Logo
image

১৪ কোটি টকাত ৰাজস্থানতেই ৰৈ গ’ল ৰিয়ান

নতুন দিল্লী,১ নবেম্বৰ: আই পি এলৰ দল ৰাজস্থান ৰয়েলছত বাহাল থাকিল অসম সন্তান ৰিয়ান পৰাগ৷ৰাজস্থান ৰয়েলছে বৃহস্পতিবাৰে প্ৰকাশ কৰা ৰিটেইন খেলুৱৈৰ তালিকাত ৰিয়ান লগতে স্থান পাইছে অধিনায়ক সঞ্জু ছেমছন, টপ অৰ্ডাৰ বেটাৰ যশস্বী জয়ছোৱাল, উইকেটক্ষক-বেটাৰ ধ্ৰুৱ জুৰেল, ফিনিছাৰ ছিমৰন হেটমেয়াৰ আৰু মিডিয়াম পেচাৰ সন্দীপ শৰ্মাই৷ আই পি এলৰ যোৱাটো ছীজনত দুৰন্ত প্ৰদৰ্শন আগবঢ়োৱা ৰিয়ানক ১৪ কোটি টকাত দলত ধৰি ৰাখিলে ৰাজস্থান ৰয়েলছে৷ ফ্ৰেন্সাইজীটোক ছটা ছীজনত প্ৰতিনিধিত্ব কৰা ৰিয়ানে ২০২৪ আই পি এলত ১৪ খন মেচত ৫৭৩ ৰান কৰি দলৰ নিৰ্ভৰযোগ্য বেটাৰ হিচাপে নিজৰ প্ৰমাণ দিবলৈ সক্ষম হৈছিল৷ প্ৰতিযোগিতাখনত কৰা প্ৰদৰ্শনৰ সুবাদত ৰিয়ানে প্ৰথমজন অসমীয়া ক্ৰিকেটাৰ হিচাপে ছিনিয়ৰ ভাৰতীয় দলটো স্থান পাবলৈ সক্ষম হৈছিল


 এতিয়ালৈকে ৰিয়ানে ৭০ খন আই পি এলৰ মেচত ৰাজস্থানক প্ৰতিনিধিত্ব কৰিছে৷ খেলপথাৰত কৰা প্ৰদৰ্শনেৰে ৰিয়ানে ভাৰতীয় ক্ৰিকেটৰ এক নতুন সম্ভাৱনা হিচাপে নিজকে তুলি ধৰিবলৈ সক্ষম হৈছে৷ ৰাজস্থান ৰয়েলছে অধিনায়ক সঞ্জু ছেমছনক ১৮ কোটি টকাত দলত বাহাল ৰাখিলে৷ যোৱা চাৰিটা ছীজনত তেওঁৰ নেতৃত্বত ৰাজস্থান দুবাৰ প্লে-অফত উপনীত হৈছে৷ ২০২২  চনত দলটোৱে ৰানাৰ্ছ-আপৰ সন্মান লাভ কৰিছিল৷ ৰাজস্থান ৰয়েলছৰ গুৰুত্বপূৰ্ণ সদস্য হিচাপে পৰিগণিত হোৱা যশস্বী জয়ছোৱালো দলত ১৮ কোটি টকাত বাহাল থাকিল৷ ১৪ কোটি টকাত দলক বাহাল থাকিল উইকেটক্ষক-বেটাৰ ধ্ৰুৱ জুৰেল৷ দলটোৱে ৰিটেইন কৰা একমাত্ৰ বিদেশী খেলুৱৈ হেটমেয়াৰ৷ তেওঁ লাভ কৰিলে ১১ কোটি টকা৷ চাৰি কোটি টকাত দলে ধৰি ৰাখিলে সন্দীপ শৰ্মাক৷