মুখ্যমন্ত্ৰীয়ে দানা খুৱাই থকা গৰুৱে গাখীৰ দিয়া নাই : হাগ্ৰামা
‘আমাৰ অসম’ৰ কোক্ৰাঝাৰৰ বিশেষ প্ৰতিনিধি, ৮ নৱেম্বৰ : ইউপিপিএল দলৰ প্ৰমোদ বড়োৱে যদি পুলিচ লগাই হুলস্থূল নকৰে তেন্তে ছিদলী সমষ্টিৰ উপ-নিৰ্বাচনত বিপিএফেই জয়ী হোৱাটো নিশ্চিত৷ এই দাবী বিপিএফ দলৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ৷ প্ৰকাশ যে, উপ-নিৰ্বাচনলৈ মাজত মাথোঁ পাঁচদিন বাকী থকা সময়ত ৰাজ্যৰ ভিন্ন বিধানসভা সমষ্টিৰ লগতে ৩১নং ছিদলীতো নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে৷ নিৰ্বাচনী প্ৰচাৰত ইতিমধ্যে নামিছে শাসক-বিৰোধী দলৰ ৰথী-মহাৰথীৰ উপৰিও কালি ইউপিপিএল দলৰ মিত্ৰদল বিজেপিৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ প্ৰচাৰ চলাই যায়৷ তাৰ পাছত আজি হাগ্ৰামা মহিলাৰীয়ে সংগো-পাংগোৰ সৈতে চালাকাটি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত পুকাগাঁও, বান্দৰচাৰা আদিত গাঁৱে গাঁৱে মাৰাথন প্ৰচাৰ চলায়৷ হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰামা মহিলাৰীয়ে নেতৃত্বাধীন বিপিএফ দলক গাখীৰ দিব নিজনা গৰু বুলি কৰা মন্তব্য সন্দৰ্ভত কয়– মুখ্যমন্ত্ৰীয়ে চাৰি বছৰে বিটিআৰত দানা খুৱাই স্বাস্থ্যৱান গৰু পুহি আছে৷ কিন্তু চাৰি বছৰত সেই গৰুৱে অলপো গাখীৰ দিয়া নাই৷ মুখ্যমন্ত্ৰী শৰ্মাই আচলতে নাজানে চাৰে চাৰি বছৰ ধৰি কোনটো গাইগৰু পালি আছে গাখীৰে নোলায়৷
স্বাস্থ্যবান গৰু কিন্তু কিয় চাৰে চাৰি বছৰ ধৰি গাখীৰ নিদিয়ে মুখ্যমন্ত্ৰী দাদাই নাজানে বুলি ওলোটাই বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক কটাক্ষ কৰে৷ তেওঁ মুখ্যমন্ত্ৰীৰ প্ৰচাৰে ছিদলী সমষ্টিত কোনোধৰণৰ প্ৰভাৱ নেপেলাই বুলি জানিবলৈ দি তেওঁ মিত্ৰতাত আছে গতিকে আহিছে৷ মুঠতে বিপিএফেই জয়ী হ’ব৷ তেওঁ বিটিআৰ চুক্তি স্বাক্ষৰ হোৱাৰ পাছত নহয় বিটিচি চুক্তিৰ পৰাই বড়োভূমিত শান্তি স্থাপন হৈছে৷ বিপিএফৰ পোন্ধৰ বছৰীয়া শাসনকালত কোনো উগ্ৰপন্থী সংগঠনৰ জন্ম হোৱা নাই বুলি দাবী কৰি বৰঞ্চ প্ৰমোদ বড়োৱে বিটিচিৰ দায়িত্ব বহন কৰাৰ পাছত দুটাকৈ নতুন আণ্ডাৰগ্ৰাউণ্ড সশস্ত্ৰ সংগঠনৰ জন্ম হৈছে৷ কেৱল সেয়াই নহয় বহুত অশান্তি বিৰাজ কৰিছে৷ শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পাছতো চুক্তি স্বাক্ষৰকাৰী এনডিএফবি নেতাসকলে জে’লত বন্দীত্বৰ জীৱন কটাবলগীয়া হৈছে৷ এয়া দুৰ্ভাগ্যজনক৷ তেওঁক প্ৰমোদ বড়োৱে যাদুৰ লাঠি কেতিয়াই ভাঙি গৈছে বুলি সাংবাদিকে সোধাত মহিলাৰীয়ে এই বুৰ্বক প্ৰমোদ বড়োৰ কথা কিয় থাকিব লাগে বুলি কৈ সাংবাদিকৰ মুখত চন্দন ব্ৰহ্মৰ নাম শুনি হো-হোৱাই হাঁহি চন্দন ব্ৰহ্মৰ কথাটো বাদ দে ক’ত যে ফচিচে? ইতো এবছু অফিচত পাত্থৰ মাৰা মানুহ, মাল খাই কিমান বাৰ এবছু অফিচত পাত্থৰ মাৰিছে৷ এতিয়া এবছুৰ লগ লাগিছে এবছুৱে কি তাক মানুহ বনাব নেকি? ধেৎ, সি ইউ পি পি এলত গৈ একো নাপায়, এনেকৈয়ে পচি থাকিব বুলি হাঁহি হাঁহি কটাক্ষ কৰে৷