ভাৰততো আছে ট্ৰাম্পৰ বিশাল সাম্ৰাজ্য
নতুন দিল্লী, ৮ নৱেম্বৰ : ৰাজনীতিৰ সমানে সমানে ব্যৱসায়িক ক্ষেত্ৰতো সমানে সফল মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা ড’নাল্ড ট্ৰাম্প৷ বিশ্বৰ বিভিন্ন দেশত আছে তেওঁৰ ব্যৱসায়িক সাম্ৰাজ্য৷ ভাৰততো সম্প্ৰসাৰিত হৈ আছে ট্ৰাম্পৰ ব্যৱসায়৷ ভাৰতৰ মুম্বাই, পুনে, গুৰুগ্ৰাম আৰু কলকাতাৰ দৰে ব্যৱসায়িক চহৰত সম্প্ৰসাৰিত হৈ আছে ট্ৰাম্পৰ ব্যৱসায়৷ উল্লেখ্য যে ড’নাল্ড ট্ৰাম্পৰ মূল ব্যৱসায় ৰিয়েল ইষ্টেটৰ সৈতে জড়িত৷ ইয়াৰ জৰিয়তে তেওঁৰ কোম্পানীয়ে ভাৰতত বৃহৎ অংকৰ ধন বিনিয়োগ কৰি থৈছে৷ ২০১৩ চনত ট্ৰাম্পৰ ৰিয়েল ইষ্টেট কোম্পানী ‘দ্য ট্ৰাম্প অৰ্গেনাইজেশ্যন’ৰ ভাৰতত প্ৰৱেশ ঘটে৷ তেতিয়াৰে পৰা ট্ৰাম্পৰ কোম্পানীটোৱে ভাৰতৰ লোধা গ্ৰুপ, পঞ্চশীল ৰিয়েলিটী, এম ৩ এম, ত্ৰিবেকা, ইউনিমাৰ্ক আৰু আইৰিঅ’ৰ দৰে প্ৰখ্যাত নিৰ্মাণকাৰী কোম্পানীসমূহৰ সহযোগিতাত ভাৰতত কাম কৰি আছে৷ উল্লেখ্য যে ড’নাল্ড ট্ৰাম্প তেওঁৰ ৰাজনীতি বা বিশাল ব্যৱসায়িক ক্ষেত্ৰৰ বাবেই নহয়, ব্যক্তিগত জীৱনৰ বাবেও বাৰে বাৰে শিৰোনামলৈ আহিছে৷ পাঁচ ভ্ৰাতৃ-ভগ্নীৰ মাজৰ এজন হৈছে ট্ৰাম্প৷ দুই ভ্ৰাতৃ ফ্ৰেড জুনিয়ৰ আৰু ৰবাৰ্ট৷ ইতিমধ্যে ফ্ৰেড জুনিয়ৰৰ মৃত্যু হৈছে৷ দুই ভগ্নী মেৰিয়ান আৰু এলিজাবেথ৷ ১৯৬৮ত হোৱাৰ্টন স্কুলৰ পৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছতে ট্ৰাম্পে ব্যৱসায়ত মনোনিৱেশ কৰিছিল৷ ৰিয়েল ইষ্টেটৰ ব্যৱসায়েৰে তেওঁৰ ব্যৱসায়িক যাত্ৰা আৰম্ভ হয়৷
তিনিবাৰকৈ বিবাহপাশত আৱদ্ধ হোৱা ড’নাল্ড ট্ৰাম্প পাঁচটাকৈ সন্তানৰ পিতৃ৷ তেওঁৰ প্ৰথমা পত্নী ইভানা ট্ৰাম্প৷ সুন্দৰী মডেল হিচাপে ইভানাৰ পৰিচয় আছিল৷ ইভানাৰ ফালৰ পৰা ট্ৰাম্পে ড’নাল্ড জন ট্ৰাম্প জুনিয়ৰ, ইভাংকা আৰু এৰিকক সন্তানৰূপে লাভ কৰে৷ ১৯৯০ চনৰ ডিচেম্বৰ মাহত ইভানাৰ সৈতে ট্ৰাম্পৰ বিবাহ বিচ্ছেদ হয়৷ ইয়াৰ পাছত তেওঁ মাৰ্লা মেপলছৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়৷ এইবাৰ তেওঁলোকৰ যুগ্মজীৱনলৈ আহে টিফানী নামৰ কন্যা সন্তান৷ কিছুদিনৰ পাছত মেপলছৰ সৈতেও তেওঁৰ বিচ্ছেদ ঘটাত এইবাৰ মেলানিয়াৰ সৈতে তেওঁ পুনৰ বিবাহপাশত আৱদ্ধ হয়৷ সম্প্ৰতি মেলানিয়াৰ সৈতেই ট্ৰাম্পে দাম্পত্য জীৱন বৰ্তাই আছে৷ ট্ৰাম্পৰ কনিষ্ঠ পুত্ৰৰ নাম বেৰণ৷ সন্তানসকলেও শিক্ষা আৰু বৃত্তিৰ ক্ষেত্ৰত ট্ৰাম্পকেই অনুসৰণ কৰিছে৷ ফলত ব্যৱসায় আৰু বিনোদন, কোনো ক্ষেত্ৰতেই পিছ পৰি থকা নাই ড’নাল্ড ট্ৰাম্পৰ পুত্ৰ-কন্যাসকল৷ ট্ৰাম্পৰ সন্তানৰ ভিতৰত ড’নাল্ড জ’ন ট্ৰাম্প জুনিয়ৰ হৈছে আটাইতকৈ জ্যেষ্ঠ৷ জ’নৰ জন্ম ১৯৭৭ত৷ ২০০০ চনত ড’নাল্ড জ’ন ট্ৰাম্প জুনিয়ৰে পেনছিলভানিয়া বিশ্ববিদ্যালয়ৰ ওৱাৰ্টন স্কুলৰ পৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভ কৰে৷ ইয়াৰ পাছত পিতৃৰ পদাংক অনুসৰণ কৰি জ’নেও ভ্ৰাতৃ এৰিকৰ সৈতে লগ লাগি পিতৃৰ ব্যৱসায়ত জড়িত হৈ পৰে৷ এৰিকৰ জন্ম ১৯৮৪ত৷ এৰিকে জৰ্জ টাউন বিশ্ববিদ্যালয়ৰ পৰা ফাইনেন্স এণ্ড মেনেজমেণ্টত স্নাতক ডিগ্ৰী লাভ কৰে৷ ইপিনে পাঁচ পুত্ৰ-কন্যাৰ ভিতৰত ট্ৰাম্পৰ আটাইতকৈ প্ৰিয় হৈছে কন্যা ইভাংকা৷ ১৯৮১ চনত জন্মলাভ কৰা ইভাংকাই মেনহাটনত শিক্ষাগ্ৰহণ কৰি পিতৃৰ কোম্পানীত যোগদান কৰে৷ ৰাষ্ট˜পতি হিচাপে ড’নাল্ড ট্ৰাম্পৰ পূৰ্বৰ কাৰ্যকালত ইভাংকাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷ আনহাতে মেলানিয়া আৰু ট্ৰাম্পৰ কনিষ্ঠ পুত্ৰ বেৰণ সম্প্ৰতি ফ্ল’ৰিডাৰ অক্সব্ৰীজ একাডেমিত অধ্যয়ন কৰি থকাৰ লগতে উচ্ছ শিক্ষাৰ বাবে নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ ষ্টাৰ্ণ বিজনেছ স্কুলত পঢ়ি আছে৷