Logo
image

মুখ্যমন্ত্ৰী নমনীয়, বাট সলালে দীঘলীপুখুৰীৰ ফ্লাইঅভাৰে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৭ নৱেম্বৰ : সকলো বিতৰ্ক আৰু আশংকাৰ অৱসান ঘটাই দীঘলীপুখুৰীৰ উৰণ সেতুৱে সলালে বাট৷ গুৱাহাটীৰ সচেতন নাগৰিক সমাজ আৰু ছাত্ৰ সমাজৰ প্ৰতিবাদৰ পাছতেই উৰণ সেতুখনৰ নিৰ্মাণক লৈ নমনীয় স্থিতি গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ দীঘলীপুখুৰী-নুনমাটি সংযোগী উৰণ সেতুখনৰ নিৰ্মাণৰ নামত ৰাজ্য চৰকাৰে ঐতিহাসিক দীঘলীপুখুৰীপাৰৰ ২৫ জোপাকৈ শতায়ু গৰকা বটবৃক্ষ কাটি পেলোৱাৰ বাবে লোৱা হঠকাৰী সিদ্ধান্তৰ বিৰোধিতাৰে ৰাইজে ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছিল৷ ইয়াৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে গছ নকটাকৈ বিকল্প সন্ধানৰ আশ্বাস দিছিল৷ কিন্তু নাগৰিক সমাজে মুখ্যমন্ত্ৰীৰ সেই আশ্বাসত আস্বস্ত নহৈ  প্ৰতিবাদ অব্যাহত ৰাখিছিল৷ দীঘলীপুখুৰীৰ গছ কটাক লৈ গুৱাহাটী উচ্ছ ন্যায়ালয়ত ৰুজু হোৱা এটা ৰাজহুৱা স্বাৰ্থজড়িত গোচৰৰ শুনানিত মঙলবাৰে চৰকাৰে দীঘলীপুখুৰীৰ গছ কটা নহয় বুলিও অৱগত কৰিছিল৷ উচ্ছ ন্যায়ালয়ৰ শুনানিৰ পাছতেই মঙলবাৰে নিশা দীঘলীপুখুৰীৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰি উৰণ সেতুৰ নক্সা সলনি কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে৷ উৰণ সেতুখনে দীঘলীপুখুৰীৰ অংশ স্পষ্ট নকৰে বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে৷ ইফালে, বিশিষ্ট চিন্তাবিদ ড॰ হীৰেন গোহাঁয়ে উৰণ সেতুখনৰ বাবে ৰটাৰী ক্লাবৰ সাহিত্যৰথীৰ প্ৰতিমূৰ্তিটো উঠাই নিয়াৰ আশংকা ব্যক্ত কৰিছিল যদিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশিষ্ট চিন্তাবিদজনক সমালোচনা কৰিবলৈ গৈ হীৰেন গোহাঁয়ে গুৱাহাটীৰ উন্নয়ন নিবিচাৰে বুলিও কটাক্ষ কৰে৷ সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই দীঘলীপুখুৰীৰ গছ তথা উৰণ সেতুৰ সন্দৰ্ভত কয়– ‘লোকনিৰ্মাণ বিভাগে প্ৰথমৰ পৰাই গছ কটাৰ কোনো সিদ্ধান্ত লোৱা নাছিল৷ আজিকালি ডাঙৰ গছবোৰ পুনৰ ৰোপণ কৰিব পাৰি৷


টেকন’লজীৰ সহায়ত ধুনীয়াকৈ গছজোপা শিপাৰ সৈতে উঠাই নি বেলেগ স্থানত ৰোপণ কৰা হয়৷ প্ৰথম কথা যিসকল ব্যক্তিয়ে এটা অযথা বিতৰ্ক কৰিছে যে লোকনিৰ্মাণ বিভাগে দীঘলীপুখুৰীৰ গছ কাটিব বিচাৰিছে, সেয়া তথ্যৰ ওপৰত প্ৰথমৰ পৰাই আধাৰিত নাছিল৷ সেই কথা গুৱাহাটী উচ্ছ ন্যায়ালয়কো জনাইছোঁ৷ এয়া দুই-এজন ব্যক্তিয়ে কৰা বিতৰ্ক আছিল৷ ছমাহৰ পৰাই মই লক্ষ্য কৰি আছিলোঁ যে নিৰ্দিষ্ট এটা চক্ৰই এই বিষয়টোক লৈ বিতৰ্ক কৰাৰ চেষ্টা কৰি আহিছে৷ দ্বিতীয় এটা বিতৰ্ক হৈছে– লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তিটো ইয়াৰ পৰা উঠাই লৈ যোৱা হ’ব৷ সেইটোও এটা অযথা বিতৰ্ক৷ উৰণ সেতুখন প্ৰতিমূৰ্তিটোৰ ওপৰেদি যাব৷ তলত লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তিটো যেনেকৈ আছে তেনেকৈ থাকিব৷ চৰকাৰখনক উন্নয়নমুখী আৰু বিকাশমুখী কামৰ পৰা অনাৱশ্যকভাৱে আঁতৰাই ৰাখিব বিচাৰি কিছু ব্যক্তিয়ে এই বিতৰ্ক কৰিছে৷ যিহেতু মই ৰাজহুৱাভাৱে এটা প্ৰতিশ্ৰুতি দিছিলো যে গছকেইডাল আমি নাকাটো আৰু পুনৰ ৰোপণো নকৰোঁ৷ গতিকে আমি লোকনিৰ্মাণ বিভাগক সুধিছিলোঁ যে এইটো আমি কেনেকৈ ঠিক কৰিব পাৰোঁ? এতিয়া আমি সিদ্ধান্ত লৈছোঁ উৰণ সেতুখনেৰে নুনমাটি দিশৰ পৰা আহিলে দীঘলীপুখুৰীৰ ওচৰত নামিব আৰু যদি নুনমাটিলৈ যাব খোজে তেনেহ’লে ই আমবাৰীৰ লেম্ব ৰোডত উঠিব৷ দীঘলীপুখুৰীৰ ফালে আৰু সন্দিকৈ কলেজৰ দিশে উৰণ সেতুখন আগুৱাই নাযায়৷ ফলত গছকেইডাল কটা নাযায় বা পুনৰ ৰোপণ কৰিব নালাগে৷ কটাৰ কথা প্ৰথমৰ পৰাই নাছিল৷ এতিয়া আমাৰো ভাল হ’ব৷ কিয়নো উৰণ সেতুখন সোনকালে হৈ যাব৷ গোটেই ভাৰতত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হৈ আছে৷ গছ কটাক লৈ চৰকাৰী এটা নিয়মেই আছে যে এডাল গছ কাটিলে ১০ ডাল ৰোপণ কৰিব লাগিব৷ এচাম মানুহে গছ ভাল পাই বাবে প্ৰতিবাদ কৰিছে৷ আন এচাম মানুহে আকৌ ভাবিছে ফ্লাই অভাৰখন আধাতে বন্ধ হৈ যাওক, যাতে নিৰ্বাচনটো ট্ৰেফিক জামৰ মাজতে শেষ হৈ যায়৷ ইয়াত দুই ধৰণৰ মানুহ আছে৷ ফ্লাই অভাৰখন যদি বন্ধ কৰি দিয়া হয়, শিলপুখুৰীলৈ পাইলিং হৈ গ’ল গতিকে গুৱাহাটীৰ মানুহে ৯-১০ বছৰলৈ নৰক যান্ত্ৰণা ভুগিব লাগিব৷ ১৫ দিন আগতে হাৰিয়ানাৰ পৰা অহা এক্সপাৰ্ট টীমে কাম কৰি আছে, কেনেকৈ গছকেইজোপা উঠাই নি ব্ৰহ্মপুত্ৰৰ পাৰত ৰোপণ কৰিব পাৰি৷ যিহেতু মই টুইটত কথা দিছিলো যে গছকেইডাল নাকাটো আৰু নতুনকৈ ৰোপণো নকৰোঁ, সেই কাৰণে আজি ফ্লাই অভাৰৰ নক্সাটো সলাই দিলোঁ৷ গছ কটাৰ লগতে এটা এনেই বিতৰ্ক লৈ আহিলে হীৰেন গোহাঁয়ে যে লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তিটো ইয়াৰ পৰা উঠাই লৈ যাব৷ ওপৰেদি ফ্লাই অভাৰ যাব, তলৰ  প্ৰতিমূৰ্তিটো কিয় উঠাই নিব৷ তাৰ মানে  হীৰেন গোহাঁইৰ দৰে ব্যক্তিয়ে গুৱাহাটীত ভাল কাম হোৱাটো নিবিচাৰে৷ এতিয়া কৈছে খানাপাৰা ফ্লাই অভাৰখনৰ বাবেও গছ কাটিব৷ মই খানাপাৰাত নিজেই গৈ চাইছোঁ তাত ক’তো গছেই নাই৷ যোৱা বছৰ চৰকাৰে লগোৱা সৰু সৰু গছকেইডাল কাটিব৷ এতিয়া এনেকুৱা হৈছে ক’তো গছেই কাটিব নোৱাৰিব৷ তেনেহ’লে চৰকাৰে ৰাস্তাৰ কাষত গছপুলি ৰোপণৰ কামেই বাদ দি দিব৷ সকলোৰে সমাধান থাকে৷ মই ভাবো কিছুমানে চৰকাৰক বিপদত পেলোৱাৰ বাবে এই কাম কৰিছে৷ ফ্লাই অভাৰখনৰ কাম নিৰ্বাচনৰ পূৰ্বে সম্পূৰ্ণ হ’ব৷

গড়ভঙাক বন্যপ্ৰাণী অভয়াৰণ্য কৰিলে গুৱাহাটীৰ  উন্নয়ন স্থবিৰ হ’ব : মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক : ৰাজ্য চৰকাৰে গড়ভঙা বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি বাতিল কৰাৰ বিষয়টোৱে এইবাৰ পালেগৈ গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ মজিয়া৷ গড়ভঙা বন্যপ্ৰাণী অভয়াৰণ্যৰ অধিসূচনা মুক্তকৰণক প্রত্যাহ্বান জনাই গুৱাহাটী উচ্ছ ন্যায়ালয়ত এটা জনস্বাৰ্থজড়িত গোচৰ ৰুজু কৰা হৈছে৷ সোমবাৰে উচ্ছ ন্যায়ালয়ে এই গোচৰটোৰ শুনানি গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰালয়, অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ লগতে কামৰূপ মহানগৰ জিলা উপায়ুক্তলৈ জাননী জাৰি কৰে৷ ন্যায়ালয়ে এই আবেদনৰ উত্তৰ দিবলৈ চৰকাৰক তিনি সপ্তাহৰ সময় বান্ধি দিছে৷ উল্লেখ্য, ২০২২ চনৰ ২৮ মে’ত অসম চৰকাৰে কামৰূপ মহানগৰ জিলাৰ ১১৭ বৰ্গ কিলোমিটাৰ এলেকাক গড়ভঙা বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰিছিল৷ কিন্তু এই ঘোষণাৰ প্ৰায় এবছৰৰৰ পাছতেই চৰকাৰে কেবিনেটৰ জৰিয়তে অজ্ঞাত কাৰণত ২০২৩ চনৰ আগষ্ট মাহত এই সিদ্ধান্ত বাতিল কৰে৷ গোচৰীয়া পক্ষই আবেদনখনত অভিযোগ কৰা অনুসৰি ৰাজ্যৰ পৰিৱেশ আৰু বন বিভাগে দেশৰ বন্যপ্ৰাণী আইনৰ অধীনত নিৰ্ধাৰিত পদ্ধতি অনুসৰণ নকৰাকৈ গড়ভঙা বন্যপ্ৰাণী অভয়াৰণ্যৰ বাবে জাৰি কৰা প্ৰাৰম্ভিক অধিসূচনা বাতিল কৰিছে৷ বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ অধীনত এবাৰ কোনো অঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰি প্ৰাথমিক অধিসূচনা জাৰি কৰিলে ই সংৰক্ষিত মৰ্যাদা লাভ কৰে৷ কিন্তু এই সিদ্ধান্ত বাতিল বা আন কোনো সাল-সলনিৰ ক্ষেত্ৰত বন (সুৰক্ষা) আইন-১৯৮০ অনুসৰি ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদ চমুকৈ এন বি ডব্লিউ এল আৰু উচ্ছতম ন্যায়ালয়ৰ আগতীয়া অনুমোদন বাধ্যতামূলক যদিও অসম চৰকাৰে তাক মানি চলা নাছিল৷ সোমবাৰে ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনখনৰ উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণই আৰু ন্যায়াধীশ উন্নি কৃষ্ণণ নায়াৰৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰে, ৰাজ্যৰ বিশেষ মুখ্য সচিব (বন) কে ধৰি পদকীয়া পক্ষসমূহলৈ তিনি সপ্তাহৰ ভিতৰত উত্তৰ দিয়াৰ আদেশ জাৰি কৰে৷  অমৃত বৃক্ষ আন্দোলনৰ মাজতে জৈৱ- বৈচিত্ৰ্যৰে ভৰপূৰ গড়ভঙাক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰি জাৰি কৰা অধিসূচনাখন ৰাজ্য চৰকাৰে কিয় বাতিল কৰিবলগীয়া হ’ল তাক লৈ এতিয়া চৰ্চা লাভ কৰিছে৷ অৱশ্যে, গড়ভঙাৰ স্বীকৃতি বাতিলক লৈ এইবাৰ মুখ খুলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয়– গড়ভঙা অভয়াৰণ্য পূৰ্বৰে পৰা আছিল৷ ইয়াৰ স্বীকৃতি বাতিল কৰা নাই৷ আমি গড়ভঙাক বন্যপ্ৰাণী অভয়াৰণ্যহে কৰিব খুজিছিলোঁ৷ কিন্তু বন্যপ্ৰাণী অভয়াৰণ্য কৰিলে গুৱাহাটীৰ উন্নয়ন স্থবিৰ হৈ পৰিব৷