Logo
image

৬-১০ নৱেম্বৰলৈ প্ৰশাসন বন্ধ, সকাহ নাই শিক্ষকৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ নৱেম্বৰ : ৰাজ্য চৰকাৰৰ ‘পিতৃ-মাতৃ’ বন্দনা আঁচনিৰ অধীনত পিতৃ-মাতৃ তথা শাহু-শহুৰৰ সেৱা শুশ্ৰূষাৰ বাবে ৰাজ্য চৰকাৰৰ বিষয়া-কৰ্মচাৰীসকলে ৬ নৱেম্বৰৰ পৰা ৮ নৱেম্বৰলৈ বিশেষ নৈমিত্তিক ছুটি লাভ কৰিব৷ এই ছুটি ৭ নৱেম্বৰৰ ষট্‌ পূজা, ৯ নৱেম্বৰ দ্বিতীয় শনিবাৰ আৰু ১০ নৱেম্বৰৰ দেওবাৰৰ সৈতে মিলাই একেলগে সৰ্বমুঠ ৫ দিন ছুটি পাব ৰাজ্যিক কৰ্মচাৰীসকলে৷ কাৰ্যতঃ এই পাঁচদিন প্ৰশাসন বন্ধ হৈ পৰিব৷ ৰাজ্য চৰকাৰৰ আন কৰ্মচাৰীসকলৰ লগতে বিদ্যালয় শিক্ষা বিভাগৰ অধীনৰ শিক্ষকসকলেও এই বিশেষ নৈমিত্তিক ছুটি লাভ কৰিব৷ এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোৱৰে এক জাননী জাৰি কৰি স্কুলৰ শিক্ষকসকলে উক্ত বিশেষ নৈমিত্তিক ছুটি পাব বুলি উল্লেখ কৰিছে৷ কিন্তু ৰাজ্যৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষকসকলে মাতৃ-পিতৃ বন্দনা আঁচনিৰ অধীনত বিশেষ ছুটি এইবাৰ নাপাব বুলি শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোৱৰে আন এক জাননী যোগে উল্লেখ কৰিছে৷ কাৰ্যতঃ কলেজ শিক্ষকৰ ‘মাতৃ-পিতৃ’ বন্দনাৰ ছুটি বাতিল কৰিছে শিক্ষা বিভাগে৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যম এক্সত কলেজ শিক্ষকৰ এই ছুটি কৰ্তন সন্দৰ্ভত যুক্তি দি এনেদৰে লিখে–ৰাজ্য চৰকাৰৰ পিতৃ-মাতৃ বন্দনা আঁচনিখন কেৱল চৰকাৰী বন্ধ তালিকা অনুসৰণ কৰা চৰকাৰী বিষয়া-কৰ্মচাৰীসকলৰ ক্ষেত্ৰতহে প্ৰযোজ্য৷ যিহেতু কলেজ শিক্ষকসকলৰ বিশ্ববিদ্যালয় অধীনত নিজা বন্ধৰ সূচী থাকে, গতিকে তেওঁলোকৰ ক্ষেত্ৰত এই বিশেষ ছুটি কাৰ্যকৰী নহয়৷’ মন্ত্ৰীজনে লগতে কয় যে সাধাৰণতে কলেজ-বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীসকলে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ তুলনাত অধিক বন্ধ লাভ কৰে৷ উদাহৰণ স্বৰূপে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে দুৰ্গা পূজাত ৩ দিন বন্ধ পায়, কিন্তু বিশ্ববিদ্যালয়ৰ বন্ধ তালিকাত দুৰ্গা পূজাৰ ১০ দিন ছুটি থাকে৷ স্বাভাৱিকতে শিক্ষামন্ত্ৰী তথা শিক্ষা বিভাগৰ সিদ্ধান্তত ক্ষুব্ধ হৈ পৰিছে কলেজ শিক্ষকসকল৷ একাংশই সামাজিক মাধ্যমত প্ৰশ্ন কৰিছে–‘কলেজ শিক্ষকৰ মাতৃ-পিতৃ নাই নেকি৷’ উল্লেখ্য, যোৱা দুটা বৰ্ষত কলেজ শিক্ষকসকলেও এই বন্ধ লাভ কৰিছিল৷


উচ্ছ শিক্ষা বিভাগৰ সিদ্ধান্তত তীব্ৰ প্ৰতিক্ৰিয়া, পিতৃ-মাতৃ বন্দনাৰ পৰা বঞ্চিত কলেজ শিক্ষক

ভাৰতীয় পৰম্পৰাই আমাৰ বাবে পাঁচ প্ৰকাৰৰ প্ৰধান কৰ্তব্য নিৰ্ধাৰণ কৰিছে, যাক পঞ্চ ঋণ বা পঞ্চ মহাযজ্ঞ বুলি কোৱা হয়৷ ইয়াৰ ভিতৰত পিতৃ ঋণ অন্যতম৷ ইয়াৰ দ্বাৰা কেৱল জন্মদাতা পিতৃ-মাতৃৰ প্ৰতিয়েই নহয়, সমগ্ৰ উপৰি পুৰুষৰ প্ৰতি কৰ্তব্য নিৰ্ধাৰণ কৰি দিয়া হৈছে৷ সেয়ে পিতৃ-মাতৃসহ উপৰিপুৰুষৰ প্ৰতি দায়িত্ব পালন কৰাটো প্ৰত্যেক সন্তানৰ বাবে এক মহাযজ্ঞ৷ আনকি আমাৰ সমাজত ন-পুৰুষৰ শ্ৰাদ্ধ কৰি উপৰিপুৰুষক শ্ৰদ্ধ তৰ্পণ কৰাৰো পৰম্পৰা আছে৷ কিন্তু আধুনিকতাৰ ধামখুমিয়াত ভোগবাদে ভাৰতীয় সমাজকো এফালৰ পৰা গ্ৰাস কৰি অনাত একাংশই জ্যেষ্ঠজনক দিবলগীয়া সন্মানৰ পৰা বঞ্চিত কৰাই নহয়, জন্মদাতা পিতৃ-মাতৃকো অৱজ্ঞা কৰাৰ অনেক উদাহৰণ আছে৷ এইখন অসমতে জন্মদাতা পিতৃ-মাতৃক ৰাজপথত গাড়ীৰ পৰা নমাই থৈ যোৱাৰো একাধিক ঘটনা সংঘটিত হৈছে৷ এনে প্ৰেক্ষাপটতেই দুবছৰৰ পূৰ্বে মুখ্য মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে পিতৃ-মাতৃ বন্দনা আঁচনি গ্ৰহণ কৰে৷ এই আঁচনিৰ অধীনত কৰ্মব্যস্ত চৰকাৰী কৰ্মচাৰীসকলক দুটা দিন বিশেষ নৈমিত্তিক ছুটী প্ৰদান কৰি পিতৃ-মাতৃৰ সৈতে কটোৱাৰ সুযোগ প্ৰদান কৰা হৈছে৷ ২০২২ চনৰ ২৮ নৱেম্বৰত চৰকাৰে জাৰী কৰা এক নিৰ্দেশ অনুসৰি যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহত ৰাজ্যৰ সকলো কৰ্মচাৰীয়ে এই সুবিধা লাভ কৰে৷ এই বছৰো ৬ আৰু ৮ নৱেম্বৰত কৰ্মচাৰীসকলৰ বাবে পিতৃ-মাতৃ বন্দনা আঁচনিৰ অধীনত বিশেষ নৈমিত্তিক ছুটী প্ৰদানৰ বিষয়ে ঘোষণা কৰে৷ উল্লেখ্য, ৭ নৱেম্বৰত ষঠ পূজা উপলক্ষে চৰকাৰী বন্ধ থকাৰ লগতে ৯ নৱেম্বৰত দ্বিতীয় শনিবাৰ আৰু পিছদিনা দেওবৰীয়া বন্ধ৷ সেয়ে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে প্ৰকৃতপক্ষে একেৰাহে ৫ দিন বন্ধ উপভোগ কৰিব৷ সেয়ে বহু কৰ্মচাৰীয়ে ইতিমধ্যে পিতৃ-মাতৃক লৈ কেতবোৰ পৰিকল্পনা কৰে৷

বহুতেই পিতৃ-মাতৃৰ সৈতে বিভিন্ন স্থানত ফুৰিবলৈ স্থান নিৰ্ধাৰণ কৰি ৰে’ল, বাছ আদিৰ টিকট তথা হোটেল বুক কৰাৰ বিষয়ে জানিব পৰা গৈছে৷ কলেজ শিক্ষকসকলো ইয়াৰ ব্যতিক্ৰম নহয়৷ কিন্তু সোমবাৰে ৰাজ্যৰ উচ্ছ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে উচ্ছ শিক্ষা সঞ্চালকলৈ প্ৰেৰণ কৰা এখন পত্ৰৰ জৰিয়তে কলেজ শিক্ষকসকলক এই সুবিধাৰ পৰা বঞ্চিত কৰা হয়৷ এই পত্ৰখনত উল্লেখ কৰা মতে ৰাজ্যৰ উচ্ছ শিক্ষা বিভাগে কলেজ শিক্ষকসকলক পিতৃ-মাতৃ বন্দনা আঁচনিৰ অধীনত বিশেষ নৈমিত্তিক ছুটী প্ৰদানৰ পৰা বাৰণ কৰা হয়৷ এই বিষয়ে প্ৰচাৰ হোৱাৰ পাছতে কলেজ শিক্ষকসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ একাংশ কলেজ শিক্ষকে জানিবলৈ দিয়া মতে মুখ্যমন্ত্ৰীজনে এই আঁচনিৰ বিষয়ে ২০২২ চনত ঘোষণা কৰা অনুসৰি ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰীৰ বাবেই আঁচনিখন  প্ৰৱৰ্তন কৰিছিল৷ সেই মৰ্মে যোৱা বছৰ তেওঁলোকে এই সুবিধা লাভ কৰিছিল৷ তেনেক্ষেত্ৰত এই বছৰ বঞ্চিত কৰাৰ কাৰণ কি বুলি প্ৰশ্ন উত্থাপিত কৰিছে৷ ইফালে বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত আজি শিক্ষামন্ত্ৰীজনে চৰকাৰী সিদ্ধান্তৰ সমৰ্থনত প্ৰকাশ কৰা মতে কলেজ শিক্ষকসকলে যথেষ্ট ছুটী উপভোগ কৰে৷ কিন্তু আন কৰ্মচাৰীৰ দৰে কলেজ শিক্ষকসকলে দ্বিতীয় আৰু চতুৰ্থ শনিবাবৰৰ বন্ধ উপভোগ নকৰে বুলি কলেজ শিক্ষকসকলে যুক্তি দৰ্শাইছে৷ তদুপৰি এই বিশেষ ছুটীৰ বাবে তেওঁলোকে নিজে দাবী কৰা নাছিল, বৰঞ্চ মুখ্যমন্ত্ৰীয়ে নিজাববীয়াকৈয়ে ঘোষণা কৰিছিল৷ তৎসত্ত্বেও চৰকাৰে প্ৰৱৰ্তন কৰা আঁচনিৰ পৰা কেৱল কলেজ শিক্ষকসকলকহে কিয় বঞ্চিত কৰা হ’ল বুলি কলেজ শিক্ষকসকলে ৰাজ্যৰ শিক্ষামন্ত্ৰীজনক উভতি ধৰিছে৷ আনকি তেওঁলোক অসম চৰকাৰৰ কৰ্মচাৰী নহয়নেকি বুলিও কলেজ শিক্ষকসকলে প্ৰশ্ন উত্থাপন কৰিছে৷ অৱশ্যে, উচ্ছ শিক্ষা সচিবৰ পত্ৰখন ৰাজহুৱা হোৱাৰ পাছতে বহু কলেজ শিক্ষকে তেওঁলোকৰ ভ্ৰমণৰ টিকট আৰু হোটেলৰ বুকিং বাতিল কৰিবলৈ বাধ্য হৈছে৷