Logo
image

বাংলাদেশী অনুপ্ৰৱেশকাৰীক লৈ হিমন্তবিশ্বৰ প্ৰচাৰত সাৰ-পানী যোগালে প্ৰধানমন্ত্ৰীয়ে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ নৱেম্বৰ : ৰাজ্যৰ পাঁচ বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠাৰ সময়তে বাংলাদেশী অনুপ্ৰৱেশকাৰীক লৈ হিমন্ত বিশ্বৰ প্ৰচাৰত সাৰ-পানী যোগালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ ঝাৰখণ্ডৰ পৰাই প্ৰধানমন্ত্ৰী মোদীয়ে কাৰ্যতঃ হিমন্ত বিশ্ব শৰ্মাৰ হৈ প্ৰচাৰ চলায়৷ প্ৰধানমন্ত্ৰী মোদীয়ে সোমবাৰে ঝাৰখণ্ডত এখন বিশাল জনসভাত ভাগ লৈ কয়– ঝাৰখণ্ডত স্বজন-তোষণৰ ৰাজনীতি চূড়ান্ত পৰ্যায়লৈ লৈ গৈছে ঝাৰখণ্ড মুক্তি মৰ্চা, কংগ্ৰেছ আৰু আৰ জে ডিয়ে৷ এই তিনিওটা দল অনুপ্ৰৱেশকাৰীৰ সমৰ্থক৷ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ ভোট লাভ কৰিবলৈ ঝাৰখণ্ডত ঠাই উলিয়াই দিছে তিনিওটা দলে৷ ফলত ঝাৰখণ্ডত এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে যে সৰস্বতী বন্দনাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ আজিৰ তাৰিখত বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সমস্যা অতি গুৰুতৰ হৈ পৰিছে৷ যেতিয়া দুৰ্গা দেৱীৰ মূৰ্তি অনা সময়ত বাধা প্ৰদান কৰে অনুপ্ৰৱেশকাৰীয়ে৷ চৰকাৰে সান্ধ্য আইন জাৰি কৰিবলগীয়া হয়৷ এই কথাই স্পষ্ট কৰে পৰিস্থিতি কিমান জটিল হৈ পৰিছে৷ ছোৱালীৰ বিয়াৰ নামত যেতিয়া চৰম প্ৰতাৰণা হৈছে তাৰ পৰা অনুভৱ কৰিব পাৰি সমস্যা কিমান গভীৰ হৈছে৷


কিন্তু তাৰ পাছতো কেৱল ভোট লাভৰ বাবে বাংলাদেশী অনুপ্ৰৱেশকাৰীক বিশেষ সুবিধা প্ৰদান কৰা হৈছে৷ উল্লেখ্য, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে ঝাৰখণ্ডৰ এখন ৰাজহুৱা সভাত কয়– বিজেপি শাসনলৈ অহাৰ পাছতেই অসমত অনুপ্ৰৱেশ বন্ধ হ’ল৷ অসমত অনুপ্ৰৱেশ কৰিবলৈ কোনেও সাহস নকৰা হ’ল৷ উল্লেখ্য, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে ঝাৰখণ্ডৰ এখন ৰাজহুৱা সভাত কৈছিল– ঝাৰখণ্ডৰ আদিবাসী অঞ্চলত বাংলাদেশী অনুপ্ৰৱেশকাৰীসকলৰ বাবে ভৱিষ্যতে ডেম’গ্ৰাফিক পৰিৱৰ্তন হ’ব বুলি উল্লেখ কৰিছিল৷ ইয়াৰ পাছতে অসমৰ মুখ্যমন্ত্ৰী তথা ঝাৰখণ্ডৰ বিজেপি দলৰ সহ-প্ৰভাৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী ভাষণত ‘ঘৃণাসূচক’ আৰু ‘বিষাক্ত’ শব্দ ব্যৱহাৰ কৰাৰ অভিযোগ তুলি বিৰোধী জোঁট ‘ইণ্ডিয়া’ই নিৰ্বাচন আয়োগৰ ওচৰত আপত্তি উত্থাপন কৰিছিল৷ ৰাজ্যিক নিৰ্বাচনী বিষয়ালৈও লিখা অভিযোগ পত্ৰত ‘ইণ্ডিয়া’ জোঁটৰ চাৰিটাকৈ ৰাজনৈতিক দলে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ২৪ ঘণ্টাৰ ভিতৰত কঠোৰতম ব্যৱস্থা লোৱাৰ দাবী জনাইছিল৷ ৰাষ্ট্ৰীয় জনতা দল, চিপিএম, কংগ্ৰেছ আৰু ঝাৰখণ্ড মুক্তি মৰ্চাই নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰা পত্ৰত লিখিছিল– হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ মুছলিম সম্প্ৰদায়ক লক্ষ্য কৰি লৈ ‘ঘৃণাসূচক’ আৰু ‘বিষাক্ত’ মন্তব্য কৰিছে৷ ৰ নৱেম্বৰত ছাৰথত অনুষ্ঠিত নিৰ্বাচনী সভাত হিমন্ত বিশ্ব শৰ্মাই স্থানীয় মুছলমান সম্প্ৰদায়ক অনুপ্ৰৱেশকাৰী বুলি মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰিছিল ‘ইণ্ডিয়া’ জোঁটে৷ হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডৰ মুছলমানক অনুপ্ৰৱেশকাৰী বুলি কৈ ভোট বিভাজন, মেৰুকৰণৰ চেষ্টা চলোৱাৰ লগতে ঘৃণামিহলি আৰু বিষাক্ত শব্দৰ ব্যৱহাৰৰ ভাষণেৰে নিৰ্বাচনী আচৰণবিধি উলংঘা কৰা বুলি নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ উত্থাপন কৰিছিল বিৰোধী জোঁট ‘ইণ্ডিয়া’ই৷ পাছত আত্মপক্ষ সমৰ্থন কৰি হিমন্ত বিশ্ব শৰ্মাই কয়–‘মই কি ভুল কথা কৈছো? অনুপ্ৰৱেশকাৰীক অনুপ্ৰৱেশকাৰী বুলি কোৱাটো কোন আইনমতে ভুল? মই অনুপ্ৰৱেশকাৰীৰ কথা ক’লে বিৰোধীৰ গাত লাগে কিয়? আৰু হিন্দুক সুৰক্ষা দিয়াৰ কথা কোৱাটো ইতিবাচক কথা৷ ভাৰত হিন্দু সভ্যতাৰ দেশ৷ তাত হিন্দুক নিৰাপদে ৰখা, সুৰক্ষিতভাৱে ৰখাৰ প্ৰতিশ্ৰুতি দিয়াত কি ভুল থাকিব পাৰে?’ উল্লেখ্য, বিগত সময়ছোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মেৰু বিভাজন কৰাৰ লক্ষ্য লৈ ৰাজ্যৰ বাহিৰে-ভিতৰে প্ৰায় প্ৰতিখন সভাত পূৰ্ব বংগীয় মুছলমানৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰিছে৷