Logo
image

গছ কটা নহয়, স্থানান্তৰহে কৰা হ’ব ! আদালতত মহাধিবক্তাৰ আজব যুক্তি

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৬ নৱেম্বৰ : উৰণ সেতু নিৰ্মাণৰ নামত ঐতিহাসিক দীঘলীপুখুৰীৰ পাৰৰ শতায়ু গৰাকা ২৫ জোপা গছ কটাৰ চৰকাৰৰ পৰিকল্পনাৰ বিষয়টোৱে এইবাৰ পালেগৈ গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ মজিয়া৷ নুনমাটিৰ পৰা দীঘলীপুখুৰীলৈ নিৰ্মীয়মান উৰণ সেতুখনৰ বাবে দীঘলীপুখুৰীৰ পাৰৰ শ শ বছৰ গৰকা বটবৃক্ষ কাটি পেলোৱা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে কেইবাজনো সচেতন নাগৰিকে গুৱাহাটী উচ্ছ ন্যায়ালয়ত ৰুজু কৰে ৰাজহুৱা স্বাৰ্থ জড়িত গোচৰ৷ উন্নয়নৰ নামত গছ কটাৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ইতিমধ্যে গুৱাহাটীৰ সচেতন নাগৰিক সমাজৰ লগতে কটন-সন্দিকৈৰ ছাত্ৰ সমাজৰ উপৰি বিভিন্ন ছাত্ৰ-যুৱ সংগঠনে দীঘলীপুখুৰীত ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছে৷ মুখ্যমন্ত্ৰীৰ দীঘলীপুখুৰীৰ গছ নকটাকৈ উৰণ সেতু নিৰ্মাণৰ আশ্বাসত আস্বস্ত নোহোৱা ছাত্ৰ সমাজে প্ৰতি নিশাই গীত-মাতেৰে দীঘলীপুখুৰীত গছ পহৰা দিয়াৰ ব্যৱস্থা কৰিছে৷ ইয়াৰ মাজতে মহেশ ডেকা, চন্দ্ৰ কুমাৰ বুঢ়াগোহাই আৰু জয়ন্ত গগৈ নামৰ তিনিজন নাগৰিকে গুৱাহাটী উচ্ছ ন্যায়ালয়ত ৰুজু কৰা পি আই এল ৬৪/২০২৪ নম্বৰৰ ৰাজহুৱা স্বাৰ্থ জড়িত গোচৰটোৰ মঙলবাৰে শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ বিজয় বিষ্ণই আৰু ন্যায়াধীশ এন উন্নি কৃষ্ণন নায়াৰৰ খণ্ড বিচাৰপীঠে চৰকাৰৰ বিৰুদ্ধে কঠোৰ হৈ পৰে৷ গোচৰটোৰ শুনানিত খণ্ড বিচাৰপীঠখনে দীঘলীপুখুৰীৰ গছ কটা পৰিকল্পনাক লৈ পোনে পোনে প্ৰশ্ন কৰে চৰকাৰী পক্ষৰ অধিবক্তাক৷ আশ্চর্যজনকভাৱে ন্যায়ালয়ক মহাধিবক্তাই দীঘলীপুখুৰী পাৰৰ গছ কটাক লৈ ৰুজু হোৱা ৰাজহুৱা স্বাৰ্থ জড়িত গোচৰটো গোচৰীয়া পক্ষৰ প্ৰচাৰৰ অংশ বুলিহে কটুক্তি কৰে৷ আনকি শুনানিত মহাধিবক্তাই দীঘলীপুখুৰীৰ পাৰৰ গছ কটাৰ পৰিৱৰ্তে চৰকাৰে স্থানান্তৰ কৰাৰ চিন্তা-চৰ্চা কৰা বুলিও আজৱ যুক্তি দাঙি ধৰে৷ মহাধিবক্তাই লগতে দীঘলীপুখুৰীৰ পাৰৰ গছ কটাক লৈ প্ৰতিবাদ হোৱাৰ পাছত ২৯ অক্টোবৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে গছ নকটাকৈ উৰণ সেতু নিৰ্মাণৰ বাবে লোকনিৰ্মাণ বিভাগক বিকল্প সন্ধান কৰিবলৈ নিৰ্দেশ দিয়া বুলি ন্যায়ালয়ক জানিবলৈ দিয়ে৷ তদুপৰি মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে গছ কটাৰ বিকল্পৰ বিষয়ক লৈ মুখ্য সচিবে আলোচনা কৰা আন এটা  টুইট ন্যায়ালয়ৰ দৃষ্টিগোচৰ কৰি দীঘলীপুখুৰীৰ গছ কটা বিষয়টো ইতিমধ্যে সমাধান হোৱা বুলি অৱগত কৰে৷


সমাধান হোৱা বিষয় এটাক লৈ প্ৰচাৰৰ বাবে গোচৰীয়া পক্ষই ৰাজহুৱা স্বাৰ্থজড়িত গোচৰটো ৰুজু কৰা বুলিও সমালোচনা কৰে মহাধিবক্তাই৷ মহাধিবক্তাৰ এই যুক্তি খণ্ডন কৰি গোচৰীয়া পক্ষৰ জ্যেষ্ঠ অধিবক্তা কে এন চৌধুৰীয়ে মুখ্যমন্ত্ৰীয়ে দীঘলীপুখুৰীক লৈ টুইট কৰাৰ পূৰ্বেই ২৮ অক্টোবৰতে পিআইএলখন দাখিল কৰা বুলি মহাধিবক্তাক উভতি ধৰে৷ গোচৰটোৰ শুনানিত মহাধিবক্তাই দীঘলীপুখুৰীৰ পূব পাৰৰ তৈয়বুল্লাহ ৰোডৰ সংযোগী অংশ আৰু পশ্চিম দীঘলীপুখুৰী পাৰৰ পথটোৰ সংযোগী অংশ নিৰ্মাণৰ পুনৰ বিবেচনা অব্যাহত ৰখা বুলি জানিবলৈ দিয়ে৷ তদুপৰি দীঘলীপুখুৰীত ঐতিহাসিক বৃক্ষসমূহক ৰক্ষা কৰি কেনেদৰে নিৰ্মাণ কৰিব পাৰি সেই বিষয়টোকো চিন্তা-চৰ্চা কৰাৰ বিষয়েও অৱগত কৰে৷ লক্ষণীয়ভাৱে ন্যায়ালয়ক মহাধিবক্তাই উৰণ সেতুৰ বাবে দীঘলীপুখুৰীৰ পাৰৰ গছবোৰ পূৰণ চিন দি চিহ্নিত কৰিলেও গছবোৰ ১০-১৫ মিটাৰ স্থানান্তৰ কৰাৰ বাবে চৰকাৰে চিন্তা-চৰ্চা কৰা বুলিও আজৱ যুক্তি দিয়ে৷ চৰকাৰী পক্ষৰ ফালৰ পৰা দীঘলীপুখুৰী গছৰ সুৰক্ষা নিশ্চিত কৰি উৰণ সেতু নিৰ্মাণৰ বিষয়টো বিবেচনা কথা ক’লেও গোচৰীয়া পক্ষৰ হৈ জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰীয়ে নুনমাটি- দীঘলীপুখুৰী উৰণ সেতুখনৰ নিৰ্মাণৰ সিদ্ধান্তৰ সময়ত চৰকাৰে কোনো বিশেষজ্ঞৰ পৰামৰ্শ আৰু ৰাজহুৱা শুনানি গ্ৰহণ নকৰাৰ বিষয়টোকো আঙুলিয়াই দিয়ে৷ অৱশ্যে অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই জাননীৰ বিষয়টোৰ বিৰোধিতা কৰি কয়– ‘ইছ্যুটো ইতিমধ্যে সমাধান হৈছে আৰু যদি জাননী জাৰি কৰা হয় তেন্তে সংবাদ মাধ্যমত বেলেগ ধৰণৰ কথা ওলাব৷ গছবোৰত মাত্ৰ চিহ্নিত কৰা হৈছিল আৰু তাৰ পাছত বহুতো কাম-কাজৰ কথা বিবেচনা কৰিব লাগিব৷ যেতিয়া গছবোৰ চিনাক্ত কৰা হৈছিল, তেতিয়া সেইটো কাটিবৰ বাবে দিয়া হোৱা নাছিল৷’ এই বক্তব্যৰ প্ৰত্যুত্তৰত মুখ্য ন্যায়াধীশ বিষ্ণই প্ৰশ্ন কৰে– ‘আপুনি এই সকলোবোৰ শপতনামাত স্পষ্ট কৰক আৰু আমি সেইবোৰ বিবেচনা কৰিম৷’ উচ্ছ ন্যায়ালয়ে মুখ্য ন্যায়াধীশে চৰকাৰী পক্ষক শপতনামা দাখিলৰ নিৰ্দেশ দি ১৩ নৱেম্বৰত গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে৷ ইফালে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই মঙলবাৰে নিশা দীঘলীপুখুৰীপাৰত উৰণসেতু নিৰ্মাণস্থলী পৰিদৰ্শন কৰে৷ দীঘলীপুখুৰীপাৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে উৰণসেতুৰ নক্সা সলনি কৰি দীঘলীপুখুৰীপাৰৰ গছবোৰ ৰক্ষা কৰা হ’ব বুলি সদৰী কৰে৷ তেওঁ লগতে দীঘলীপুখুৰীৰ গছক লৈ অযথা বিতৰ্ক কৰা বুলি আক্ষেপ কৰি দীঘলীপুখুৰীপাৰৰ গছসমূহ কটাৰ পৰিৱৰ্তে স্থানান্তৰ কৰাৰ চিন্তা-চৰ্চা কৰিছিল বুলিহে দাবী কৰে৷