাৰে হয়তো হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ পাছতহে অসমত পুনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰিব৷ সেই নাগৰিকপঞ্জীয়ে খিলঞ্জীয়া অসমীয়াৰ জাতি-মাটি-ভেটি আৰু ভাষাৰ প্ৰতি যে চৰম ভাবুকি আনিব, সি নিশ্চিত৷ ইফালে ৰাজ্যৰ দুখীয়া লোকসকলক আকৰ্ষণ কৰাৰ উদ্দেশ্যে বিজেপিকে ধৰি আন দলেও মাইক্ৰ’ফাইনেন্সৰ পৰা লোৱা ঋণ ৰেহাই দিব বুলি ঘোষণা কৰিছে৷ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী সভাবোৰত আনকি এই মহিলাসকলক উদ্দেশ্যি এইদৰে কৈছে– ‘মাইক্ৰ’ফাইনেন্সৰ মানুহে ঋণৰ ধনৰ কথা ক’লে মোৰ নাম ক’বা’৷ প্ৰশ্ন হয়– ব্যক্তিগত খণ্ডত গঢ় লোৱা মাইক্ৰ’ফাইনেন্সসমূহে ঋণ দিয়াৰ পাছত সেই টকা ঘূৰাই নোলোৱাকৈ থাকিবনে? তদুপৰি হিমন্ত বিশ্ব শৰ্মাই নিজৰ ঘৰৰ পৰা সেই ধন পৰিশোধ কৰিবনে? যদিহে বে-আইনীভাৱে সেই বিত্তীয় প্ৰতিষ্ঠানসমূহে কাম-কাজ চলাই আছে, তেন্তে বিত্ত বিভাগৰ দায়িত্বত থকা মন্ত্ৰীজনে সেইবোৰ ইমানদিনে বন্ধ কৰিব পৰা নাই কিয়? এয়া বিত্তমন্ত্ৰীৰ অজ্ঞাতে হৈ থকা বুলি ক’লে কোনোবাই মানিবনে? ৰাজ্যখনৰ সাৰ্বিক উন্নয়নৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিলে ৰাইজে উন্নয়নৰ আধাৰতেই ভোট দিব৷ হিতাধিকাৰী সৃষ্টি কৰিবলৈ গৈ ৰাজকোষৰ ধন ব্যয় কৰি পুনৰ বিভিন্ন কৰ-কাটল বৃদ্ধি কৰি জনসাধাৰণৰ পৰাই সেই ধন নল’বনে? ক্ষমতাত থকা সময়ছোৱাত নিবনুৱা সমস্যা সমাধানৰ ব্যৱস্থা কৰিব নোৱৰা, উদ্যোগ-প্ৰতিষ্ঠান গঢ় দিব নোৱৰা, বান-খহনীয়া সমস্যা সমাধান কৰিব নোৱৰা, কৃষকৰ সমস্যা দূৰ কৰিব নোৱৰা আৰু কেন্দ্ৰৰ নিৰ্দেশ মতে ৰাজ্যৰ জনসাধাৰণৰ পৰিপন্থী বৃহৎ নদীবান্ধ নিৰ্মাণ কৰা, ‘কা’ আৰু ই আই এ ৰূপায়ণত কেন্দ্ৰীয় চৰকাৰক সহযোগিতা কৰা দলটোৰ পৰা অসম আত্মনিৰ্ভৰ যে হ’ব পাৰিব, সি অলীক কল্পনা মাথোন৷