Logo
image

মহাকাশৰ পৰা দীপাৱলীৰ শুভেচ্ছাৰ লগতে ভোটদান সুনীতাৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩০ অক্টোবৰ : মহাকাশ কেন্দ্ৰত অনিচ্ছা সত্ত্বেও আবদ্ধ হৈ থকা ভাৰতীয় মূলৰ মাৰ্কিন মহাকাশচাৰী সুনীতা উইলিয়াম্‌ছে হিন্দু ধৰ্মাৱলম্বীৰ পোহৰৰ উৎসৱ দীপাৱলীৰ বাবে মহাকাশৰ পৰাই শুভেচ্ছা প্ৰেৰণ কৰিছে৷ উল্লেখ্য, যোৱা জুনত মহাকাশলৈ মাথোঁ ৮ দিনৰ বাবে যোৱা সুনীতা উইলিয়াম্‌ছ ষ্টাৰলাইনাৰ নামৰ বেচৰকাৰী কোম্পানীৰ মহাকাশযানখনত বিজুতি ঘটাৰ বাবে মহাকাশ কেন্দ্ৰতে বন্দী হৈ থাকিবলগীয়া হৈছে৷ আই এছ এছ অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত পৃথিৱীৰ পৰা ৪০০ কিলোমিটাৰ ওপৰত থকা সুনীতা উইলিয়াম্‌ছে তাৰপৰাই ভোটদান কৰিলে মাৰ্কিন ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত৷ উল্লেখ্য, ১৯৯৭ চনৰ পৰা নাছাই মহাকাশৰ পৰাই তাত থকা মহাকাশচাৰীয়ে ভোটদান কৰিব পৰাৰ ব্যৱস্থা কৰিছিল৷ তাৰপৰা প্ৰথম ভোটদান কৰিছিল ডেভিদ উল্‌ফে৷ শেষবাৰৰ বাবে ২০২০ চনত মহাকাশ কেন্দ্ৰৰ পৰা ভোট দিছিল কেট ৰুবিন্‌ছে৷মহাকাশ কেন্দ্ৰৰ পৰা ভোটদান কৰাৰ ক্ষেত্ৰত এটা দীঘলীয়া প্ৰক্ৰিয়া আছে৷


তাৰবাবে সুনীতা উইলিয়াম্‌ছে ‘ফেডাৰেল পোষ্ট কাৰ্ড’ আবেদনৰ প্ৰ-পত্ৰ পূৰণ কৰিবলগীয়া হৈছিল৷ তাৰ পাছত পূৰণ কৰিবলগীয়া হৈছিল আইএছএছত কম্পিউটাৰ ব্যৱস্থাত থকা বৈদ্যুতিন বেলটৰ আবেদন৷ বেলটত ভোটদান কৰাৰ পাছত সেই তথ্য উপগ্ৰহৰ জৰিয়তে প্ৰেৰণ কৰা হয় নিউ মেক্সিকোৰ নাছাৰ ‘হোৱাইট এণ্ড টেষ্ট ফেচিলিটী’ৰ এণ্টেনালৈ৷ তাৰ পৰা সেই তথ্য সুৰক্ষিতভাৱে প্ৰেৰণ কৰা হয় হিউষ্টনৰ জনছন স্পেচ চেণ্টাৰৰ মিছন কণ্ট্ৰ’ললৈ৷ হিউষ্টনৰ মিছন কণ্ট্ৰলে সেই তথ্য প্ৰেৰণ কৰে নিৰ্দিষ্ট কাউণ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ৷ ইমান হাত বাগৰি সুনীতাৰ ভোট আহিলেও সেই তথ্য কিন্তু ‘এনক্ৰিপ্টেড’, অৰ্থাৎ গোপন৷ কোনেও নাজানিব মহাকাশৰ পৰা সুনীতাই কাক সমৰ্থন জনাইছে, ট্ৰাম্প নে কমলা হেৰিছক৷এইবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত পোষ্টেল ভোটত অভিলেখ সৃষ্টি কৰিছে দেশৰ ভোটাৰে৷ যোৱা শনিবাৰৰ পৰা আৰম্ভ হোৱা পোষ্টেল ভোটত এইপৰ্যন্ত ৩.২৫ কোটি ভোটাৰে ভোটদান কৰিছে৷ এই আগতীয়া ভোটত ৰিপাব্লিকান প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্প আগবাঢ়ি থকা বুলি দলৰ সমৰ্থকে দাবী কৰিছে৷ উল্লেখ্য, আমেৰিকাত পোষ্টেল ভোটক দেশৰ বহু ভোটাৰে সো-শৰীৰে গৈ কৰা ভোটদানতকৈ অধিক গুৰুত্ব দিয়ে৷