দীপাৱলীত আলোকেৰে উদ্বেলিত অসম
‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ১ নবেম্বৰ : সমগ্ৰ দেশ তথা ৰাজ্যজুৰি পোহৰৰ উৎসৱ দীপাৱলীকলৈ এক উৎসৱ মুখৰ পৰিৱেশ বিৰাজ কৰিছে৷ প্ৰতি বছৰে কাতি মাহৰ কৃষ্ণ পক্ষৰ অমাৱস্যা তিথিত সমগ্ৰ দেশতে দীপাৱলী উৎসৱ পালন কৰা হয়৷ এইবাৰ কাতি মাহৰ অমাৱস্যা তিথি বৃহস্পতিবাৰে বিয়লি ৩ বাজি ৫২ মিনিটৰ পৰা আৰম্ভ হয় আৰু পহিলা নৱেম্বৰৰ সন্ধিয়া ৬ বাজি ১৮ মিনিটত সমাপ্ত হ’ব৷ ৰাজ্যজুৰি বৃহস্পতিবাৰে শক্তিৰ আৰাধ্যা দেৱী ‘মা কালী’ৰ পূজা কৰা হয়৷ এইবাৰ দুই, তিনি দিনীয়া কাৰ্যসূচীৰে ৰাজ্যৰ ঠায়ে ঠায়ে শ্যামা পূজাৰ আয়োজন কৰা হৈছে৷ গুৱাহাটীৰ দিশপুৰ শ্লুইছ গেট কালী মন্দিৰত বিগত বৰ্ষসমূহৰ দৰে এই বেলিও দিশপুৰ শ্লুইছ গেট কালী মন্দিৰত কালী মন্দিৰ পৰিচালনা সমিতিয়ে বৃহস্পতিবাৰে আৰু ৰ নৱেম্বৰত, ৩৮ সংখ্যক কালী পূজা বহল পৰিসৰত আয়োজন কৰিছে৷ মূল পূজা ভাগ বৃহস্পতিবাৰে নিশা ১০ বজাত আৰম্ভ হয় আৰু ভোগ বিতৰণ মাজনিশা ১.৩০ বজাৰ পৰা চলে৷ তদুপৰি পহিলা নৱেম্বৰ পৰ্যন্ত চলিবলগীয়া এইবাৰৰ কালী পূজাত জাতি-ধৰ্ম-ভাষা নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজৰ উপস্থিতি তথা সহায়-সহযোগিতা কামনা কৰিছে উদ্যোক্ত সমিতিয়ে৷ ইফালে ১ নৱেম্বৰৰ পুৱা ৪ বজাৰ পৰা ৮ বজালৈ বিশেষ ভোগ বিতৰণ চলিব বুলিও উদ্যোক্তাসকলে লগতে উল্লেখ কৰিছে৷ আজাৰা ৰাজহ চক্ৰ এলেকাৰ কাঁহিকুছিস্থিত কলীয়াঠাকুৰ পুথিভঁৰাল প্ৰাংগণত বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়াকৈ কালী পূজাৰ আয়োজন কৰা হৈছে৷
গুৱাহাটীৰ লাখটকীয়া কৰ্ণেল জে. আলী ৰোডস্থিত জুৱেলাৰ্চ এছ’চিয়েচনে ১৯৪৫ চনৰ পৰাই কালী পূজাৰ আয়োজন কৰি আহিছে৷ এইবাৰ ৭৬ তম শ্ৰীশ্ৰী শ্যামা পূজা বৃহস্পতিবাৰে পালন কৰা হয়৷ বৃহস্পতিবাৰ পুৱা ১১.০০ দেবীৰ আহ্বান, সন্ধিয়া ৮.৪৫ বজাত দেবীৰ বোধন নিশা ৯.০০ বজাত শ্ৰীশ্ৰী শ্যামা পূজা কৰা হয়৷ নিশা ৩.০০ বজাৰ পৰা নিশা ৩.৩০ বজালৈ অঞ্জলি প্ৰদান কৰাৰ পাছত শুকুৰবাৰে পুৱা ১০.০০ বজাৰ পৰা প্ৰসাদ বিতৰণ কৰা হ’ব৷ আনহাতে শনিবাৰে আবেলি ৪.০০ বজাত শোভাযাত্ৰা সহ দেবীৰ বিসৰ্জন দিয়া হ’ব৷ এই পূজা বিশ্ব শান্তিৰ বাবে কৰা হৈছে বুলি উপ- সভাপতি নয়ন ধৰে জানিবলৈ দিয়ে৷ এই পূজাত প্ৰচাৰ সম্পাদক ৰাজেন্দ্ৰ প্ৰসাদৰ লগতে সভাপতি অৰুণ কুমাৰ সান্যাল, সম্পাদক দীপক সাহাই ভক্ত প্ৰাণ ৰাইজৰ সহযোগিতাৰ বাবে ধন্যবাদ জনায়৷ শুকুৰবাৰে পালন কৰা হ’ব পোহৰৰ উৎসৱক দীপাৱলী৷ দীপাৱলী উপলক্ষে এতিয়া সমগ্ৰ দেশ তথা ৰাজজুৰি উখল-মাখল পৰিবেশ বিৰাজ কৰিছে৷ গুৱাহাটীৰ লগতে ৰাজ্যৰ বজাৰসমূহত অভাৱনীয় ভিৰ পৰিলক্ষিত হৈছে৷ ঘাইকৈ গহনালয়, শ্বপিং মল, ইলেক্টªনিক সা-সামগ্ৰীৰ প্ৰতিষ্ঠান, আতছবাজীৰ দোকান আদিত গ্ৰাহকৰ ভিৰ যথেষ্ট বৃদ্ধি পাইছে৷ বজাৰসমূহত এইবাৰ থলুৱা মাটিৰ চাকিৰ প্ৰাদুৰ্ভাব বৃদ্ধি পাইছে৷ বিগত বৰ্ষতকৈ চাকিসমূহৰ মূল্য প্ৰায় ২০ শতাংশ বৃদ্ধি পাইছে৷ আলোকসজ্জাৰে ৰঙীন সংশ্লিষ্ট প্ৰায় মায়াময় হৈ পৰিছে ৰাজ্য৷ ৰং-বিৰঙী আলোকেৰে ৰঙীন হৈ পৰিছে ৰাজ্যৰ পৰিবেশ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে দীপান্বিতাৰ ব্যাপক আয়োজন৷ ৰং-বিৰঙী বৈদু্যতিক আলোকসজ্জাৰ বজাৰত চীনৰ সামগ্ৰীৰ পয়োভৰ হৈছে যদিও আতচবাজী-মাটিৰ চাকিৰ বজাৰ দখল কৰিছে দেশীয় সামগ্ৰীয়ে৷ দেশীয় ফটকা, মাটিৰ চাকিয়ে এইবাৰ দখল কৰিছে প্ৰায় ৮০ শতাংশ বজাৰ৷ শিৱকাশী, পশ্চিমবংগ আদিৰ আতচবাজীয়ে বজাৰ দখল কৰিছে যদিও গ্ৰাহকক আকৰ্ষণৰ বাবে দিল্লী, নয়ডা, গাজিয়াবাদ, গুজৰাট আদিৰ কোম্পানীত প্ৰস্তুত হোৱা বৈদু্যতিক আলোকসজ্জাসমূহ বজাৰত উভৈনদী হৈ পৰিছে যদিও কম দামী চীনা বৈদু্যতিক আলোকসজ্জাৰ চাহিদা অধিক হোৱা ৰাই দেখা গৈছে৷ ইপিনে মাটিৰ চাকিৰেও ভৰি পৰিছে বজাৰ৷ গুৱাহাটীৰ ফাঁচীবজাৰত বিজয়নগৰকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কুমাৰে প্ৰস্তুত কৰা মাটিৰ চাকিয়ে লাভ কৰিছে বিশেষ সমাদৰ লাভ কৰিছে৷ ইতিমধ্যে বিগত দুটা দিন ধৰি ভক্তপ্ৰাণ ৰাইজে নিজ নিজ গৃহতকে বৈদু্যতিক আলোকসজ্জাসমূহ সংস্থাপনৰ দিহা কৰিছে৷
গাঁৱে-ভূঞে কলপুলি পুতি, তাত মাটিৰ চাকি, মমবাতি জ্বলোৱাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে৷ এতিয়া পোহৰৰ উৎসৱ দীপান্বিতাৰ পোহৰেৰে নিজৰ জীৱন পোহৰাই তুলিবলৈ উঠিপৰি লাগিছে ভক্তিপ্ৰাণ ৰাইজে৷ বুধবাৰে সন্ধিয়া সদৰি কৰা অনুসৰি বংগোপ সাগৰত শেহতীয়াভাৱে সৃষ্টি হোৱা বতৰৰ কেতবোৰ পৰিৱৰ্তন - পৰিঘটনা আৰু নিম্নচাপৰ বাবে মঙলবাৰে নিশাৰে পৰা অসমকে ধৰি উত্তৰ পূব ভাৰতৰ কেবাখনো ৰাজ্যৰ আকাশ ডাৱৰীয়া হৈ আছে৷ আনকি বুধবাৰ সন্ধিয়া পৰ্যন্ত অসমৰ কেতবোৰ ঠাইত পাতলীয়া বৰষুণ আৰু কিছু কিছু ঠাইত মজলীয়াৰ পৰা ধাৰাষাৰ পৰিমাণৰ বৰষুণ হৈছে৷ আনকি আগন্তুক দুটা দিনটো অৰ্থাৎ পহিলা নৱেম্বৰ পৰ্যন্ত অসমৰ আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে বহু ঠাইত পাতলীয়া আৰু কিছু কিছু ঠাইত মজলীয়া পৰিমাণৰ বৰষুণ অহাৰ সম্ভাৱনা আছে৷ ইফালে বতৰ বিজ্ঞান কেন্দ্ৰৰ পূৰ্বানুমান বাস্তৱত পৰিণত হলে পোহৰৰ উৎসৱ দীপাৱলীত বতৰে বিধি পথালি দিয়াটো নিশ্চিত হৈ পৰিছে৷ ইফালে পোহৰৰ উৎসৱ দীপাবলী উপলক্ষে ৰাজধানী গুৱাহাটী মহানগৰীৰ বাট পথ ৰং বীৰঙৰ আলোকেৰে উদ্ভাসিত হৈ পৰিছে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজধানী গুৱাহাটী মহানগৰবাসীও কালী পূজা আৰু দীপাৱালীৰ বাবে ব্যস্ত হৈ পৰিছে৷ মহানগৰীৰ প্ৰতিটো পৰিয়ালে পদূলিত কল পুলি পুতি লগতে পদূলি মুখত মাটিৰ চাকি, জ্বলাই পোহৰাই তুলিছে মহানগৰীৰ চৌদিশ৷ কণ কন শিশু সকলে হাতত ফুলজাৰি জ্বলাই, ফটকা, আতচবাজি ফুটাই শিশু, কিশোৰ, যুৱক যুৱতীৰ পৰা বৃদ্ধ লৈকে আনন্দত মতলীয়া হৈ পৰা পৰিলক্ষিত হয়৷ বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা মাজ নিশা লৈ ফুলজৰি, কলগছ, আদিৰ পোহৰে বাট পথ পোহৰাই তোলাৰ সমান্তৰাল কৈ ফটকা, আতচবাজি, ৰকেট, আদিৰ ফুটাই আনন্দ কৰা পৰিলক্ষিত হয়৷ তেনেদৰে ঘৰৰ চৌহদত ৰং বিৰঙৰ বিদু্যতৰ লাইট লগাই মহানগৰবাসীয়ে আলোকিত কৰি তোলে৷ ইপিনে দীপাৱলি উপলক্ষে মহানগৰীৰ প্ৰতিখন প্ৰতিষ্ঠান, দোকান পোহাৰ, ঘৰ, দৃষ্টিনন্দন আলোকেৰে আলোকিত কৰি তোলা হয়৷
বৃহস্পতিবাৰে সন্ধিয়াৰ লগে লগে মহানগৰীৰ অতি ব্যস্ত তথা গুৰুত্ব পূৰ্ণ গণেশ গুৰি, বেলতলা, ফাঁচী বজাৰ, পল্টন বজাৰ, কাহিলি পাৰা, চানমাৰি, শিল পুখুৰী, গুৱাহাটী ক্লাব, মালিগাও, বৰাগাওঁ, ছয় মাইল, দিছপুৰ, জু- ৰোড, বামুণী মৈদাম, নুন মাটি, পাণ্ডু, আদি স্থানৰ বাট পথ, দোকান পোহাৰ দৃষ্টিনন্দন আলোকেৰে সজাই তোলা হয়৷ কালী পূজা আৰু দীপাৱলী আদিৰ বাবে মহানগৰীৰ বজাৰত কলপুলি, কেঁচা তামোল পান, ৰবাব টেঙা, কুঁহিয়াৰ, মাটিৰ চাকি, পদুম ফুল, বেলপাত, তুলসী, ধানৰ মুঠি, আদি সামগ্ৰীৰে ভৰি পৰে৷ বিশেষকৈ মহানগৰীৰ গণেশ গুৰি, ফাঁচী বজাৰ, বেলতলা, ফটাশিল, আমবাৰী, গড়চুক, বৰাগাঁও, মালিগাঁও, চানমাৰি , শিলপুখুৰী, নুনমাটি, নাৰেঙ্গী, ছয়মাইল, বোন্দা, পল্টন বজাৰ, ভঙাগড়, বিৰুবাৰী, কলনীবজাৰ, কাহিলীপাৰা লাল গণেশ, লখৰা, আদি স্থানত প্ৰতিটো কলপুলি ১০০, টকাৰ পৰা ১২০/১৩০ টকা পৰ্যন্ত দামত বিক্ৰী কৰা হয়৷ সেইদৰে ৩০ টকীয় নাৰ্জি ফুলৰ মালা বৃহস্পতিবাৰে মহানগৰীৰ প্ৰায় প্ৰতিখন বজাৰত ১০০ টকাত বিক্ৰী কৰা হয়৷ মহানগৰীৰ সমীপবৰ্তী গাঁও অঞ্চলৰ পৰা একাংশ ব্যৱসায়ীয়ে ৰাজধানী মহানগৰীত বিক্ৰীৰ বাবে অনা কলপুলি বিভিন্ন দামত ক্ৰয় কৰে মহানগৰবাসীয়ে৷ তেনেদৰে মহানগৰীৰ বিভিন্ন স্থানত গড় লৈ উঠা ফটকা, আটচবাজিৰ দোকান সমূহত অভাৱনীয় ভিৰ পৰিলক্ষিত হয়৷ ইফালে উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ ভিত্তিত গুৱাহাটীবাসীক মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই আহ্বান জনাইছে যাতে মহানগৰবাসীয়ে নিশা ১০ বজাৰ ভিতৰত গ্ৰীন ক্ৰেকাৰ্ছ (সেউজ ফটকা) ফুটায়৷ লগতে ১১০-১২৫ ডেচিবেলৰ ফটকা ফুটুওৱাৰ অনুমতি দিছে৷ জৰুৰীকালীন পৰিস্থিতিত যোগাযোগ নম্বৰ ১০৮-১০১ দিয়া হৈছে৷ ফটকা জ্বলোৱাৰ সময়ত ছেনিটাইজাৰ ব্যৱহাৰৰ পৰা বিৰত থকাৰ লগতে শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত ব্যক্তি, শিশু-বৃদ্ধৰ বাবে ফটকাৰ প্ৰদূষণ বিপজ্জনক বুলি কৈছে৷ কিন্তু এইবাৰ মহানগৰীৰ অলিয়ে গলিয়ে চীনা সামগ্ৰীৰে ভৰি পৰিছে৷ সেউজ ফটকাৰ পৰিৱৰ্তে শিৱকাশীৰ পশ্চিমবংগৰ আটচবাজীৰে ভৰি পৰিছে৷ পোহৰৰ উৎসৱ মাটিৰ চাকি জ্বলাই পালন কৰি পৰিবেশৰ প্ৰতি ন্যায় প্ৰদান কৰিবলৈ বিভিন্ন চিকিৎসক, পৰিবেশ কৰ্মীয়ে বাৰম্বাৰ আহবান জনাইছে যদিও বাস্তৱত সেয়া ৰূপায়িত হৈ উঠা নাই৷ গুৱাহাটীৰ কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত বৃহস্পতিবাৰে এম চি বি ভৱনৰ সন্মুখত দীপাৱলী উদ্যাপন কৰা হয়৷ আছু গোট আৰু আৰ কে বি-এন বি ডি পৰিয়ালে দীপাৱলী পালন কৰে৷ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি হিমাংশু কুমাৰ দাস, বক্তা ত্ৰিদিব ভাগৱতীৰ উপৰি বৰ্তমানৰ সভাপতি জুবেইৰ হাব্বিকে ধৰি সভাৰ বহু বিষয়ববীয়া আছু গোটৰ কুলদীপ গৌতম শৰ্মা উপস্থিত থাকে৷ পোহৰৰে উৎসৱে আনন্দৰ বতৰা আনি পুনৰ ৰাম ৰাজ্য প্ৰতিষ্ঠা হোৱাৰ কামনা কৰিছে দেশবাসীয়ে৷ এতিয়া সমগ্ৰ দেশৰ লগতে অসমো দীপাৱলীত আলোকেৰে উদ্বেলিত হৈ পৰিছে৷