উত্তৰ প্ৰদেশত অব্যাহত থাকিব মাদ্ৰাছা শিক্ষা, ছুপ্ৰিম ক’ৰ্টৰ ৰায়
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ নৱেম্বৰ : উত্তৰ প্ৰদেশত অব্যাহত থাকিব মাদ্ৰাছা শিক্ষা৷ উত্তৰ প্ৰদেশৰ মাদ্ৰাছা শিক্ষা সম্পূৰ্ণ বৈধ বুলি দেশৰ উচ্ছতম ন্যায়ালয়ে ৰায়দান কৰাৰ পাছতে এই কথা নিশ্চিত হৈ পৰিল৷ পূৰ্বে উত্তৰ প্ৰদেশৰ মাদ্ৰাছা শিক্ষা আইন অসাংবিধানিক বুলি ৰায় দিছিল এলাহাবাদ উচ্ছ ন্যায়ালয়ে৷ মঙলবাৰে উচ্ছতম ন্যায়ালয়ে খাৰিজ কৰে এলাহাবাদ উচ্ছ ন্যায়ালয়ৰ ৰায়৷ উচ্ছতম ন্যায়ালয়ে মঙলবাৰে দিয়া ৰায়টোত কয়– উত্তৰ প্ৰদেশৰ মাদ্ৰাছা শিক্ষা আইন বৈধ আৰু সাংবিধানিক৷ উচ্ছতম ন্যায়ালয়ৰ এই নিৰ্দেশৰ ফলত উত্তৰ প্ৰদেশত মাদ্ৰাছা শিক্ষা অব্যাহত ৰখাৰ ক্ষেত্ৰত অহা বাধা আঁতৰিল৷
উচ্ছতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ বিচাৰপীঠে দীঘলীয়া শুনানিৰ অন্তত মঙলবাৰে উত্তৰ প্ৰদেশৰ মাদ্ৰাছা শিক্ষা আইন সম্পৰ্কীয় গোচৰৰ ৰায়দান কৰে৷ ৰায়দানৰ সময়ত ন্যায়াধীশ চন্দ্ৰচূড়ে কয়– মাদ্ৰাছা শিক্ষা আইনৰ বৈধতা আছে৷ এই আইন সাংবিধানিক৷ এলাহাবাদ উচ্ছ ন্যায়ালয়ে ৰায়দান কৰাৰ সময়ত আইনৰ মৌলিক কাঠামোত ত্ৰুটি থকা বুলি কৈছিল৷ কিন্তু এয়া ভুল৷ মাদ্ৰাছা আইনত যদি ধৰ্মীয় প্ৰশিক্ষণ দিয়াৰ কথা থাকিলহেঁতেন, তেতিয়া সেই আইন অসাংবিধানিক হ’লহেঁতেন৷ এই আইনত ‘ফাজিল’ ‘কামিল’ আদি ডিগ্ৰী প্ৰদান অসাংবিধানিক৷ এইবোৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ পাঠ্যক্ৰমৰ পৰিপন্থী৷