এইবেলি বানেহে বান! শ্বাহৰ ঘোষণা অনুসৰি নৈ-জলাশয় সংযোগৰ প্ৰস্তুতি
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৮ নৱেম্বৰ : অসমত আৰু নোহোৱা হৈ পৰিব বানপানীৰ সমস্যা! বাৰিষা বাঢ়নী পানীয়ে প্ৰলয় নমাই নানে অসমলৈ! মহাবাহু ব্ৰহ্মপুত্ৰৰ উপনৈসমূহৰ বাঢ়নী পানীয়ে এতিয়াৰ পৰা উপচি পৰিব ৰাজ্যৰ গাঁৱে-ভূঞে থকা জলাশয়সমূহ৷ ৰাজ্যৰ ২৭১টা জলাশয়লৈ বাৰিষা ব্ৰহ্মপুত্ৰৰ উপ-নৈসমূহৰ পানীৰ বোৱতী সুঁতি সলনি কৰি অসমৰ বান সমস্যাৰ স্থায়ী সমাধান কৰিব কেন্দ্ৰীয় চৰকাৰে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বৃহৎ বৃহৎ পুখুৰী খান্দি ব্ৰহ্মপুত্ৰৰ পানী বোৱাই নি অসমৰ বানপানী নিয়ন্ত্ৰণৰ কথা ঘোষণা কৰিছিল যদিও নতুনকৈ বৃহৎ পুখুৰী খন্দাৰ পৰিৱৰ্তে এইবাৰ ৰাজ্যৰ জলাশয়সমূহক বাৰিষা পানীৰ ৰিজাৰ্ভাৰ হিচাপে ৰূপান্তৰ কৰাৰ চিন্তা-চৰ্চা কৰিছে মোদী চৰকাৰে৷ দুদিনীয়া ভ্ৰমণসূচীয়ে গুৱাহাটীলৈ অহা কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনে কেন্দ্ৰীয় জৰীপকাৰী সংস্থাই চিনাক্ত কৰা ৰাজ্যৰ ২৭১টা জলাশয়ক বানপানী নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে অসম চৰকাৰক৷ বুধবাৰে গুৱাহাটীত অসম চৰকাৰৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ কেন্দ্ৰীয় গৃহ সচিবজনে জলাশয়সমূহক পুনৰুজ্জীৱিতকৰণেৰে ৰাজ্যৰ নৈ-উপনৈসমূহৰ সৈতে সংযোগ কৰি বাৰিষা বানপানী প্ৰতিৰোধৰ সম্ভাৱনীয়তা হিচাপে গঢ়ি তোলাৰ বাবে প্ৰকল্প ৰূপায়ণৰ নিৰ্দেশ দিয়ে৷
অসম চৰকাৰৰ মুখ্য সচিব ৰবি কোটাৰ উপস্থিত অনুষ্ঠিত এই বৈঠকত নৰ্থ-ইষ্টান স্পেচ এপ্লিকেশ্বন চেণ্টাৰে চিনাক্ত কৰা জলাশয়সমূহৰ সম্ভাৱনীয়তাক লৈ বিশদ আলোচনা হয়৷ এই বৈঠকতে অসম চৰকাৰৰ জলসম্পদ বিভাগক নৰ্থ ইষ্টাৰ্ণ স্পেচ এপ্লিকেশ্বন চেণ্টাৰে চিনাক্ত কৰা ২৭১টা জলাশয়ৰ সম্ভাৱনীয়তা মূল্যায়ন কৰি প্ৰতিবেদন প্ৰস্তুত কৰিবলৈকো নিৰ্দেশ দিয়ে৷ জলাশয়ত পানী সংৰক্ষণৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহ সচিবৰে হোৱা বৈঠকৰ সন্দৰ্ভত মুখ্য সচিব ৰবি কোটাই অভিলাষী প্ৰকল্পটোৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ পানীৰ স্তৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলেও উপনৈসমূহক বিবেচনা কৰিব পৰা হ’ব বুলিও গৃহ সচিব গোবিন্দ মোহনক অৱগত কৰে৷ এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মুখ্য সচিব ৰবি কোটাই কয়– ‘এই প্ৰকল্পৰ জৰিয়তে ব্ৰহ্মপুত্ৰক নিয়ন্ত্ৰণ কৰা সম্ভৱ নহ’ব৷ কিন্তু আমি ৰাজ্যৰ বিভিন্ন গাঁও আৰু চহৰৰ মাজেৰে বৈ যোৱা উপনৈসমূহৰ পানীৰ স্তৰ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিম৷ সেই উদ্দেশ্যেৰেই কিছু সংখ্যক গুৰুত্বপূৰ্ণ উপ-নৈৰ সৈতে বৃহৎ বৃহৎ জলাশয়ক সংযোগ কৰিব পাৰি নেকি বা তাৰ সম্ভাৱনীয়তা অধ্যয়ন কৰা হ’ব৷’ লক্ষণীয়ভাৱে বৈঠকত কেন্দ্ৰীয় গৃহ সচিব মোহনে এই প্ৰকল্পটোত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কতৃৰ্পক্ষক (এন ডি এম এ) জড়িত কৰি কেন্দ্ৰীয় সংস্থাৰ তত্বাৱধানত জৰীপ চলোৱাৰ বিষয়টোকো চিন্তা-চৰ্চা কৰাৰ আশ্বাস প্ৰদান কৰে অসম চৰকাৰক৷ উল্লেখ্য, অসম চৰকাৰে প্ৰথম পৰ্যায়ত ৩৮০.৬০ কোটি টকা ব্যয়ৰে ৭ খন জিলাৰ ৯ টা জলাশয় চিনাক্ত কৰি স্থানীয় উপনৈৰ সৈতে সংযোগ কৰাৰ পৰিকল্পনাৰ কথা অৱগত কৰি কেন্দ্ৰৰ পৰা সাহায্য বিচৰা বিষয়টোও অৱগত কৰে৷ লক্ষণীয়ভাৱে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পূৰ্বৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি ব্ৰহ্মপুত্ৰৰ বান নিয়ন্ত্ৰণৰ বাবে বৃহৎ বৃহৎ পুখুৰী নাখান্দিলেও ৰাজ্যৰ জলাশয়সমূহৰ সৈতে উপনৈৰ সংযোগকৰণে বান সমস্যাৰ কিমানদূৰ সমাধান কৰিব পাৰিব, সেয়া সময়তহে স্পষ্ট হ’ব৷ তেতিয়াহে ক’ব পৰা যাব– এইবেলি বানেহে বান, নে অহাবেলি বানেহে বান...৷