১০ মে’ত ডেৰ লাখ নিযুক্তি সম্পন্ন, পুনৰ পুলিচৰো চাকৰি
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ নৱেম্বৰ : ‘অহা ফেব্ৰুৱাৰী মাহত অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ (এডিআৰই) ফলাফল ঘোষণা হ’ব৷ ১০ মে’ত আৰু ৫০ হাজাৰ চৰকাৰী চাকৰিত নিযুক্তি দিয়া হ’ব৷ এই নিযুক্তি সম্পূৰ্ণ কৰিলে প্ৰায় ডেৰ লাখ নিযুক্তি চৰকাৰৰ চাৰিবছৰীয়া কাৰ্যকালত সম্পূৰ্ণ হ’ব৷’– এই মন্তব্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ বুধবাৰে বঙাইগাঁৱত মিত্ৰজোঁটৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় এনেদৰে মন্তব্য কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়– ‘এডিআৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতে মাৰ্চ মাহত আৰক্ষী বাহিনীকে ধৰি বিভিন্ন বিভাগত প্ৰায় ৩৫ হাজাৰ চাকৰিৰ বিজ্ঞাপন প্ৰকাশ পাব৷’ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে ৰাজ্যৰ শাসনাধিস্থিত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন চৰকাৰখনে জাতি, মাটি আৰু ভেটিৰ হকে নিৰন্তৰভাৱে কাম কৰি বিকাশৰ লগতে অসমক নতুনকৈ নিৰ্মাণৰ বাবে গুৰুত্ব আৰোপ কৰিছে৷ হত্যা, হিংসা, সন্ত্ৰাসবাদ আদিৰ অৱসান ঘটি ৰাজ্যখনে সম্প্ৰতি বিকাশৰ এক নতুন দিগন্তলৈ গতি কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে কাৰ্যকালৰ বিগত চাৰে তিনি বছৰত জাতিটোক দুৰ্বল কৰি ৰখা বিভিন্ন সমস্যাৰাজি ক্ৰমান্বয়ে মীমাংসা কৰিবলৈ সক্ষম হৈছে৷
যাৰ ফলস্বৰূপে ৰাজ্যখনত এটা নতুন পৰিৱেশ গঢ়ি উঠাৰ লগতে যুৱক-যুৱতীসকলৰ মাজত নতুন আশাৰ সঞ্চাৰ হৈছে আৰু চাৰিওফালে জনসাধাৰণৰ মাজত এক আস্থা আৰু বিশ্বাসৰ পৰিৱেশ সৃষ্টি হৈছে৷ মুখ্যমন্ত্ৰীয়ে চৰকাৰী চাকৰিত নিযুক্তিৰ বাবে অনুষ্ঠিত স্বচ্ছ আৰু মেধাভিত্তিক পৰীক্ষাসমূহৰ কথা উল্লেখ কৰি কয় যে ইয়াৰ বিপৰীতে কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত চৰকাৰী চাকৰিত নিযুক্তি প্ৰক্ৰিয়াত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ আছে৷ ড॰ শৰ্মাই মন্তব্য কৰে যে চৰকাৰী চাকৰিত ডেৰ লাখ যুৱক-যুৱতীক নিযুক্তি, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত ২ লাখ যুৱক-যুৱতীক স্ব-নিৰ্ভৰশীল হোৱাৰ সুযোগ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন পদত নিযুক্তি আদিৰ জৰিয়তে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে পাঁচ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হোৱালৈ অসমত ৫ লাখ যুৱক-যুৱতীয়ে কৰ্মসংস্থাপনৰ সুবিধা লাভ কৰিব৷