Logo
image

অদৃশ্য হৈ গ’ল ৬ লাখ শিশু শিক্ষাৰ্থী

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৬ নৱেম্বৰ : ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ পৰা অদৃশ্য হৈ পৰিছে ৬ লাখ শিক্ষাৰ্থী৷ দেশৰ শিক্ষানুষ্ঠাসমূহৰ ছাত্ৰ-ছাত্ৰীৰ উমৈহতীয়া পঞ্জীয়ন ব্যৱস্থা ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেছন ছিষ্টেম ফ্ৰম এডুকেশ্বন-প্লাছ চমুকৈ ইউডাইছ প্লাছ পৰ্টেলৰ পৰা ৬ লাখ ২৯৭জন ছাত্ৰ-ছাত্ৰীৰ অৱস্থিতি নোহোৱা হৈ পৰাত হাহাকাৰ লাগিছে সমগ্ৰ শিক্ষা অভিযানৰ লগতে বিদ্যালয়ে বিদ্যালয়ে৷ উল্লেখ্য, ৰাজ্যৰ প্ৰতিখন শিক্ষাষ্ঠানৰ শিক্ষক-শিক্ষাৰ্থীৰ শিক্ষা সেতু এপত ডিজিটেল উপস্থিতি বাধ্যতামূলক কৰাৰ পাছতেই লাখ লাখ অদৃশ্য শিক্ষাৰ্থীৰ তথ্য প্ৰথমবাৰলৈ আহিছিল৷ চৰকাৰৰ ইউডাইছত নাম পঞ্জীয়নৰ পাছতেই ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি হাইস্কুল পৰ্যন্ত সৰ্বমুঠ ৬ লাখ শিক্ষাৰ্থী সন্ধানহীন হৈ পৰাত এইবাৰ কঠোৰ হৈ পৰিছে শিক্ষা বিভাগ৷ যাৰ বাবে সমগ্ৰ শিক্ষা অভিযানৰ মিচন সঞ্চালকে চি আৰ চি চিৰ জৰিয়তে অতিৰিক্ত জিলা আয়ুক্ত, বিদ্যালয় পৰিদৰ্শন, জিলা মিছন সঞ্চালক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ জাননী প্ৰেৰণ কৰি সংশ্লিষ্ট শিক্ষাৰ্থীসকলৰ বাস্তৱ অৱস্থিতি নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে৷ এই নিৰ্দেশনা পত্ৰ অনুসৰি ১২ নৱেম্বৰৰ ভিতৰত প্ৰতিখন বিদ্যালয়ৰ প্ৰধান শিক্ষকে নিজ নিজ শিক্ষানুষ্ঠানৰ অদৃশ্য শিক্ষাৰ্থীসকলক চিনাক্ত কৰি ইউডাইছ প্লাছৰ চিষ্টেমত সংশ্লিষ্ট শিক্ষাৰ্থীসকলৰ অৱস্থিতিৰ সন্দৰ্ভত প্ৰকৃত কাৰণ অৰ্থাৎ শিক্ষাৰ্থীজন ড্ৰপ আউট নে, ভুল পঞ্জীয়ন, বিদ্যালয় সলনি ইত্যাদি তথা উল্লেখ কৰিব লাগিব৷


নিৰ্দেশনা অনুসৰি বিদ্যালয়ৰ প্ৰধান শিক্ষকে প্ৰকাশ কৰা অদৃশ্য শিক্ষাৰ্থীজনৰ বৰ্তমান স্থিতিৰ তালিকা চি আৰ চি চিৰ জৰিয়তে সংগ্ৰহ কৰি খণ্ড প্ৰাথমিক বিষয়াসকলে ইউডাইছ প্লাছ প’ৰ্টেলত আপডেট কৰিব লাগিব আৰু এই সন্দৰ্ভত জিলা ঊৰ্ধতম কতৃৰ্পক্ষ প্ৰতিবেদন দাখিল কৰিব লাগিব৷ উল্লেখ্য, শেহতীয়াকৈ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ে দেশৰ সকলো শিক্ষাৰ্থীৰ বাবে পাৰ্ছনেল এডুকেশ্বন নম্বৰ চমুকৈ কোন নম্বৰৰ ব্যৱস্থা কৰিছে৷ এই ‘পান’ নম্বন ইউডাইছ প্লাছ পৰ্টেলৰ পঞ্জীয়ন কৰিলেহে লাভ কৰে ছাত্ৰ-ছাত্ৰীসকলে৷ কিন্তু ইউডাইছ প্লাছ প’ৰ্টেলত নাম পঞ্জীয়ন কৰি  ‘পান নম্বৰ লাভ কৰাৰ পাছতো শিক্ষাৰ্থীসকল অদৃশ্য হৈ পৰা ঘটনাৰ আঁৰত একাংশ শিক্ষানুষ্ঠানে যে ইমান দিেন ভুৱা শিক্ষাৰ্থীৰ নাম পঞ্জীয়ন কৰি আহিছিল সেয়া স্পষ্ট হৈ পৰিছে৷ কিয়নো ২০২৩-২৪ বৰ্ষত ইউডাইছ প্লাছ প’ৰ্টেলত অসমত ৩২ লাখ ছাত্ৰ-ছাত্ৰীয়ে নাম পঞ্জীয়ন কৰিছিল৷ অৱশ্যে, ২০২২-২৩ বৰ্ষত নিম্ন প্ৰাথমিকৰ ড্ৰপ আউটৰ হাৰ ৮.৪৯ শতাংশ আৰু উচ্ছ প্ৰাথমিক ড্ৰপ-আউটৰ হাৰ ১০.৩৩ শতাংশ যদিও এবছৰৰ ব্যৱধানতে ৬ লাখ শিক্ষাৰ্থী অদৃশ্য হৈ পৰা বিষয়টোৱে শিক্ষা বিভাগৰ আন এক কলা অধ্যায় উন্মোচন কৰিছে৷ কিয়নো ভুৱা শিক্ষাৰ্থীৰ পঞ্জীয়ন কৰি একাংশ শিক্ষানুষ্ঠানে মধ্যাহ্ন ভোজন, ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্মকে ধৰি বিভিন্ন আঁচনিৰ নামত দীৰ্ঘদিনে যে চৰকাৰী ধন আত্মসাৎ কৰি কেলেংকাৰি সংঘটিত কৰি আহিছিল সেয়াও স্পষ্ট হৈ পৰিছে৷ তদুপৰি বহু শিক্ষানুষ্ঠানে ছাত্ৰ-ছাত্ৰী সংখ্যা হ্ৰাস পোৱাত বিভাগীয় কতৃৰ্পক্ষৰ ৰোষত পৰাৰ ভয়ত ভুৱা শিক্ষাৰ্থীৰ নাম পঞ্জীয়ন কৰি আভুৱা ভাৰি আহিছিল৷ আনকি ভুৱা শিক্ষাৰ্থীৰ এই জালিয়াতি পোহৰলৈ অহাৰ ভয়তে একাংশ শিক্ষকে শিক্ষাসেতু এপত ডিজিটেল উপস্থিতিৰ বিৰোধিতা কৰা বুলিও অভিযোগ উত্থাপন হৈছে৷