Logo
image

টীম ইণ্ডিয়াৰ দৰ্প চূৰ্ণ

স্বদেশত অপ্ৰতিৰোধ্য বুলি ভাৰতীয় দলৰ যি এক সুনাম আছিল তাক একপ্ৰকাৰ ধূলিসাৎ কৰি দিলে নিউজীলেণ্ড ক্ৰিকেট দলে৷ তিনিখন টেষ্টৰ শৃংখলাৰ প্ৰথম দুখন টেষ্টত ৰোহিত শৰ্মাৰ দলটোক সকলো দিশতে বিপৰ্যস্ত কৰি ২-০১ অগ্ৰগতি লাভ কৰিলে৷ এতিয়া মুম্বাইত ১ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া অন্তিম টেষ্টত জয়ী হৈ হোৱাইট-ৱাছৰ পৰা হাত সৰাটোৱেই লক্ষ্য হ’ব ভাৰতৰ৷ শৃংখলাটো আৰম্ভ হোৱাৰ পূৰ্বে ভাৰতক বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ দাবীদাৰ হিচাপে গণ্য কৰা হৈছিল যদিও বেংগালুৰু আৰু পুনে টেষ্টত  দলটোৰ যি শোচনীয় প্ৰদৰ্শন দেখা গ’ল, তাৰ পাছত ভাৰতৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হোৱাৰ পথ যথেষ্ট কঠিন হৈ পৰিল৷ নিউজীলেণ্ডৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাত ভাৰত পৰাস্ত হোৱাৰ কাৰণ বিশ্লেষণ কৰিলে প্ৰথমেই ক’ব লাগিব বাংলাদেশৰ বিৰুদ্ধে দুখন টেষ্টৰ শৃংখলাত ক্লীন ছুইপ কৰাৰ পাছত হয়তো অত্যধিক আত্মবিশ্বাসী হৈ  আছিল ভাৰতীয় দলটো আৰু তাৰেই ফল ভোগ কৰিবলগীয়া হৈছিল দলটোৱে৷ বেংগালুৰুৰ বৰ্ষাবিঘ্নিত প্ৰথম টেষ্টৰ প্ৰথম ইনিংছত নিউজীলেণ্ডৰ পেচ আক্ৰমণে তচনচ কৰি পেলাইছিল ভাৰতৰ শক্তিশালী বেটিং লাইন-আপ৷ মাত্ৰ ৪৬ ৰানত ইনিংছ সামৰিবলগীয়া হৈছিল দলটোৱে৷ স্বদেশত দলটোৰ এনে বিপৰ্যয় অতি দুৰ্ভাগ্যজনক৷ প্ৰথম টেষ্টত অধিনায়ক ৰোহিত শৰ্মাই টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লোৱাটো এটা ডাঙৰ ভুল আছিল৷ পাছত অৱশ্যে অধিনায়কজনে সেই কথা স্বীকাৰো কৰি লৈছিল৷ ৰোহিত শৰ্মাই সেইদিনা প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত নোলোৱাহেঁতেন হয়তো ভাৰতীয় বেটাৰৰ তেনে দুৰ্দশা  নহ’লহেঁতেন৷ আনহাতে, পুনেৰ দ্বিতীয় টেষ্টত ভাৰতীয় বেটাৰ অসহায় হৈ পৰিছিল নিউজীলেণ্ডৰ স্পিনাৰ মিচেল ছেণ্টনাৰৰ সন্মুখত৷ দ্বিতীয় টেষ্টত ভাৰতৰ উভয় ইনিংছত ছেণ্টনাৰে দখল কৰিছিল ১৩টা উইকেট৷ ভাৰতৰ ৱাশ্বিংটন সুন্দৰেও খেলখনত ১১টা উইকেট দখল কৰিছিল৷ কিন্তু প্ৰশ্ন হৈছে, নিউজীলেণ্ডৰ স্পিনাৰৰ সন্মুখত ভাৰতীয় বেটাৰৰ এই দুৰৱস্থা হ’ল কিয়? বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটিং লাইন-আপৰ অধিকাৰী বুলি কোৱা হয় ভাৰতক৷ স্পিন বলাৰৰ সন্মুখত ভাৰতীয় বেটাৰ অতি শক্তিশালী বুলিও সুনাম আছে৷ কিন্তু সেই শক্তিশালী বেটিং লাইন-আপকে নিৰস্ত্ৰ কৰি পেলাইছিল নিউজীলেণ্ডৰ এজন স্পিনাৰে৷ নিউজীলেণ্ডৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ এই বিপৰ্যয়ৰ পাছত ভাৰতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলিব পাৰিবনে– এই মুহূৰ্তত দলটোৰ বাবে এয়া এক ডাঙৰ প্ৰশ্ন৷ পথ যথেষ্ট কঠিন৷ পৰৱৰ্তী ছখন  টেষ্টৰ অন্তত: পাঁচখনত জয়ী হোৱাৰ বিপৰীতে এখন টেষ্ট ড্ৰ ৰাখিব পাৰিলেহে ভাৰতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিব৷ বৰ্তমানৰ স্থিতিত এয়া যথেষ্ট কঠিন হ’ব বুলিয়েই বিবেচিত হৈছে৷ যদি পৰৱৰ্তী ছখন টেষ্টৰ পাঁচখনত জয়ী হ’ব নোৱাৰে, তেন্তে দলটোৱে আন দলৰ ফলাফললৈ অপেক্ষা কৰিবলগীয়া হ’ব৷  নিউজীলেণ্ডৰ বিৰুদ্ধে অন্তিম টেষ্টখনৰ পাছত ভাৰতে পাঁচখন টেষ্ট খেলিব অষ্ট্ৰেলিয়াত৷ অষ্ট্ৰেলিয়াত সাধাৰণতে পেচ বলাৰৰ সহায়ক পিট্‌চত প্ৰস্তুত কৰা হয়৷ স্বদেশত নিউজীলেণ্ডৰ পেচ বলাৰৰ সন্মুখতে অসহায় হৈ পৰিছিল ভাৰতীয় বেটাৰ,  তেনে স্থিতিত অষ্টে˜লিয়াত তেওঁলোকৰ প্ৰদৰ্শন কেনেকুৱা হ’ব? নিউজীলেণ্ডৰ বিৰুদ্ধে চলিত শৃংখলাটোৰ প্ৰথম দুখন টেষ্টত  ভাৰতীয় বেটিঙলৈ চালে দেখা যায় যে ক্ৰীজত অধিক সময় থকাৰ মানসিকতা যেন হেৰুৱাই পেলাইছে বেটাৰে৷ অত্যধিক সীমিত অভাৰৰ ক্ৰিকেটত ব্যস্ত থকাটোও ইয়াৰ এটা কাৰণ হ’ব পাৰে৷ এই বিষয়টোত নতুন প্ৰশিক্ষক গৌতম গম্ভীৰে গুৰুত্ব দিয়া উচিত৷ অষ্ট্ৰেলিয়াত ইতিপূৰ্বে টেষ্ট শৃংখলা জয় কৰিছে ভাৰতে৷ সেইবাবে আসন্ন শৃংখলাটোৰ বাবে অষ্টে˜লিয়াও সাজু হৈছে৷ তাৰ পূৰ্বে নিউজীলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় দলৰ দুৰৱস্থাই নি(য় উৎসাহিত কৰিব অষ্ট্ৰেলিয়াক৷