Logo
image

আজি সুধাকণ্ঠৰ ত্ৰয়োদশ মৃত্যুবাৰ্ষিকী

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ৫ নৱেম্বৰ : সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাবিহীন ১৩টা বছৰ৷ তেওঁ বৰ লুইতৰ দুয়োপাৰ উকা কৰি গ’ল যদিও আজিও মনুহৰ গান গোৱা শিল্পীজন মানুহৰ হৃদয়ে হৃদয়ে বিৰাজমান৷ জীৱনৰ ভয়ংকৰ ধুমুহাই টলাব নোৱৰা এক বিকল্পহীন ব্যক্তিত্ব ভাৰতৰত্ন ড॰ ভূপেন হাজৰিকাই দেখিছিল বৰ অসমখনৰ সপোন৷ নানা জাতি-উপজাতি, মহাবহু ব্ৰহ্মপুত্ৰ, ধৰিত্ৰী আইৰ মাজতো তেওঁ আজিও সজীৱ৷  তেওঁৰ সৃষ্টি, তেওঁৰ গীতে আজিও উদ্বুদ্ধ কৰে প্ৰতিজন অসমীয়াক৷ জগাই তোলে জাতীয়তাবাদ, মানবতাবাদৰ আদৰ্শ৷ অসমে আধুনিক সময়ৰ সৰ্বশ্ৰেষ্ঠ অসমীয়াজনক আৰু পৃথিবীয়ে এজন ভগৱৎপ্ৰদত্ত শিল্পীক হেৰুৱাই আজিও মৰ্মাহত৷ যাৰ সিৰাই সিৰাই প্ৰবহমান হৈ আছিল অজস্ৰ মূৰ্ছনা, স্পন্দনত আছিল অজস্ৰ লয়৷ মঙলবাৰে সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যু বাৰ্ষিকী৷ ২০১১ চনৰ ৫ নৱেম্বৰৰ দিনটোত মহাপ্ৰয়াণ ঘটিছিল ড॰ ভূপেন হাজৰিকাৰ৷ ড॰ ভূপেন হাজৰিকাক মঙলবাৰৰ দিনটোত স্মৰণ কৰিবলৈ ৰাজ্যজুৰি বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ গীত-মাত, কথা, কবিতা আদিৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে স্মৰণ কৰা হ’ব সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাক৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাক বৰ্ণাঢ্য কাৰ্যসূচীৰে স্মৰণ কৰা হ’ব৷ সাংস্কৃতিক সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত ড. ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যু বাৰ্ষিকী অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ বিশ্ববিশ্ৰুত শিল্পী, সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যু বাৰ্ষিকীৰ দিনা সুধাকণ্ঠলৈ শ্ৰদ্ধা জনোৱাৰ মানসেৰে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে জালুকবাৰীস্থিত ড ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰত এক অনুষ্ঠানৰ আয়োজন কৰিছে৷ পুৱা ৯.০০ বজাৰ পৰা সৰ্বধৰ্ম প্ৰাৰ্থনাৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হব৷ পুৱা ৯.৩০ বজাৰ পৰা আয়োজিত স্মৃতিচাৰণ সভাত বিত্ত, নাৰী আৰু শিশু কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ মুখ্য অতিথিৰূপে উপস্থিত থাকিব৷ লগতে বিশিষ্ট লেখক বিদু্যৎ কুমাৰ ভূঞাই নিৰ্দিষ্ট বক্তাৰূপে অংশগ্ৰহণ কৰিব৷ তদুপৰি দিনৰ ১১.৩০ বজাৰ পৰা আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত কেবাগৰাকী ন-পুৰণি শিল্পীয়ে গীত আৰু নৃত্যৰ অনুষ্ঠান পৰিবেশন কৰিব৷ অনুষ্ঠানত সাংস্কৃতিক সঞ্চালকালয়ৰ তৰফৰ পৰা সকলোৰে উপস্থিতি কামনা কৰিছে৷


অসমৰ চিৰ বৰেণ্য বক্তি ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ মৃত্যু দিন উপলক্ষে প্ৰতিবছৰৰ দৰে এইবছৰো সুধা কণ্ঠৰ প্ৰতিমূৰ্তিস্থলী গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত সদৌ অসম ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত দহ হাজাৰ গছি বন্তি জ্বলাই শিল্পীগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব৷ সমগ্ৰ অসমত ছাত্ৰ সন্থাৰ গোটসমূহে সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জনাবলৈ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে৷ ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক চজুৰ্ন হাঞ্চেই এই কথা সদৰি কৰি কয় যে-মঙলবাৰে গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত থকা ড॰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত পুৱা ১০.৩০ বজাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি হঅব আৰু সন্ধিয়া ৫ বজাত দহ হাজাৰ বন্তি প্ৰজ্বলন কৰা হ’ব৷ সদৌ কামৰূপ (ম) জিলা ছাত্ৰ সন্থা আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত আয়োজন কৰা এই কাৰ্যসূচীত ছাত্ৰ সন্থাই সকলোকে আমন্ত্ৰণ জনাইছে৷ ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যু বাৰ্ষিকীত মঙলবাৰে সৰ্বধৰ্ম প্ৰাৰ্থনাৰ আয়োজন কৰা হৈছে৷ ভাৰতৰত্ন ড° ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে এই সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠানৰ আয়োজন কৰিছে৷ গুৱাহাটীৰ ভি. আই. পি ৰোডস্থিত চচল ‘সমলয়’ত পুৱা ১০ বজাৰ পৰা দিনৰ ৰ বজালৈ অনুষ্ঠিত হঅবলগীয়া এই অনুষ্ঠানটোত উপস্থিত থাকি ভাৰতৰত্ন ড॰ ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিবলৈ সকলোৰে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ হৈ কাৰ্যবাহী সভাপতি প্ৰদীপ পূজাৰী আৰু সম্পাদক মঞ্জুলা হাজৰিকাই৷ ইফালে ভাৰতৰত্ন ড॰ ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যু বাৰ্ষিকীৰ উদ্দেশ্যে দেওবাৰে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত আৰু গুৱাহাটীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত ভাৰতৰত্ন ভূপেন হাজৰিকাৰ জীৱন আৰু কৰ্মৰ আধাৰত ‘লুইতৰ পৰা মিছিছিপি’ শীৰ্ষক আৰু ‘ইনলি ফাউণ্ডেচন’ৰ সহযোগত বিশিষ্ট শিক্ষাবিদ, সংগীতজ্ঞ, লোক সংস্কৃতিৰ গৱেষক ড॰ বীৰেন্দ্ৰনাথ দত্তৰ সোঁৱৰণত ‘সাতোখন সুৰীয়া নৈ’ শীৰ্ষক দুখন সদৌ অসম ভিত্তিত মুকলি কুইজ প্ৰতিযোগিতা শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ ড॰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত দেওবাৰে অনুষ্ঠিত হয়৷

এই প্ৰতিযোগিতাত ৭০টা দলে অংশগ্ৰহণ কৰে৷  দিপাংকৰ কৌশিক আৰু দীলিপ কুমাৰ শৰ্মাই পৰিচালনা কৰা ড॰  ভূপেন হাজৰিকাৰ ‘লুইতৰ পৰা মিছিছিপি’ কুইজ প্ৰতিযোগিতাখনৰ প্ৰথম পুৰস্কাৰ পংকজ শৰ্মা আৰু চিৰঞ্জিৎ দত্ত, দ্বিতীয় পুৰস্কাৰ বিশ্বজ্যোতি বৰা আৰু প্ৰতিৰূপ বায়ন, অমিয় কুমাৰ বৰুৱা আৰু চন্দ্ৰজিৎ দাসে তৃতীয় পুৰস্কাৰেৰে পুৰস্কৃত হয়৷ চতুৰ্থ পুৰস্কাৰেৰে পুৰস্কৃত হোৱা দুটা দলত আছিল দুল হাজৰিকা, অংকুৰজ্যোতি শৰ্মা, সায়ন্তন শইকীয়া আৰু ত্ৰিদীপ ভাগৱতী৷ পঞ্চম পুৰস্কাৰ লাভ কৰে গিৰিশ বৰ্মন আৰু ত্ৰীদিপ গোস্বামী ড॰ বীৰেন্দ্ৰনাথ দত্তৰ ‘সাতোখন সুৰীয়া নৈঅঅ শীৰ্ষক কুইজ প্ৰতিযোগিতাখনত প্ৰথম পুৰস্কাৰ নীলোৎপল পাটোৱাৰী আৰু প্ৰণিতা দাস, দ্বিতীয় পুৰস্কৰ মৃদুল ৰাম কলিতা আৰু দীপক কুমাৰ শৰ্মা, তৃতীয় পুৰস্কাৰ ৰুবুল কলিতা আৰু ভূপাল শৰ্মা, চতুৰ্থ পুৰস্কাৰ ত্ৰিদীপ গোস্বামী আৰু গিৰিশ বৰ্মন, পঞ্চম পুৰস্কাৰ প্ৰতিৰূপ বায়ন আৰু দুল হাজৰিকা, ষষ্ঠ পুৰস্কাৰ লাভ কৰে অংশুমান ঠাকুৰীয়া আৰু ভাৰ্গৱভূষণ বিশ্বপতিয়ে৷ ইফালে নিউ গুৱাহাটী বিহু সন্মিলনী উদ্যোগত ভাৰত ৰত্ন ড॰ ভূপেন হাজৰিকাৰ মৃত্যু দিৱস উপলক্ষে মঙলবাৰে সন্ধিয়া ৫-৩০ বজাত বন্তি প্ৰজ্বলন কৰা হ’ব৷ তাৰপাছত তেওঁৰ প্ৰতিচ্ছবিত মাল্যপৰ্ণ কৰাৰ লগতে সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হঅব৷ ইয়াৰ পুৰ্বে বিয়লি ৪ বজাৰ পৰা শিশু আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এখন চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলনৰ বাকৰিত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত সকলোৰে উপস্থিতি কামনা কৰিছে সন্মিলনৰ সাধাৰণ সম্পাদক চন্দন পাঠকে৷  দিছপুৰ বিধান সভা সমষ্টিৰ বিধায়ক অতুল বৰা, সুধাকণ্ঠৰ ভাতৃ তথা বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকা, অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক তপন দাসৰ উপস্থিতিত সোমাবাৰে ডিমৰীয়াৰ ক্ষেত্ৰীস্থিত দিলীপ বড়ো প্ৰগতি ভৱন প্ৰাংগণত সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ এটি প্ৰতিমূৰ্তি উন্মোচন কৰা হয়৷ বিগত বছৰৰ দৰে এইবেলিও উকীল সন্থা, গুৱাহাটীৰ উদ্যোগত সন্থাৰ কাৰ্যালয়ৰ চৌহদত মঙলবাৰে ড॰ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী উদ্‌যাপন কৰা হ’ব৷ সমাজলৈ এক বাৰ্তা দিয়াৰ লক্ষ্যৰে সমস্বৰে প্ৰায় ২০০জন অধিবক্তাই সুধাকণ্ঠৰ ‘কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’ পৰিবেশন কৰিব৷ লগতে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিতব্য অনুষ্ঠানত সুধাকণ্ঠৰ গীত, কবিতা পৰিবেশন কৰিব সন্থা অধিবক্তা শিল্পীসকলে৷ মঙলবাৰে পুৱা ৯ বজাত গুৱাহাটীৰ জালুকবাৰীস্থিত সমাধিক্ষেত্ৰ প্ৰাংগনত সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ মৃত্যু তিথি উপলক্ষে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানৰ লগতে সন্ধিয়া ৪-৩০ বজাত বন্তি প্ৰজ্বালন অনুষ্ঠানত উপস্থিত থাকিবলৈ ৰাইজক বিশেষভাৱে অনুৰোধ জনাইছে বিশ্বৰত্ন ড॰ ভূপেন হাজৰিকা সমন্বয় সত্ৰৰ সভাপতি প্ৰভাষ শৰ্মা আৰু সাধাৰণ সম্পাদক চাদিক আহমেদে৷ সেইদৰে স্বৰ্ণ শাখা সাহিত্য সভাৰ উদ্যোগত সদৌ অসম ভিত্তিত এলানি সাহিত্য প্ৰতিযোগিতা ২০২৪১ আয়োজন কৰা হৈছে৷ এইদৰে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো বিশ্ববৰেণ্যশিল্পী ড॰ ভূপেন হাজৰিকাক মহাপ্ৰয়াণৰ দিনটোত বৰ্ণাঢ্য কাৰ্যসূচীৰে স্মৰণ কৰা হ’ব৷