Logo
image

ৰাজ্যজুৰি ষট্‌ পূজা পালন

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ৮ নৱেম্বৰ : ৰাজ্যজুৰি হিন্দুধৰ্মাৱলম্বী লোকসকলে পালন কৰিলে ষট্‌ পূজা৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজধানী গুৱাহাটী মহানগৰীতো বসবাস কৰা হিন্দুধৰ্মাৱলম্বী বিশেষকৈ হিন্দীভাষী লোকসকলে ষট্‌ পূজা পালন কৰি বৃহস্পতিবাৰে সন্ধিয়া সূৰ্যদেৱতাক ব্ৰহ্মপুত্ৰৰ ঘাট সমূহত পূজা আগবঢ়ায়৷ ষট্‌ পূজা এক প্ৰাচীন ভাৰতীয় বৈদিক উৎসৱ৷ ষট্‌ পূজা বিশেষকৈ বিহাৰ, ঝাৰখণ্ড, ওড়িশা, পশ্চিম বংগৰ লগতে নেপাল আদিত পালন কৰা হয়৷ প্ৰতি বছৰে কাৰ্তিক শুক্ল পক্ষৰ ষষ্ঠী তিথিত ষট্‌ পূজা পালন কৰা হয়৷ উত্তৰ ভাৰতৰ অন্যতম জনপ্ৰিয় উৎসৱ ষট্‌ পূজা ঘাইকৈ বিহাৰ, উত্তৰ প্ৰদেশ আদিত পালন কৰা হয় যদিও আজিকালি প্ৰায় সকলো ঠাইতে এই পূজা উদ্‌যাপন কৰা দেখা যায়৷ এই উৎসৱৰ মূল উপাস্য দেৱতা হৈছে সূৰ্য৷ আজিকালি আন ধৰ্মৰ লোকেও এই পূজা পালন কৰে৷ এই পূজাৰ নীতি-নিয়ম চাৰিদিন পালন কৰা হয়৷ ইয়াৰ ৰীতি সমূহৰ ভিতৰত পৱিত্ৰ স্নান, নিৰ্জলা ব্ৰত, বহু সময় পানীত থাকি, সূৰ্য দেৱতাক প্ৰাৰ্থনা কৰা আৰু উদিত আৰু অস্তযোৱা সূৰ্যক অৰ্ঘ্য প্ৰদান কৰা৷ এই পূজাত কিছুমান ভক্তয়ে নদীৰ ঘাটলৈ যাওঁতে বাগৰি বাগৰি যোৱাৰ দৃশ্য দেখা যায়৷ তেওঁলোকে যিকোনো মনোবাঞ্চা পুৰণৰ বাবে কঠোৰ ব্ৰত পালন কৰে৷ ইফালে বঙাইগাঁৱত ষট্‌ পূজা উপলক্ষে হিন্দীভাষী লোকৰ পদুলীয়ে পদুলীয়ে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে যায়৷ পৱিত্ৰ উৎসৱৰ লগত সংগতি ৰাখি মন্ত্ৰী দাসে নৈৰ পাৰৰ ঘাটসমূহত গৈ ভক্তৰ খা খবৰ লয়৷


আই নৈৰ চৌৰাগুৰী ঘাট, দোলাইগাঁৱৰ বিসৰ্জন ঘাট, বীৰঝৰা চাহ বাগিচাৰ কুজীয়া নৈৰ ঘাট, নিউ বঙাইগাঁও আৰু ডাংতল বিসৰ্জন ঘাট, পালপাৰাৰ টেকোনঝৰা নৈৰ ঘাট আদি ঘাটত গৈ মন্ত্ৰী দাসে সূৰ্য দেৱতাক প্ৰাৰ্থনা কৰে৷ অস্ত আৰু উদীত সূৰ্যক ৰাইজে পূজা - অৰ্চনা কৰাৰ সময়তে মন্ত্ৰীজনেও কাষত থকা পৰিলক্ষিত হয়৷ ষট্‌ পূজা আয়োজন সমিতি আৰু স্থানীয় ৰাইজৰে মতবিনিময় কৰি মন্ত্ৰী দাসে ষট্‌ পূজাৰ শুভেচ্ছা জ্ঞাপন কৰে৷ মন্ত্ৰী দাসে উপ-নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিগত প্ৰায় দহ দিন ধৰি একেৰাহে বঙাইগাঁৱত বাহৰ পাতি আছে৷ মিত্ৰজোঁটৰ তৰফৰ পৰা বঙাইগাঁও সমষ্টিৰ দায়িত্বত থকা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ নেতৃত্বত নিৰ্বাচনী প্ৰচাৰ কাৰ্য অব্যাহত ৰাখিছে৷ ইফালে ৰাজধানী গুৱাহাটী মহানগৰীত বসবাস কৰা হিন্দীভাষী লোকসকলে ষট্‌ পূজা উৎসাহ উদ্দীপনাৰে পালন কৰে৷ বৃহস্পতিবাৰে দুপৰীয়াৰ পৰা মহাবাহু ব্ৰহ্মপুত্ৰৰ অজস্ৰ ভক্ত দৰ্শনাৰ্থীৰ সমাগম হয়৷ ষট পূজাক কেন্দ্ৰ কৰি ইতিমধ্যেই মহানগৰীত এক উৎসৱ মুখৰ পৰিবেশ পৰিলক্ষিত হোৱাৰ লগতে দুপৰীয়াৰ পৰা ভক্তসকলে ব্ৰহ্মপুত্ৰৰ পাৰলৈ ঘৰৰ পৰা যাত্ৰা কৰে৷ সূৰ্য দেৱতাক আৰাধনা কৰাৰ বাবে দুপৰীয়াৰ ভাগতে নৈৰ পাৰলৈ আগমন ঘটা অগণন ভক্ত দৰ্শনাৰ্থীৰ ব্যক্তিগত বাহন, টেম্প’, অটো ৰিক্সা, মেজিক, চিটি বাছ আদি বিভিন্ন যাত্ৰীবাহী বাহন ভাড়া কৰি সকলো পূজাৰ সামগ্ৰী কঢ়িয়াই পৰিয়াল সহ আনন্দ ফুৰ্তি, হাঁহি ধেমালিৰ যাত্ৰা কৰে৷ ফটকাঁ, আটচবাজি, উচ্ছ স্বৰত বজোৱা মিঁউজিক চিষ্টেমৰ শব্দত মুখৰিত হৈ পৰে মহানগৰীৰ বাট পথৰ লগতে মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰ৷ সূৰ্য অস্ত যোৱালৈ সূৰ্য দেৱতাক ভক্ত, দৰ্শনাৰ্থী সকলে আৰাধনা কৰাৰ পিছতে নিশা ন, দহ বজাত ঘৰলৈ উভতি আহে, ভক্ত  দৰ্শনাৰ্থী সকলে৷ আনহাতে  শুকুৰবাৰে পুৱতি নিশা দুই তিনি বজাত ভক্তসকলে নৈৰ ঘাটলৈ গৈ সূৰ্য উদয় হোৱাৰ পূৰ্বে পূজা অৰ্চনা কৰিব৷ ইতিমধ্যে ষট্‌ পূজা উপলক্ষে মহানগৰীৰ ব্ৰহ্মপুত্ৰ নৈ পাৰৰ কাছমাৰি ঘাট, শুক্ৰেশ্বৰ ঘাট,  চুনচালি ঘাট, পাণ্ডু,  ধপলিয়া, বশিষ্ঠ মন্দিৰ, কটাহবাৰী আদিকে ধৰি মহানগৰীৰ বিভিন্ন স্থান ভক্ত দৰ্শনাৰ্থীক আদৰিবলৈ সজাই পৰাই তোলা হৈছে৷ নৈৰ পাৰৰ ঘাটত আটক ধুনীয়াকৈ পেণ্ডেল, মঞ্চ আদি সুন্দৰকৈ সজাই পৰাই তোলাৰ লগতে ৰং বিৰঙৰ আলোকেৰে দৃষ্টি নন্দন কৰি তুলিছে৷ ইয়াৰ সমান্তৰাল কৈ নিশাৰ ভাগত আয়োজন কৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত আমন্ত্ৰিত শিল্পীয়ে অনুষ্ঠান পৰিবেশন কৰে৷

পূজাৰ বাবে মহাবাহুৰ পাৰ লোকে লোকাৰণ্য হৈ পৰাৰ বিপৰীতে বিয়লিৰ ভাগত মহানগৰীৰ বিভিন্ন অঞ্চল বিশেষকৈ গড়চুক, কটাহবাৰী, দাতাল পাৰা, গণেশ পাৰা, মান পাৰা, ধীৰেন পাৰা, আমবাৰী, লাল গণেশ, লখৰা, গণেশ গুৰি আদি অঞ্চলৰ দোকান বজাৰ সমূহত মানুহৰ সমাগম যথেষ্ট কম পৰিলক্ষিত হয়৷ ইয়াৰ বিপৰীতে বৃহস্পতিবাৰে দুপৰীয়াৰ পৰা মহানগৰীৰ বিভিন্ন স্থানত ভয়াবহ যান জটঁৰ সৃষ্টি হোৱাত কিছু কিছু অঞ্চলত যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে অচল হৈ পৰে৷ ঘণ্টা ঘণ্টা সময় ধৰি একে ঠাইতে ৰৈ থাকিবলগীয়া হয় সহস্ৰাধিক যান বাহন৷ ষট্‌ পূজাৰ বাবে মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰলৈ অহা ভক্ত, দৰ্শনাৰ্থীৰ বাহন আৱদ্ধ হ’ব লগীয়া যানজঁটত৷ বিশেষকৈ মহানগৰীৰ শিল পুখুৰী, গুৱাহাটী ক্লাব, আমবাৰী, উজান বজাৰ, ৰিজাৰ্ড বেংক পানবজাৰ, ফাঁচী বজাৰ, মাছখোৱা, ভৰলুমুখ, ভূতনাথ, মালিগাঁও, কামাখ্যাগেট, বামুণীমৈদাম, নাৰেঙ্গী, আদিত সৃষ্টি হোৱা অভাৱনীয় যান-জঁটে বাৰুকৈয়ে আহুকালত পেলায় মহানগৰ বাসীক৷ গুৱাহাটী ব্ৰহ্মপুত্ৰৰ বাকৰিত ষট্‌ পূজা উপলক্ষে লাখ লাখ ভক্তই ‘ষট্‌ মাইৰ’ পূজা সূৰ্য অস্ত যোৱাৰ আগে আগে সূৰ্যদেৱতাক পূজা অৰ্চনা কৰে৷ এই পূজাৰ বিশেষ মহত্ত্ব আছে বুলি হিন্দু ধৰ্মাৱলম্বী লোকসকলে বিশ্বাস কৰে৷ ষট্‌ পূজাৰ পৱিত্ৰ ক্ষণত ভক্তপ্ৰাণ ৰাইজৰ সৈতে সেৱা-প্ৰাৰ্থনা কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷  কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ষট্‌ পূজাৰ পৱিত্ৰ ক্ষণত গুৱাহাটীৰ জ্যোতিকুছিত ভক্ত প্ৰাণ ৰাইজৰ সৈতে সূৰ্যদেৱতাৰ প্ৰতি নতশিৰে সেৱা-প্ৰাৰ্থনা জনাই সকলোৰে কুশল-মংগল কামনা কৰে৷ ইফালে ষট্‌ পূজা উপলক্ষে ৰাইজক সম্ভাষণ জনাইছে অসমৰ ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই৷ তেওঁ অসমবাসীক ষট্‌ পূজাৰ শুভেচ্ছা জনায়৷  এক শুভেচ্ছা বাৰ্তাত ৰাজ্যপাল আচাৰ্যই কয়, ‘ষট্‌  পূজা উপলক্ষে অসমবাসীলৈ মোৰ আন্তৰিক শুভেচ্ছা৷ ই আত্ম-অনুশাসন, বিশ্বাস, বিশ্বাস আৰু সূৰ্য দেৱতাৰ প্ৰতি প্ৰাৰ্থনাৰ উৎসৱ য’ত মানুহে বৃহৎ সংখ্যকে অংশগ্ৰহণ কৰি অৰ্পণ কৰে৷ আশাকৰোঁ উৎসৱৰ উদযাপনসমূহে পৰম বিশ্বাস আৰু বিশ্বাসক চিত্ৰিত কৰে আৰু বস্তুৰ ওপৰত সংযমৰ দৰে মানৱীয় মূল্যবোধক শক্তিশালী কৰাত সহায় কৰে ইচ্ছা, ত্যাগ ইত্যাদি৷ লগতে ৰাইজক উৎসৱৰ আধ্যাত্মিক সাৰমৰ্ম উপলব্ধি কৰি জনসাধাৰণৰ মংগলৰ বাবে ভাল কাম কৰিবলৈ অনুৰোধ জনায়৷ বৃহস্পতিবাৰে ৰাজ্য জুৰি শান্তি পূৰ্ণভাৱে ষট্‌ পূজা পালন কৰা হয়৷ (‘আমাৰ অসম’ৰ বঙাইগাঁৱৰ প্ৰতিনিধিৰ সহযোগত)

গুৱাহাটীত আৰক্ষীৰ কট্‌কটীয়া নিৰাপত্তা

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক : ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ ষট পূজাৰ ঘাট সমূহত দুস্কৃতিকাৰীয়ে কূটাঘাতকমুলক কাৰ্য সংঘটিত কৰিব পাৰে বুলি আৰক্ষীৰ চোৰাংচোৱা সংস্থাই আশংকা প্ৰকাশ কৰিছে৷ দুস্কৃতিকাৰীৰ ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ প্ৰতিটো ঘাটত আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা পৰিলক্ষিত হৈছে৷ এই ষট পূজাক লৈ মহানগৰ আৰক্ষীয়ে অৱলম্বন কৰিছে বিশেষ সতৰ্কতা৷ আজি বিয়লি আৰু ৮ নৱেম্বৰৰ পুৱা গুৱাহাটীৰ ব্ৰহ্মপুত্ৰকে ধৰি বশিষ্ঠ, বাহিনী নৈৰ ঘাটত মাংগলিক পৰম্পৰাৰে ষট পূজা উদযাপন কৰা হ’ব৷ ষট পূজাক লৈ ইতিমধ্যে মহানগৰ আৰক্ষীয়ে বিভিন্ন স্থানত যান-বাহনৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে৷ কিন্তু ইয়াৰ উপৰিও ষট পূজা পালন কৰিবলগীয়া গুৱাহাটীৰ ষট পূজাৰ ঘাটসমূহত মহানগৰ আৰক্ষীয়ে বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে৷ ইতিমধ্যে ঘাটসমূহৰ আশে-পাশে যান-বাহনৰ পাৰ্কিং নিষিদ্ধ কৰিছে৷ তদুপৰি পুৰণি গাড়ী,স্ত্ৰেপ আদিও ঘাটসমূহৰ পৰা আঁতৰাইছে৷ আজি মহানগৰ আৰক্ষীয়ে ঘাটসমূহত সম্ভাব্য কূটাঘাত ৰোধৰ বাবে বিস্ফোৰক আদিৰ সন্ধানতো তালাচী চলায়৷ উল্লেখযোগ্য যে যোৱা ১৫ আগষ্টত আলফা স্বাধীনে গুৱাহাটীৰ কেইবা স্থানতো বোমা স্থাপন কৰাৰ বাৰ্তা দি আতংক বিয়পাইছিল৷ সেয়ে ষট পূজাৰ সময়তো যাতে আলফাই তেনে আতংকৰ সৃষ্টি কৰিব নোৱাৰে তাৰবাবে মহানগৰ আৰক্ষীয়ে গ্ৰহণ কৰিছে সকলো প্ৰয়োজনীয় সুৰক্ষামূলক ব্যৱস্থা৷ ষট পূজা উপলক্ষে আজি দিনৰ ১২ বজাৰ পৰা গুৱাহাটীত মহানগৰ আৰক্ষীয়ে গধুৰ যান-বাহনৰ প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰিছে৷  তদুপৰি মাছখোৱাৰ পৰা মুখ্য ন্যায়াধীশৰ বাসভৱনলৈ এই পথছোৱাত আজি ষট পূজা কৰিবলৈ অহা ব্যক্তি কঢ়িওৱা গাড়ীৰ বাহিৰে আন কোনো যান-বাহনৰ চলাচলত বাধা আৰোপ কৰিছে৷