বঙাইগাঁৱৰ একাধিক স্থানত ফণীভূষণ নিষিদ্ধ
‘আমাৰ অসম’ৰ বঙাইগাঁৱৰ প্ৰতিনিধি,৩ নৱেম্বৰ : সাংসদ ফণীভূষণ চৌধুৰীৰ পৰিয়ালতান্ত্ৰিক ৰাজনীতিৰ সমালোচনাৰ অন্ত ঘটা নাই বঙাইগাঁৱত৷ এইবাৰ বঙাইগাঁও বিধানসভাৰ অধীনত তিনিখন গাঁৱত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে সাংসদ ফণীভূষণ চৌধুৰীৰ৷ সচেতন নাগৰিক মঞ্চ নামৰ এটি সংগঠনে বৰ্জন কৰিছে ফণীভূষণ চৌধুৰীক৷ এই তিনিখন গাঁৱত এক গোহাৰি পোষ্টাৰিং-প্ৰচাৰযোগে বৰ্জন কৰা হৈছে সাংসদজনক৷ গোহাৰিত উল্লেখ কৰা হয় যে বঙাইগাঁও বিধানসভাৰ উপ-নিৰ্বাচন সমাগত৷ সেয়ে এই সুযোগতে একনায়কত্বৰ ৰজা ফণীভূষণ চৌধুৰীক বঙাইগাঁও সমষ্টিৰ পৰা বিদায় দিব লাগে৷
সকলো জাতি, ধৰ্ম নিৰ্বিশেষে ফণীভূষণ চৌধুৰীৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক ওফৰাই এজন নিষ্ঠাবান ধৰ্মনিৰপেক্ষ সমাজকৰ্মীক বিধায়ক হিচাপে নিৰ্বাচন কৰিবলৈ আহ৩ান জনোৱা হয় এই গোহাৰিযোগে৷ লগতে গোহাৰিটোত উল্লেখ কৰা হয় যে সাম্প্ৰদায়িক চিন্তা-চৰ্চাৰে ধৰ্মীয় সংখালঘু বসতিপ্ৰধান এলেকা নানকাৰগাঁও, ঘাকপাৰা আৰু লিংডোৰা এই তিনিখন গাঁও বঙাইগাঁও সমষ্টিৰ পৰা কৰ্তন কৰি সৃজনগ্ৰাম সমষ্টিৰ অন্তৰ্ভুক্ত কৰা হৈছে৷ যাৰ বাবে এই তিনিখন গাঁৱত ফণীভূষণ চৌধুৰী আৰু বামুণীটিলা গাঁৱত থকা তেওঁৰ তিনিজন দালালক সমাগত উপ-নিৰ্বাচনত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে৷