উক্তি-বক্ৰোক্তি
যোৱা ৩৫ বছৰত লালুপ্ৰসাদ যাদৱ আৰু নীতীশ কুমাৰৰ শাসনত ছাত্ৰ-ছাত্ৰীৰ পিঠিৰ পৰা স্কুলৰ বেগ আঁতৰাই পেলোৱা হৈছে৷ ইয়াৰ পৰিৱৰ্তে তেওঁলোকক শ্ৰমিক হিচাপে নিয়োগ কৰা হৈছে৷ তাৰ প্ৰতিবাদতে মই মোৰ ৰাজনৈতিক দল জনসুৰজ পাৰ্টীৰ নিৰ্বাচনী প্ৰতীক হিচাপে স্কুলৰ বেগ লৈছোঁ৷
– জনসুৰজ পাৰ্টীৰ মুৰব্বী প্ৰশান্ত কিশোৰ
মোৰ পত্নীয়েও মোক তেওঁ ৰাজনীতিলৈ অহাৰ ইচ্ছাৰ কথা কয়৷ মই তেওঁক কৈ দিছোঁ, বিজেপিত এয়া অসম্ভৱ৷ আমাৰ দলত পৰিয়ালতন্ত্ৰ নচলে৷
– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
‘ইণ্ডিয়া’ জোঁটৰ ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচনৰ বাবে আসন বুজা-বুজি সম্পন্ন হৈছে৷ সেই অনুসৰি আমাৰ ঝাৰখণ্ড মুক্তি মৰ্চাই ৪৩ খন, কংগ্ৰেছে ৩০ খন, আৰ জে ডিয়ে ৬খন আৰু বাঁওমৰ্চাই তিনিখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব৷
– ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন
মুখ্যমন্ত্ৰী হ’বলৈ পগলাৰ দৰে হৈছে গৌৰৱ গগৈ৷ যোৰহাটত আমিয়েই তেওঁক জিকালোঁ, এতিয়া আমাকে লেং মাৰিলে৷ কংগ্ৰেছ দলে ৰাজহুৱাকৈ ক্ষমা নুখুজিলে অহা বিধানসভা নিৰ্বাচনত আমি ১২৬টা সমষ্টিতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিম৷ ’চ্ছত ৰাইজৰ দলক বাদ দি কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে৷
– শিৱসাগৰৰ বিধায়ক অখিল গগৈ
নিৰ্বাচনী প্ৰচাৰত উদ্ধৱ থাকৰে গোটৰ সাংসদ অৰবিন্দ ছাৱন্তে মোক ‘ইমৰ্প’টেড মাল’ বুলি অপমানজনক মন্তব্য কৰিছে৷ মই তেওঁক কওঁ– মই তোমাৰ ‘মাল’ নহওঁ৷ ছাৱন্তৰ বিৰুদ্ধে মই গোচৰ তৰিছোঁ৷ এই অপমানৰ তেওঁ পোতক পাব৷
– সিন্ধে গোটৰ প্ৰাৰ্থী ছাইনা এনচি
মিত্ৰতা ভংগ হোৱাত আমাৰ বাবে উপ-নিৰ্বাচন জটিল হৈছে৷ এই সমস্যা সমাধান কৰিবলৈ আমি চেষ্টা কৰিম৷ বন্ধুৰ মাজত কেতিয়াবা ভুল বুজাবুজি হয়৷ খন্তেক সময়ৰ বাবেহে আমি আঁতৰ হৈছোঁ৷ আকৌ একগোট হ’ম৷
– যোৰহাটৰ সাংসদ গৌৰৱ গগৈ
এবাৰ হ’লেও আইপিএলৰ খিতাপ জয় কৰাটো আমাৰ দল আৰ চি বিৰ লক্ষ্য৷ আমি এইবাৰো সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ দ্বাৰা সকলোকে গৌৰৱান্বিত কৰিবলৈ চেষ্টা কৰিম৷ ইমান বছৰে আপোনালোকৰ সমৰ্থনৰ বাবে ধন্যবাদ জনালোঁ৷
– আৰ চি বিৰ ক্ৰিকেটাৰ বিৰাট কোহলি
বিচিচিআই যিধৰণে চলিছে, অদূৰ ভৱিষ্যতে ভাৰতত ক্ৰিকেট নিৰ্মাণৰ কাৰখানাত তলা লাগিবলৈ গৈ আছে৷ ঘৰুৱা টুৰ্নামেণ্টে গুৰুত্ব হেৰুওৱাত প্ৰতিভাৰ অন্বেষণত থমকি ৰ’বলগীয়া হৈছে৷
–প্ৰাক্তন ক্ৰিকেটাৰ সুনীল গাভাস্কাৰ
কানাডাই অনাহকত ভাৰতীয় কূটনীতিবিদ আৰু ৰাজনীতিকক ‘টাৰ্গেট’ কৰি আছে৷ আমি ভাৰতত থকা কানাডাৰ উচ্ছায়ুক্তক চমন জনালোঁ৷ তেওঁক আমি কৈ দিছোঁ, ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে দেশখনৰ চৰকাৰে উত্থাপন কৰা অভিযোগ সম্পূৰ্ণ ভূৱা৷ অচিৰেই সেই অভিযোগ প্ৰত্যাহাৰ কৰিবলৈ আমি উচ্ছায়ুক্তক জনাই দিছোঁ৷
– বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱাল
এয়া সন্মিলিত মৰ্চা নহয়৷ এয়া হৈছে কেইজনমান মানুহৰ ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে লগ হোৱা এটা ব্যৱস্থা৷
– মন্ত্ৰী জয়ন্তমল্ল বৰুৱা






