পঞ্চাশ বছৰ পাৰ হ’লে এইবোৰ ব্যায়াম কৰক
পঞ্চাশ বছৰত ভৰি দিয়াৰ লগে লগে নানা শাৰীৰিক সমস্যাৰ সৃষ্টি হয়৷ বিশেষকৈ অষ্টিয়োআথাইটিছ, উচ্ছ ৰক্তচাপ আদিৰ দৰে সমস্যাৰ সৃষ্টি হয়৷ এই ধৰণৰ ৰোগ নিৰাময়ৰ বাবে শৰীৰ চৰ্চা অতি প্ৰয়োজনীয় যদিও বেছিসংখ্যক লোকে কোনো ধৰণৰ ব্যায়াম নকৰাৰ ফলত সময়ত গুৰুতৰ সমস্যাৰ সৃষ্টি হয়৷ ৫০ বছৰ বয়সত ভৰি দিয়াৰ লগে লগে তুলনামূলকভাৱে শৰীৰ চৰ্চা কৰাৰ ক্ষমতাও কিছু হ্ৰাস পায়৷ এই সময়ছোৱাত সাধাৰণতে দুই এটা সৰু-সুৰা ব্যায়াম নিয়মীয়াকৈ কৰিবলৈ অভ্যাস কৰিব লাগে৷ চকীত বহিও কেইটামান ব্যায়াম কৰিব পাৰি৷ চকীত বহি হাত দুখন মূৰৰ ওপৰত তুলি ধৰি মূৰটো দুয়োফালে ঘূৰাব লাগে৷ এনে কৰাৰ ফলত মগজুলৈ তেজৰ সঞ্চালন বৃদ্ধি পায়৷ বয়স হোৱাৰ লগে লগে স্পৰ্টছ জগিং কৰিবলৈ কেতিয়াবা অসুবিধাৰ সৃষ্টি হয় তেতিয়া চকীত বহি জগিং কৰিলে শৰীৰৰ উপৰিভাগৰ ব্যায়াম কৰা হৈ যায়৷ হাতা দুখন লৰাই একে ঠাইতে ৰৈ দৌৰাৰ দৰে ভংগী কৰিব লাগে৷ এই ব্যায়াম কৰোতে ভৰি দুখন মাটিত শক্তিশালীকৈ ৰাখিব লাগে৷ একোবাৰত এইদৰে একে ঠাইতে ৰৈ পঞ্চাশবাৰ মান দৌৰাৰ দৰে ভংগী কৰিব লাগে৷ এই ব্যায়াম কৰাৰ সময়ত নাকেৰে উশাহ লৈ মুখেৰে নিশ্বাস এৰিব লাগে৷ অভ্যাস হৈ গ’লে পঞ্চাশবাৰতকৈ লাহে লাহে এশবাৰ পৰ্যন্ত বৃদ্ধি কৰিব লাগে৷
মেদ হ্ৰাস কৰিবৰ কাৰণে চকীত বহি পেটৰ ওপৰত জোৰেৰে দুখন হাত ৰাখি উশাহ ল’ব লাগে৷ এইদৰে ১০-১২ বাৰ পেটৰ ওপৰত দুয়োখন হাতেৰে হেঁচা দি উশাহ ল’ব লাগে৷ যোগাসন কৰাৰ উপৰি ভুজংগাসন কৰিব পাৰে৷ ভুজংগাসন কৰিলে কঁকালৰ জোৰ বৃদ্ধি পায়৷ এইদৰে বয়স বৃদ্ধি হোৱাৰ লগে লগে সহজতেই কৰিব পৰা ব্যায়াম আয়ত্ত কৰি ল’ব লাগে৷
তদুপৰি বয়স বঢ়াৰ লগে লগে নিৰোগী হৈ থাকিবলৈ পুৱা-গধুলি ঘৰৰ চৌহদৰ ভিতৰতে খোজ কঢ়াৰ অভ্যাস নিয়মীয়া কৰিব লাগে৷ খাদ্যাভাসৰ ওপৰতে স্বাস্থ্য বহু পৰিমাণে নিৰ্ভৰশীল৷ সেয়েহে ব্যায়াম নিয়মীয়াকৈ কৰাৰ উপৰি পুষ্টিকৰ খাদ্যও খোৱাৰ ওপৰত গুৰুত্ব দিব লাগে৷ নিয়মীয়াকৈ প্ৰাণায়াম কৰাৰ অভ্যাস কৰিলে বয়স বাঢ়িলেও বহু ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি৷ এই ক্ষেত্ৰত অভিজ্ঞজনৰ পৰা ব্যায়াম শিকিলৈহে কৰাৰ অভ্যাস কৰিব লাগে৷