ধ্ৰুপদী অসমীয়া, বড়ো সমস্যা সমাধানৰ মন্তব্য
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১ নবেম্বৰ : ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে গুজৰাটত আয়োজিত এক সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰা তথা বড়ো সমস্যা সমাধানৰ কথা উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীয়ে ভাষণতে কয় যে বড়ো শান্তি চুক্তিয়ে অসমৰ ৫০ বছৰীয়া বিবাদ শেষ কৰিলে৷ দেশত এতিয়া নক্সালবাদে নিজৰেই শ্বাস-নিশ্বাস গণনা কৰিছে বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয়–এসময়ত নেপালৰ পাণ্ডপতি মন্দিৰৰ পৰা তিৰুপতিলৈকে নক্সালবাদৰ ৰেড কৰিডৰ আছিল৷ কিন্তু আজি আৰু সেই পৰিৱেশ নাই৷
এই প্ৰসংগতে প্ৰধানমন্ত্ৰীয়ে বড়ো সমস্যাৰ কথা উল্লেখ কৰে৷ মোদীয়ে কয় যে দেশ স্বাধীন হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে জম্মু-কাশ্মীৰত এগৰাকী মুখ্যমন্ত্ৰীয়ে ভাৰতীয় সংবিধানৰ নামত শপত লৈছে৷ এয়া সংবিধান প্ৰণেতাসকলৰ প্ৰতি এক সন্মান৷ প্ৰধানমন্ত্ৰীয়ে ভাষণত অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ সন্মান লাভ কৰাৰ প্ৰসংগও উত্থাপন কৰি কয়–মাতৃভাষাৰ প্ৰতি সন্মান দিলেহে দেশ মাতৃৰ প্ৰতি সন্মান দিয়া হয়৷ উল্লেখ্য যে গুজৰাটৰ চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰতিমূৰ্তিৰ কাষত ৰাষ্ট্ৰীয় একতা দিৱসৰ ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত-পাকিস্তান সীমান্তৰ কচ্ছত বিএছএফৰ জোৱানৰ সৈতে দীপাৱলী পালন কৰে৷