টকা বিচাৰি থানাত ডিবি ষ্টকৰ বিনিয়োগকাৰী
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩১ অক্টোবৰ : হাজাৰ হাজাৰ লোকৰ কষ্টোপাৰ্জিত শ শ কোটি টকা আত্মসাৎ কৰি আত্মগোপন কৰা ডি বি ষ্টকৰ স্বত্বাধিকাৰী মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মন অৱশেষত পৰিল আৰক্ষীৰ জালত৷ গোৱাত গ্ৰেপ্তাৰ হোৱা প্ৰৱঞ্চক দীপাংকৰ বৰ্মনক বুধবাৰে টকা বিচাৰি থানাত ডিবি ষ্টকৰ পল্টন বজাৰ আৰক্ষীয়ে কামৰূপ মহানগৰ জিলা সত্ৰ ন্যয়াধীশৰ বিশেষ আদালতত হাজিৰ কৰোৱায়৷ পল্টন বজাৰ আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰা ৩৭৪/২০২৪ নম্বৰৰ গোচৰটোত গ্ৰেপ্তাৰ কৰা দীপাংকৰ বৰ্মনক ১৪ দিনৰ জিম্মাত বিচাৰি আবেদন জনাইছিল যদিও আদালতে অভিযুক্তটোক জ্জ দিনৰ বাবেহে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে৷ তিনি দিনৰ ট্ৰেনজিট ৰিমাণ্ড লৈ গোৱাৰ পৰা গুৱাহাটীলৈ অনা দীপাংকৰ বৰ্মনক বুধবাৰে প্ৰথমে কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজৰি কৰাই যদিও পাছত অভিযুক্তটোক অনিয়ন্ত্ৰিত জমা আঁচনি নিষিদ্ধ আইনৰ গোচৰৰ বিচাৰৰ বাবে গঠিত কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশৰ বিশেষ আদালতত হাজিৰ কৰোৱা হয়৷ সত্ৰ ন্যায়াধীশৰ বিশেষ আদালতে দীপাংকৰক ৭ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে৷ আশ্চর্যজনকভাৱে প্ৰৱঞ্চক দীপাংকৰক আদালতত হাজৰি কৰোৱা সময়ত অভিযুক্তটোৰ মুখমণ্ডল আছিল ভাৱলেশহীন৷ বৰঞ্চ আদালতত দীপাংকৰৰ লগতে তদন্তকাৰী আৰক্ষী বিষয়াই হাঁহি হাঁহি বাৰ্তালাপ কৰি থকাহে দেখা গৈছিল৷ অভিযুক্ত আৰু তদন্তকাৰী বিষয়াৰ এই হাঁহিক লৈ ভুক্তভোগী বিনিয়োগকাৰীসকলে ৰহস্যৰ গোন্ধ পোৱাৰ লগতে আদালতৰ চৌহদত ক্ষোভ ব্যক্ত কৰাও দেখা গৈছিল৷ লক্ষণীয়ভাৱে দীপাংকৰক জিম্মাত লৈ জেৰা কৰাৰ সমান্তৰালভাৱে সম্প্ৰতি কেন্দ্ৰীয় কাৰাগাৰত ন্যায়িক জিম্মাত থকা দীপাংকৰৰ প্ৰেয়সী মনালিছা দাসকো পুনৰ জিম্মাত লৈ দুয়োজনকে মুখামুখিকৈ জেৰা কৰাৰ সম্ভাৱনাও ব্যক্ত কৰিছে তদন্তকাৰী আৰক্ষীয়ে৷ উল্লেখ্য, দেওবাৰে গোৱাৰ এটা হোমষ্টেত আত্মগোপন কৰি থকা অৱস্থাত নগদ ২৭ লাখ টকাসহ দীপাংকৰক গ্ৰেপ্তাৰ কৰিলে যদিও দীপাংকৰে গ্ৰাহকৰ পৰা সংগ্ৰহ কৰা ধনৰ উৎসৰ সন্ধানতো তদন্ত আৰম্ভ কৰিছে মহানগৰ আৰক্ষীয়ে৷
বিনিয়োগকাৰীয়ে শ শ কোটি টকা আত্মসাৎ কৰা বুলি দীপাংকৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিলেও অভিযুক্তটোৰ বেংক একাউণ্টত জমা নাই বৃহৎ অংকৰ ধন৷ প্ৰেয়সী মনালিছা দাসৰ ভগ্নী অঞ্জলী দাসে গুৱাহাটীৰ পৰা হাৱালাৰ জৰিয়তে দীপাংকৰলৈ ধন প্ৰেৰণ কৰাত দীপাংকৰে সংগ্ৰহ কৰা ধন প্ৰেয়সী মনালিছা আৰু অঞ্জলীৰ সহযোগত লুকুৱাই ৰখাৰো সন্দেহ নুই কৰা নাই তদন্তকাৰী আৰক্ষীয়ে৷ ইফালে, দীপাংকৰক গ্ৰেপ্তাৰ কৰি গোৱাৰ পৰা গুৱাহাটীলৈ অনাৰ পাছতেই বৰঝাৰৰ বিমানবন্দৰৰ লগতে পাণবজাৰ থানাত ভিৰ কৰা দেখা গ’ল শ শ বিনিয়োগকাৰীক৷ যাৰ বাবে পল্টন বজাৰ থানাত ৰুজু হোৱা গোচৰটোত নিৰাপত্তাৰ স্বাৰ্থতেই দীপাংকৰ দাসক পল্টন বজাৰ থানাৰ পৰিৱৰ্তে পাণবজাৰ থানাত ৰখাৰ ব্যৱস্থা কৰিছে তদন্তকাৰী আৰক্ষীয়ে৷ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে বৈধ প্ৰক্ৰিয়াৰে বিনিয়োগ কৰাসকলে ধন ঘূৰাই পোৱাৰ আশা ব্যক্ত কৰাৰ পাছতেই মঙলবাৰে নিশা আৰু বুধবাৰে পুৱাৰে পৰা বিনিয়োগকাৰীয়ে ভিৰ কৰে পাণবজাৰ থানাত৷ পাণবজাৰ থানাত পুৱাৰে পৰা অপেক্ষা কৰি থকা নাম প্ৰকাশত অনিচ্ছুক এজন বিনিয়োগকাৰীয়ে ডি বি ষ্টকত ২১ লাখ টকা বিনিয়োগ কৰা বুলি জানিবলৈ দিয়ে৷ তদুপৰি দীপাংকৰৰ সন্ধানত গুৱাহাটীলৈ অহাৰ হায়দৰাবাদৰ এজন বিজেপি নেতাই ডি বি ষ্টকৰ হায়দৰাবাদৰ কাৰ্যালয়ৰ জৰিয়তে ৪ কোটি ৪০ লাখ টকা বিনিয়োগ কৰাৰো অভিযোগ লাভ কৰিছে আৰক্ষীয়ে৷ দীপাংকৰে বিনিয়োগকাৰীক প্ৰথমে ৫-৬ মাহলৈ নিয়মীয়াকৈ সুত প্ৰদান কৰি অহাই নহয়, সুতৰ ধন জমা হোৱাৰ কথা ব্যক্তিগতভাৱে মেছেজ কৰিও বিনিয়োগকাৰীক অৱগত কৰিছিল৷ দীপাংকৰৰ পৰা এই সঁহাৰি লাভ কৰিয়েই প্ৰৱঞ্চনাৰ জালত বন্দী হোৱা বিনিয়োগকাৰীয়ে অধিক মুনাফাৰ আশাত বিনিয়োগৰ ধনৰ পৰিমাণ বৃদ্ধি কৰিছিল৷ আনকি দীপাংকৰৰ এই প্ৰৱঞ্চনাত বেংকৰ এজেণ্ট জড়িত থকাৰো অভিযোগ উঠিছে৷ বেংকৰ এজেণ্টে ব্যক্তিগত ঋণ লোৱা ব্যক্তিক দীপাংকৰৰ ডি বি ষ্টকত ধন বিনিয়োগৰ বাবেও পৰামৰ্শ তথা হেঁচা প্ৰয়োগ কৰিছিল৷ ৰঙিয়াৰ ছামেদুৰ ৰহমান আৰু জিণ্টুমণি কলিতা নামৰ দুটা দালালৰ কথাত ভোল গৈ ৰঙিয়াৰ এজন যুৱকে পিতৃৰ পেঞ্চনৰ ধনৰ লগতে ঋণ লৈ দীপাংকৰৰ ওচৰত ৯০ লাখ টকা বিনিয়োগৰ কথা প্ৰকাশ কৰিছে৷ মুঠৰ ওপৰত দীপাংকৰৰ ডি বি ষ্টকত ধন বিনিয়োগ কৰি এতিয়া শ শ লোকে পাণবজাৰ থানাৰ সন্মুখত ভিৰ কৰা পৰিলক্ষিত হৈছে৷ অৱশ্যে অধিক লাভৰ আশাত কষ্টোপাৰ্জিত ধন বিনিয়োগ কৰা সাধাৰণ লোকসকলে সুতৰ কথা বাদেই, মূলধনখিনিও ঘূৰাই পাবলৈ দীঘলীয়া সংগ্ৰাম অৰ্থাৎ বছৰ বছৰ জুৰি যে অপেক্ষা কৰিব লাগিব সেয়া ধ্ৰুৱ সত্য৷ ইফালে, দীপাংকৰৰ বিৰুদ্ধে হায়দৰাবাদতো এটা গোচৰ ৰুজু হোৱাত দীপাংকৰক জিম্মাত লোৱাৰ বাবে হায়দৰাবাদ আৰক্ষীয়ে গুৱাহাটী আৰক্ষীৰ সৈতে যোগাযোগ কৰিছে৷ ইতিমধ্যে চিবিআয়ে ডি বি ষ্টকৰ হায়দৰাবাদৰ কাৰ্যালয়তো তালাচী চলাইছে৷