Logo
image

এইপৰ্যন্ত ৯ খন টোলগেটত সংগ্ৰহ হ’ল ৪৫২ কোটি

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৭ নৱেম্বৰ : ৰাজ্যৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ ৰূপৰ বাবে সৰ্বসাধাৰণ জনতাই ত্ৰাহি মধুসূদন সোঁৱৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’লেও টোল কৰ সংগ্ৰহত অলপো কৃপণালি কৰা নাই ৰাষ্ট্ৰী ঘাইপথ প্ৰাধিকৰণে৷ অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাক লৈ ৰাইজে প্ৰতিবাদ অব্যাহত ৰখাৰ মাজতে ৰাজ্যবাসীৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে আহৰণ কৰিলে ৪৫২.২২ কোটি টকা টোল কৰ৷ অসমৰ বিভিন্ন ৰাষ্ট্ৰীয় ঘাইপথত স্থাপন কৰা মুঠ ৯ খন টোল গেটৰ জৰিয়তে চলাচল কৰা যান-বাহনৰ পৰা এই বৃহৎ অংকৰ টোল কৰ সংগ্ৰহ কৰিছে৷ চেণ্টাৰ ফৰ এফিচিয়েণ্ট গৱৰ্নেঞ্চ নামৰ স্বেচ্ছাসেৱী সংস্থাটোৰ কাৰ্যবাহী সঞ্চালক ৰাকেশ হাজৰিকাৰ আৰ টি আইৰ আবেদনত এই তথ্য প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে৷ এন এইচ এ আই কতৃৰ্পক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি ২০২০ চনৰ জুন মাহৰ পৰা কাৰ্যক্ষম হোৱা মদনপুৰ টোলগেটৰ জৰিয়তে সৰ্বাধিক ১১৭.৬৮ কোটি টকা টোলকৰ সংগ্ৰহ কৰা হৈছে৷ ইয়াৰ পাছতেই ২০২০ চনৰ মে’ মাহত স্থাপন কৰা গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰৰ নাজিৰাখাট টোল প্লাজাৰ জৰিয়তে ৯১.১৩ টকা কৰ সংগ্ৰহ কৰা হৈছে৷


একেটা বৰ্ষৰে মাৰ্চ মাহত কাৰ্যক্ষম হোৱা ৰহা টোলগেটৰ জৰিয়তে সংগ্ৰহ কৰা হৈছে ৫৮.৪৩ কোটি টকা কৰ৷ ২০২০ চনৰ জানুৱাৰীৰ পৰা কাৰ্যক্ষম কৰা দাহালপাৰা টোলগেটৰ জৰিয়তে সংগ্ৰহ কৰা হৈছে ৬৩.১৫ কোটি টকা টোল কৰ৷ একেদৰে পাটগাঁও টোলগেটৰ জৰিয়তে সংগ্ৰহ কৰিছে ৬১.৫৫ কোটি টকা৷ পাটগাঁও টোল গেটখন কাৰ্যক্ষম কৰা হৈছিল ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত৷ আনহাতে, ২০২০ চনৰ মে’ মাহত কাৰ্যক্ষম কৰা মিকিৰাতি টোলগেটৰ জৰিয়তে টোল কৰ ৩১.৬১ কোটি টকা সংগ্ৰহ কৰিছে৷ তদুপৰি, ২০২১ চনৰ নৱেম্বৰৰ পৰা কাৰ্যক্ষম হোৱা গলীয়া টোলগেটত ২৪.০১ কোটি টকা টোল কৰ, ২০২০ চনত স্থাপন হোৱা মান্দেৰদিছা টোলগেটৰ জৰিয়তে ৩.৭৭ কোটি টকা কৰ আৰু ২০২১ চনত কাৰ্যক্ষম কৰা বালাচেৰা টোলগেটত ৮৮ লাখ টকা টোল কৰ সংগ্ৰহ কৰিছে৷ কাৰ্যক্ষম হোৱাৰ দিনাৰ পৰা বিগত ২০২৩ বৰ্ষৰ ডিচেম্বৰ পৰ্যন্ত এই কৰ সংগ্ৰহ কৰা হৈছে৷ লক্ষণীয় বিষয়টো হৈছে, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে কলিয়াবৰৰ চুলুং আৰু ৰঙামাটি টোলগেট নৱবৰ্ষৰ পৰাই কাৰ্যক্ষম কৰাৰ বাবে সাজু হৈছে৷ ইয়াৰোপৰি ৰাজ্যত নিৰ্মাণ অব্যাহত আছে আন ১৬খন টোলগেট৷ ৰাষ্ট˜ীয় ঘাইপথ প্ৰাধিকৰণে মুঠ ২৭খন টোলগেটেৰে জনতাক কেকোঁৰাচেপা দিয়াৰ বাবে সাজু হৈছে৷