Logo
image

হোৱাইট ৱাছ

কেইদিনমান পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক আৰু বৰ্তমানৰ ক্ৰিকেট ধাৰাভাষ্যকাৰ সুনীল গাভাস্কাৰে কৈছিল যে ভাৰতীয় ক্ৰিকেট পৰিচালনাৰ দায়িত্বত থকা ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডখনৰ [বি চি চি আই] কাম-কাজবোৰ যিধৰণে চলি আছে, তাৰ প্ৰভাৱ পৰিব ৰাষ্ট্ৰীয় ক্ৰিকেট দলটোৰ ওপৰত৷ গাভাস্কাৰৰ সেই মন্তব্য আকৌ এবাৰ  সঁচা প্ৰমাণ হ’ল দেওবাৰে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত৷  নিউজীলেণ্ডৰ বিৰুদ্ধে তিনিখন টেষ্টৰ শৃংখলাটোৰ প্ৰথম দুখন টেষ্টত পৰাস্ত হৈ ইতিমধ্যে শৃংখলাটো হেৰুৱাইছিল ৰোহিত শৰ্মা বাহিনীয়ে৷ তৃতীয় টেষ্টখন আছিল দলটোৰ বাবে সন্মান ৰক্ষাৰ যুঁজ৷ কিন্তু সন্মান ৰক্ষা নহ’ল৷ মুম্বাইতো দেখা গ’ল বেংগালুৰু আৰু পুনে টেষ্টৰ ব্যৰ্থতাৰ পুনৰাবৃত্তি৷ লক্ষ্য আছিল মাত্ৰ ১৪৭ ৰান৷ খেলখনৰ তৃতীয়দিনৰ পুৱা নিউজীলেণ্ডে ১৭৪ ৰানত দ্বিতীয় ইনিংছ সামৰাৰ পাছত ভাৰতৰ জয় নিশ্চিত বুলিয়েই ধাৰণা কৰা হৈছিল৷ কিন্তু সেয়াও সম্ভৱ নহ’ল৷ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটিং লাইন-আপ থকা বুলি সুনাম থকা দলটো অলআউট হ’ল মাত্ৰ ১২১ ৰানতে৷ বেংগালুৰুৰ প্ৰথম টেষ্টৰ প্ৰথম ইনিংছত টীম ইণ্ডিয়াৰ বেটাৰ বিপৰ্যস্ত হৈছিল পেচ বলাৰৰ সন্মুখত৷ তাৰ বিপৰীতে পুনে আৰু মুম্বাইত নিউজীলেণ্ডৰ স্পিনাৰৰ সন্মুখত নিৰ্লজ্জভাৱে আত্মসমৰ্পণ কৰিবলগীয়া হ’ল অভিজ্ঞ ৰোহিত শৰ্মা আৰু বিৰাট কাহলিৰ লগতে  দলটোৰ আন দক্ষ বেটাৰসকল৷ পুনে আৰু মুম্বাইত ভাৰতীয় দলৰ পছন্দমতেই পিটচ প্ৰস্তুত কৰা হৈছিল৷ কিন্তু সুবিধাজনক পৰিৱেশৰো সুযোগ ল’ব নোৱাৰিলে দলটোৱে৷ ভাৰতীয় দলৰ এই নিকৃষ্ট প্ৰদৰ্শনৰ পাছত বহুতেই ক’বলৈ আৰম্ভ কৰিছে যে এই দলটো টেষ্ট ক্ৰিকেট খেলাৰ যোগ্যই নহয়৷ অত্যধিক সময় সীমিত অভাৰৰ ক্ৰিকেটত ব্যস্ত থকাৰ ফল ভোগ কৰিবলগীয়া হৈছে ভাৰতীয় দলে৷ এেইক্ষেত্ৰত গাভাস্কাৰৰ মন্তব্য নিশ্চয় বহুতেই মানি ল’ব৷ এদিনীয়া ক্ৰিকেটৰ লগতে ফ্ৰেঞ্চাইজী ক্ৰিকেটক অধিক গুৰুত্ব দি বি চি চি আয়ে ঘৰুৱা ক্ৰিকেটৰ প্ৰতি গুৰুত্ব কমাই দিছে৷ যদি এনেদৰেই চলি থাকে, তেন্তে টেষ্ট ক্ৰিকেটৰ ৰেংকিঙত হয়তো এদিন ভাৰত নিম্নস্থানত থাকিবলগীয়া হ’ব৷ নিজ দেশত তিনিখন টেষ্টৰ শৃংখলাত প্ৰথমবাৰ হোৱাইট ৱাছৰ সন্মুখীন হৈছে ভাৰত৷ ইয়াতকৈ আৰু অধিক দুৰ্ভাগ্যৰ বিষয় কি হ’ব পাৰে? যিটো দলৰ সন্মুখত টীম ইণ্ডিয়াৰ এই দুৰ্দশা হ’ল সেই নিউজীলেণ্ড দলটো ছেপ্টেম্বৰত শ্ৰীলংকাৰ বিৰুদ্ধে হোৱাইট বাছৰ সন্মুখীন হৈছিল৷ ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত অনুষ্ঠিত টুৱেণ্টী২০ বিশ্বকাপ জয় কৰাৰ পাছত  ৰোহিত শৰ্মাৰ দলটোক প্ৰশংসাৰে ওপচাই পেলোৱা হৈছিল৷ কিন্তু নিউজীলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত শোচনীয় প্ৰদৰ্শনৰ পাছত এতিয়া ভাৰতীয় দলটোৱে কঠোৰ সমালোচনা সহিবলগীয়া হৈছে৷ কেৱল ক্ৰিকেটাৰসকলেই নে? প্ৰশিক্ষক হিচাপে গৌতম গম্ভীৰৰ এয়া আছিল প্ৰথমটো টেষ্ট শৃংখলা৷ শৃংখলাটোত গম্ভীৰৰ ৰণকৌশক লৈও প্ৰশ্ন উঠিছে৷ এইজন গম্ভীৰে মেণ্টৰ হিচাপে যোগ দি কলকাতা নাইট ৰাইডাৰ্ছক চেম্পিয়ন কৰাইছিল৷ কিন্তু নিউজীলেণ্ডৰ হাতত শোচনীয় পৰাজয়ৰ পাছত ‘গুৰু’ গম্ভীৰ এতিয়া বিভিন্ন প্ৰশ্নৰ সন্মুখীন হ’ব লাগিব৷ ফ্ৰেঞ্চাইজী ক্ৰিকেটৰ চিন্তা-ভাৱনা এৰি এতিয়া তেওঁ টেষ্ট ক্ৰিকেটৰ বাবে নতুন কৌশল উলিয়াব লাগিব৷ আনহাতে, বি চি চি আইৰ শীৰ্ষ বিষয়ববীয়াসকলেও নিজৰ মানসিকতা সলনি কৰিব লাগিব৷ টেষ্ট ক্ৰিকেটৰ বাবে প্ৰয়োজন সুকীয়া চিন্তা-চৰ্চাৰ৷ এটা কথা স্বীকাৰ কৰিব লাগিব যে বিশ্বত শেহতীয়াকৈ ফ্ৰেঞ্চাইজী ক্ৰিকেটৰ জনপ্ৰিয়তা বহু বৃদ্ধি পাইছে৷ ক্ৰিকেটৰ এই চমু সংস্কৰণে  ক্ৰিকেট বাণিজ্যত বিশেষ অৰিহণাও আগবঢ়াইছে৷ কিন্তু তাৰ অৰ্থ এয়া নহয় যে টেষ্ট ক্ৰিকেটক গুৰুত্বহীন কৰা৷ বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্ছ সংস্থা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলে যি সময়ত টেষ্ট ক্ৰিকেটক অধিক আকৰ্ষণীয় কৰাৰ বাবে বিভিন্ন পদক্ষেপ লৈছে, তেনেক্ষেত্ৰত ভাৰতত টেষ্ট ক্ৰিকেটে গুৰুত্ব হ্ৰাস পোৱাটো গ্ৰহণযোগ্য নহয়৷ বি চি চি আয়েও এই বিষয়টো উপলব্ধি কৰি ঘৰৱা ক্ৰিকেটক অধিক শক্তিশালী কৰি তোলাত গুৰুত্ব দিয়া উচিত৷ ৰাষ্ট্ৰীয় দলত খেলা ক্ৰিকেটাৰসকলৰ বাবেও ঘৰুৱা ক্ৰিকেট খেলাটো বাধ্যতামূলক কৰিব লাগে৷ তেতিয়াহে টেষ্ট ক্ৰিকেটত ভাৰতৰ সুনাম অটুট থাকিব৷ নিউজীলেণ্ডৰ বিৰুদ্ধে তিনিওখন টেষ্টত পৰাস্ত হোৱাৰ পাছত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাৰ শীৰ্ষস্থানো হেৰুৱালে ভাৰতে৷ স্বদেশতে নিউজীলেণ্ডৰ হাতত এই বিপৰ্যয়ৰ পাছত অষ্টে˜লিয়াৰ বিৰুদ্ধে (অষ্ট্ৰেলিয়াত) হ’বলগীয়া ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী টেষ্ট শৃংখলাত টীম ইণ্ডিয়াই কেনেধৰণৰ প্ৰদৰ্শন দেখুৱায় তাৰ ওপৰত এতিয়া সকলোৰে দৃষ্টি  থাকিব৷