পুনৰ ট্ৰাম্পৰাজ
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৭ নৱেম্বৰ : অবিশ্বাস্য আৰু অভাৱনীয়ভাৱে চমৎকাৰ প্ৰত্যাৱৰ্তন ঘটাই ৰিপাব্লিকান প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পে পুনৰ চাৰি বছৰৰ বাবে আমেৰিকাত ট্ৰাম্পৰাজ নিশ্চিত কৰিছে৷ সম্পূৰ্ণ নিৰ্বাচনী ফলাফল প্ৰকাশ নৌহওঁতেই ট্ৰাম্পে বিজয়ৰ বাবে প্ৰয়োজন হোৱা ২৭০টা ইলেক্ট’ৰেল ভোট নিশ্চিত কৰি তেওঁ চাৰি বছৰৰ পাছত পুনৰ হোৱাইট হাউছ দখল কৰে৷ আনহাতে, ২২৪টা ইলেক্ট’ৰেল ভোটতে সীমাবদ্ধ থাকি ডেম’ক্ৰেট প্ৰাৰ্থী কমলা হেৰিছে পৰাজয় স্বীকাৰ কৰি ল’বলৈ বাধ্য হয়৷ ফলত শতাব্দীপ্ৰাচীন গণতন্ত্ৰৰ দেশখনে প্ৰথম মহিলা ৰাষ্ট্ৰপতি লাভৰ ইতিহাস সৃষ্টিৰ পৰা এইবাৰো দূৰৈত ৰোৱাটো অৱধাৰিত হৈ পৰে৷ সংযোগবশতঃ ড’নাল্ড ট্ৰাম্পে ৰাষ্ট্ৰপতি হোৱাৰ পথত দুয়োবাৰেই পৰাস্ত কৰিলে মহিলা প্ৰতিদ্বন্দ্বীক৷ ২০১৬ চনত তেওঁ পৰাভূত কৰিছিল হিলাৰী ৰোধাম ক্লিণ্টনক৷ ট্ৰাম্পৰ বিজয় অবিশ্বাস্য আৰু অভাৱনীয় বুলি এইবাবেই কোৱা হৈছে– দেশৰ সকলো প্ৰতিষ্ঠিত আৰু আস্থাশীল সংবাদ মাধ্যমে এইবাৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচন ইতিহাসৰ সবাতোকৈ কঠিন প্ৰতিদ্বন্দ্বিতাপূৰ্ণ হ’ব বুলি ভৱিষ্যদ্বাণী কৰিছিল৷
আনকি মঙলবাৰে নিৰ্বাচনৰ দিনলৈকে সেই দাবী অটুত আছিল আৰু কোনো প্ৰতিষ্ঠানেই এজন প্ৰাৰ্থীকো স্পষ্ট ফেভাৰিট হিচাপে ঘোষণা কৰা নাছিল৷ তেনে জনমত সমীক্ষাত শেষ মুহূৰ্তলৈকে সামান্য বাৱধানত হ’লেও আগবাঢ়ি আছিল কমলা হেৰিছ৷ নিৰ্বাচনৰ এপষেক আগলৈ স্পষ্ট ফেভাৰিট আছিল ডেম’ক্ৰেট প্ৰাৰ্থী হেৰিছ৷ কিন্তু দিন চমু চাপি অহাৰ লগে লগে ট্ৰাম্পে ব্যৱধান হ্ৰাস কৰি প্ৰায় সমান সমান কৰি তোলে আৰু নিৰ্বাচনৰ দিনটোত সকলো ওলট-পালট কৰি দ্বিতীয়বাৰলৈ ৰাষ্ট্ৰপতি হোৱাটো নিশ্চিত কৰে৷ তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা থকাৰ বাবেই ফলাফল প্ৰকাশ বিলম্বিত হ’ব বুলি আশংকা প্ৰকাশ কৰা হৈছিল৷ সেই আশংকাও অমূলক প্ৰমাণিত হ’ল৷ ড’নাল্ড ট্ৰাম্পে কমেও দুখনকৈ ‘ছুইং’ প্ৰদেশত বিজয় অৱধাৰিত কৰি কমলা হেৰিছক হোৱাইট হাউছত প্ৰৱেশত বাধা দিয়াটো নিশ্চিত কৰি তুলিলে নিৰ্বাচনৰ পৰৱৰ্তী দিনটোৰ মধ্যাহ্ন অতিক্ৰম নৌকৰোঁতেই৷ মুঠ ৫৩৮টা ইলেক্ট’ৰেল ভোটৰ ২৭৭টা ড’নাল্ড ট্ৰাম্পে প্ৰায় নিশ্চিত কৰিছে বুলি ৰিপাব্লিকানে দাবী কৰিছে আৰু একেসময়তে দেশৰ প্ৰভাৱশালী সংবাদ মাধ্যমে এই দাবী সত্য বুলি সমৰ্থন জনাইছে৷ কমলা হেৰিছ ক্ষান্ত হৈ ৰৈছে ২২৪টা ইলেক্ট’ৰেল ভোটত৷
প্ৰংসগতঃ উল্লেখযোগ্য, আমেৰিকাত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ অনানুষ্ঠানিক ফলাফল সদায় প্ৰতিষ্ঠিত সংবাদ মাধ্যমসমূহেই কৰে৷ তাৰ পাছতহে নিৰ্বাচনী কৰ্তৃপক্ষই আনুষ্ঠানিক ঘোষণা কৰে৷ তালৈ স্বাভাৱিকতে এমাহতকৈ অধিক সময়ৰ প্ৰয়োজন হয়৷ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পাছত দেশখনৰ ক্ষমতা হস্তান্তৰ প্ৰক্ৰিয়াটোও বেছ দীঘলীয়া৷ আন বহু দেশৰ দৰে শপত গ্ৰহণৰ লগে লগে বা নিৰ্বাচিত হোৱাৰ পাছতে মাৰ্কিন ৰাষ্ট্ৰপতিয়ে কোনো সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে৷মাৰ্কিন ৰাষ্ট্ৰপতিৰ আসনত অধিষ্ঠিত হ’বলৈ প্ৰয়োজন ২৭০টা ইলেক্ট’ৰেল ভোটৰ৷ অৱশ্যে এতিয়াও মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ আনুষ্ঠানিক ফলাফল ঘোষণা কৰা নাই৷ অহা ১৭ ডিচেম্বৰত ইলেক্টৰসকলে আনুষ্ঠানিকভাৱে ভোটদান কৰি নতুন ৰাষ্ট্ৰপতিৰ নাম ছিনেটত দাখিল কৰি ঘোষণা কৰিব৷ তাৰ পূৰ্বেই ড’নাল্ড ট্ৰাম্পে নিজকে ৪৭সংখ্যক মাৰ্কিন ৰাষ্ট্ৰপতি বুলি ফ্লৰিডাত আগতীয়াকৈ ঘোষণা কৰে৷ অৱশ্যে তেওঁৰ এই ঘোষণাৰ সাল-সলনি ঘটাৰ সম্ভাৱনা নাই৷ড’নাল্ড ট্ৰাম্পৰ এই বিজয় ফিনিক্স পক্ষীৰ পুনৰ্জন্মৰ সৈতে তুলনা কৰিব পাৰি৷ ফিনিক্স চৰাইৰ যিদৰে পুৰি ভস্ম হোৱাৰ পাছতো ছাইৰ পৰা পুনৰ্জন্ম হোৱা বুলি এটা কাহিনী আছে, সেইদৰে ড’নাল্ড ট্ৰাম্পৰো পুনৰ্জন্ম হোৱা বুলিয়েই চৰ্চা হৈছে৷ ২০২০ চনত ৰাষ্ট্ৰপতি নিৰ্বাচনত যোছেফ বাইডেনৰ হাতত পৰাস্ত হোৱাৰ পাছত ট্ৰাম্পৰ ৰাজনৈতিক কেৰিয়াৰৰ সমাপ্তি ঘটা বুলি কোৱা হৈছিল৷ ৰাষ্ট্ৰপতিৰ কাৰ্যালয় কেপিটল হিল্ছ এৰিবলৈ অমান্তি হৈ তেওঁ সমৰ্থকৰ দ্বাৰা কেপিটল হিল্ছ দখল কৰিবলৈ প্ৰৰোচনা দিয়াৰ অভিযোগ উঠিছিল৷ ট্ৰাম্পৰ সমৰ্থকে হিংসাত্মক প্ৰতিবাদেৰে দখল কৰি লৈছিল কেপিটল হিল্ছ৷ সেই অভিযোগত ট্ৰাম্প এতিয়াও বিচাৰাধীন আচামী৷ আজিও তেওঁ সেই পৰাজয়ক ‘চুৰি কাৰ্য’ বুলি অভিহিত কৰি আছে৷ আনহাতে পৰ্নষ্টাৰ ষ্টৰ্মী ডেনিয়েলছৰ সৈতে যৌন সম্পৰ্ক কৰি সেই কথা লুকুৱাবলৈ ষ্টৰ্মীক উৎকোচ দিয়াৰ গোচৰত তেওঁ দণ্ডিত অপৰাধী৷ সেই শাস্তি প্ৰদান কৰিবলৈ এতিয়াও বাকী৷ ফৌজদাৰী গোচৰত দণ্ডিত আৰু আন আন ফৌজদাৰী গোচৰত বিচাৰাধীন এক আচামী হিচাপে ড’নাল্ড ট্ৰাম্প পুনৰ যে ৰাষ্ট্ৰপতি হ’ব পাৰিব, সেয়া ৬-৮ মাহ আগলৈকে আছিল অনিশ্চিত৷ কিন্তু ট্ৰাম্পে সকলো অনিশ্চয়তা অতিক্ৰম কৰি ফিনিক্সৰ দৰেই পুনৰ্জন্ম ল’লে ৪৭সংখ্যক মাৰ্কিন ৰাষ্ট্ৰপতি ৰূপে৷