ভাৰত ৰাষ্ট্ৰৰ আধাৰ সংবিধান নে ধৰ্ম
শশী থাৰুৰে An era of darkness-British empire in India আৰু Inglorious Empire নামেৰে দুখন কিতাপ লিখিছে, য’ত তেওঁ দেখুৱাইছে নিজৰ মতে বিকশিত হৈ থকা ভাৰতৰ অৰ্থনীতি ইংৰাজৰ উপনিৱেশে কেনেকৈ ধবংসস্তূপত পৰিণত কৰিছিল৷ ২০১৫ চনত লণ্ডনৰ অক্সফ’ৰ্ড ইউনিয়নৰ এটা বক্তৃতাত শশী থাৰুৰে ব্ৰিটিছৰ ঔপনিৱেশিক শাসনে ভাৰতক কেনেকৈ লুটি-পুতি ভিক্ষাৰীত পৰিণত কৰিছিল, সেই কথা নানা তথ্যৰ সৈতে দাঙি ধৰিছিল৷ ইউ-টিউবত বিখ্যাত হৈ পৰা এই বক্তৃতাটো এতিয়ালৈ পৃথিৱীৰ অলেখ মানুহে চাইছে৷ শশী থাৰুৰে লণ্ডনত থিয় হৈ কৈছিল যে ব্ৰিটিছে তেওঁলোকে কৰা অন্যায়ৰ বাবে ভাৰতৰ ওচৰত দুখ প্ৰকাশ কৰি ক্ষমা খুজিব লাগে আৰু এটাক হ’লেও ক্ষতিপূৰণ দিব লাগে৷ তেনেকৈ কোৱাৰ বাবে লণ্ডনৰ কোনো ৰাষ্ট্ৰবাদী সংগঠনে শশী থাৰুৰক মাৰিবলৈ খেদি ফুৰা নাছিল৷ বৰং সমগ্ৰ পৃথিৱীৰ মানুহে শশী থাৰুৰৰ মন্তব্যত ইতিহাসৰ লুকাই থকা সত্যৰ সন্ধান পাইছিল৷ শশী থাৰুৰে সন্দেহ আৰু শংকা প্ৰকাশ কৰি আহিছে যে বিজেপিয়ে যিদিনাই এই প্ৰয়োজনীয়সংখ্যক সংখ্যা হাচিল কৰিব, সিদিনাই তেওঁলোকে ভাৰতক এখন হিন্দু ৰাষ্ট্ৰত পৰিণত কৰাৰ বাবে সংবিধান সংশোধন কৰিব৷ তেওঁৰ মতে, ব্ৰিটিছ উপনিৱেশ ভাৰতৰ বাবে হিতকৰ নাছিল আৰু হিন্দু ৰাষ্ট্ৰও ভাৰতৰ বাবে হিতকৰ নহ’ব৷ ভাৰতখন হিন্দু ৰাষ্ট্ৰত পৰিণত হ’লে মুছলমান বা খ্ৰীষ্টানৰ বাবে নহ’লেও হিন্দুৰ বাবে সি মংগলজনক হ’বনে? ভাৰতৰ হিন্দু এটা সমসত্ত্ব সত্তা নহয়৷ উচ্ছ, নীচ ভেদাভেদেৰে ভাৰতৰ হিন্দু অসংখ্য ভাগত বিভক্ত৷ হিন্দুৰ শাসন মানে আচলতে উচ্ছ বৰ্ণ হিন্দুৰ শাসন৷ বিজেপি, আৰ এছ এছ আৰু সংঘ পৰিয়াল উচ্ছ বৰ্ণ হিন্দুৰ দ্বাৰা নিয়ন্ত্ৰিত৷দুটা জাতিতত্ত্বৰ আধাৰত পাকিস্তান গঠন হৈছিল৷ হিন্দুৰ বাবে এখন দেশ আৰু মুছলমানৰ বাবে এখন দেশ– মুছলিম লীগে এই দ্বিজাতি তত্ত্বৰ আধাৰত মুছলমানৰ বাবে পাকিস্তান দাবী কৰিছিল৷ কংগ্ৰেছে ভাৰতৰ বিভাজন মানি ল’লেও দ্বিজাতি তত্ত্ব মানি লোৱা নাছিল৷ মৌলানা আবুল কালাম আজাদ, অসমৰ ফখৰুদ্দিন আলী আহমেদ, আব্দুল মুতলিব মজুমদাৰকে আদি কৰি অলেখ মুছলমান নেতাই ধৰ্মৰ আধাৰত দেশ বিভাজনৰ বিৰোধিতা কৰিছিল৷ ১৯৪৭ চনৰ পৰাই ভাৰতত পাকিস্তানতকৈ বেছি মুছলমান বাস কৰি আছে৷ ১৯৭১ চনত বাংলা ভাষাক আধাৰ কৰি গঢ়ি উঠা জাতীয়তাবাদৰ আধাৰত বাংলাদেশ গঠন হোৱাৰ লগে লগে দ্বিজাতি তত্ত্বৰ ভিকাচন ভাগিল৷ ইছলাম ধৰ্মই পাকিস্তানক এক কৰি ৰাখিব নোৱাৰিলে৷ বাংলাভাষী পূব পাকিস্তান পাকিস্তানৰ পৰা ওলাই আহি বাংলাদেশ গঠন কৰিলে৷ মুছলিম লীগে ১৯৪৭ চনত যি ভুল কৰিলে, আজি ভাৰতক হিন্দু ৰাষ্ট্ৰত পৰিণত কৰিব বিচাৰি বিজেপি আৰু সংঘ পৰিয়ালেও একেটা ভুলকে কৰিব ওলোৱা নাইনে?ধৰ্মীয় মৌলবাদৰ বিৰোধিতা কৰাসকলে মত প্ৰকাশ কৰি আহিছে যে হিন্দু আৰু মুছলমান কট্টৰপন্থীসকল এটা আনটোৰ ঘোৰ শত্ৰু হ’লেও চৰিত্ৰগত বৈশিষ্ট্যৰ ফালৰ পৰা সকলো ধৰ্মীয় মৌলবাদী কট্টৰপন্থী একে৷ মুছলমান কট্টৰবাদীয়ে মুছলমানৰ দাদাগিৰি প্ৰতিষ্ঠা কৰিব বিচাৰে আৰু হিন্দু কট্টৰবাদীয়ে হিন্দুৰ দাদাগিৰি প্ৰতিষ্ঠা কৰিব বিচাৰে৷ পাকিস্তানে মুছলমান দাদাগিৰি স্থাপন কৰি দেশখন ইতিমধ্যে ৰসাতললৈ নিছে৷ ভাৰততো হিন্দু দাদাগিৰি প্ৰতিষ্ঠা হ’লে কিছুমান অযোগ্য ঠেক মনোবৃত্তিৰ লোকৰ হাতত পৰি ভাৰতখনো পাকিস্তানৰ দৰে ৰসাতললৈ যাব৷ গতিকে ভাৰতখন পাকিস্তানৰ দৰে ধৰ্মীয় মৌলবাদৰ কবলত পৰিব নালাগে৷ ভাৰত ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ হৈ থকাৰ বাবেই আমি পাকিস্তানৰ দৰে হোৱাৰ পৰা ৰক্ষা পৰি আছোঁ৷ হিন্দুৰাষ্ট্ৰ হ’লে আমি পাকিস্তানৰ দৰে ধবংসৰ পথত ভৰি দিম৷ গতিকে ভাৰত ‘হিন্দু পাকিস্তান’ হ’ব নালাগে৷ বিজেপি আৰু সংঘৰ ৰাজনীতিৰ মুকলিকৈ বিৰোধিতা কৰি অহা প্ৰয়াত সাংবাদিক বিনোদ দুৱা এবাৰ পাকিস্তানৰ চহৰ লাহোৰলৈ গৈছিল৷ লাহোৰ পঞ্জাবৰ অমৃতসৰ চহৰৰ পৰা মাত্ৰ ৫০ কিলোমিটাৰ দূৰত৷ এজন মানুহে বিনোদ দুৱাক লাহোৰখন কেনে পালে সোধোঁতে তেওঁ ক’লে যে লাহোৰত তেওঁ বৰ বেছি মুছলমান দেখিলে৷ বিনোদ দুৱাই পাকিস্তানে লাহোৰৰ সকলো ঐতিহ্য মষিমূৰ কৰি তাক মাত্ৰ মুছলমান সাঁচত গঢ়াৰ পাকিস্তানৰ প্ৰৱণতা দেখি এই কথাষাৰ কৈছিল৷ পাকিস্তানৰ এই প্ৰৱণতাটো বিজেপি আৰু সংঘ পৰিয়ালৰো আছে৷ তেওঁলোকে ভাৰতৰ সকলো বৈচিত্ৰ্য মষিমূৰ কৰি এক হিন্দুত্বৰ সাঁচত ঢালি এখন হিন্দু ভাৰত গঢ়িব বিচাৰে৷ ধৰ্মক আৰু ধৰ্মীয় মৌলবাদী ৰাজনীতিক দেশৰ ৰাজনীতিৰ মূল আধাৰৰূপে প্ৰতিষ্ঠা কৰিবলৈ গৈ পাকিস্তান আজি এখন বিফল ৰাষ্ট্ৰত পৰিণত হৈছে, মৌলবাদী ৰাজনীতিয়ে ভাৰতৰো যাতে একে অৱস্থা নকৰে, তাৰ বাবে ভাৰতৰ মানুহ সচেতন হ’ব লাগে৷ ব্যক্তিগত জীৱনত নৈষ্ঠিক হিন্দু হোৱা আৰু বিজেপিৰ বিভেদ আৰু বিদ্বেষৰ হিন্দুত্বৰ ৰাজনীতি কৰা একে কথা নহয়৷ বিজেপি, আৰ এছ এছৰ সৌ সিদিনা জন্ম হৈছে৷ বিজেপি আৰএছএছ নাথাকোঁতেও হিন্দু আছিল আৰু বিজেপি, আৰএছএছ নাথাকিলেও হিন্দু থাকিব৷ ভাৰতৰ ৮০ শতাংশতকৈও বেছি মানুহ হিন্দু৷ এই কথা সকলোৱে স্বীকাৰ কৰিছে– গৰিষ্ঠসংখ্যক হিন্দুৰ সহনশীলতাৰ বাবে, লিবাৰেল মনোভাবৰ বাবে ভাৰতৰ গণতন্ত্ৰত বহু খুঁত থকাৰ পাছতো আজিও বৰ্তি আছে, আৰু ভাৰতে বহুখিনি উন্নতি কৰিছে৷ ভাৰতৰ হিন্দুৰ উদাৰতা আৰু সহনশীলতাহে প্ৰকৃত হিন্দুত্বৰ আদৰ্শ৷ বিজেপি-আৰএছএছে যি কট্টৰপন্থী হিন্দুত্বৰ কথা কয়, সি এটা আধুনিক ৰাজনৈতিক ধাৰণাহে৷ বিজেপিক ৰাজপাটত বহুওৱাৰ বাহিৰে এই ৰাজনৈতিক হিন্দুত্বই কাৰো হিত নাসাধে৷ ভাৰতৰ হিন্দুৱে হাজাৰ বছৰ পুৰণি সহনশীল আৰু উদাৰ ঐতিহ্যক নেওচি বিজেপিৰ মৌলবাদী ৰজানৈতিক হিন্দুত্বক আঁকোৱালি ল’লে সি ভাৰতৰ বাবে হিতকৰ নহয়৷






