Logo
image

পুৱা শুই উঠি এইকেইটা কাম কৰক

আমাৰ অসম বিশেষঃ পুৱাৰ সময়টো দিনটোৰ বাবে অতি গুৰুত্বপূৰ্ণ৷ পুৱাৰ সময়ছোৱা ভালে ভালে পাৰ হ’লে দিনটো আপোনাৰ বাবে ভাল হৈ থাকিব৷ পিছে পুৱা শুই উঠিয়েই প্ৰথম এঘণ্টা অথবা দুঘণ্টা সময় আপুনি কেনেদৰে পাৰ কৰিব তাৰ ওপৰতে সমগ্ৰ দিনটো নিৰ্ভৰ কৰে৷ দিনটোৰ আৰম্ভণিছোৱা ভালদৰে পাৰ কৰিব পাৰিলে বা সঠিকভাৱে কেইটামান নিয়ম পালন কৰিলে দিনটো আপোনাৰ বাবে হৈ পৰিব ইতিবাচক৷ আজিৰ শিতানত পুৱা উঠিয়েই কৰিব লগা কেইটামান নিয়ম উল্লেখ কৰা হ’ল–

[১] শুই উঠিয়েই প্ৰথমে নিজৰ বিছনাখন পৰিপাটী কৰক৷ এই কামে আপোনাক মানসিক তৃপ্তিদান কৰে৷

[২] শুই উঠাৰ পাছতে এগিলাচ পানী খাওক৷ এনে কৰিলে শৰীৰ ভালে থাকে৷ তদুপৰি শুই উঠি পানী খালে শৰীৰে শক্তি লাভ কৰাৰ উপৰি দেহৰ অংগ-প্ৰত্যংগসমূহে ঠিকমতে কাম কৰে৷ লগতে পুৱাই পানী খোৱাৰ ফলত ওৰে ৰাতি দেহত জমা হোৱা ক্ষতিকাৰক টক্সিন ওলাই যোৱাত সহায়ক হয়৷

[৩] ওপৰত উল্লিখিত নিয়মৰ পাছত কমেও ৩০ মিনিট সময় খোজ কঢ়া দৰকাৰ৷ তদুপৰি সাধাৰণভাৱে শৰীৰ চৰ্চা কৰা উচিত৷ ইয়াৰ ফলত মন ভালে থাকে আৰু শৰীৰত শক্তি লাভ কৰিব পৰা যায়৷

[৪] দিনটোত আপুনি কি কি কৰিব সেই বিষয়ে নিশাই এখন তালিকা প্ৰস্তুত কৰি লওক৷ লগতে তালিকাত উল্লেখ কৰা কামসমূহ অগ্ৰাধিকাৰ ভিত্তিত কৰি পেলাওক৷

[৫] দাঁত ব্ৰাছ কৰা, গা ধোৱা, কাপোৰ-কানি সাজু কৰি ৰখা কামখিনি ততাতৈয়াকৈ কৰিব৷ ব্ৰেকফাষ্ট কৰিবলৈ নাপাহৰিব৷ ব্ৰেকফাষ্টৰ খাদ্যসমূহ হ’ব লাগে স্বাস্থ্যসন্মত আৰু প্ৰ’টিন তথা পুষ্টিসমৃদ্ধ৷

এইকেইটা নিয়ম নিতৌ কৰিব পাৰিলে দিনটোৰ বাবে আপোনাৰ স্বাস্থ্যৰ কোনো সমস্যা নহ’ব৷