Logo
image

ট্ৰাম্পৰ জয় আৰু লিবাৰেল গণতন্ত্ৰৰ ভৱিষ্যৎ

গণতন্ত্ৰত গণমতক স্বীকাৰ কৰি লোৱাটো অপৰিহাৰ্য, অন্যথা গণতন্ত্ৰ অৰ্থহীন হৈ পৰিব৷ ট্ৰাম্পক আমেৰিকাৰ জনসাধাৰণে আকৌ এবাৰ চ্ছ্ৰ বছৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত কৰিলে৷ পৃথিৱীৰ সৰ্ববৃহৎ অৰ্থনীতি আৰু আটাইতকৈ শক্তিশালী সামৰিক বাহিনীৰ অধিকাৰী আমেৰিকাৰ ঘৰুৱা ৰাজনীতিয়ে আমেৰিকাৰ পৰা সাত সাগৰ তেৰ নদী দূৰত থকা দেশ এখনতো প্ৰচুৰ প্ৰভাৱ পেলাব পাৰে৷ সেয়েহে আমেৰিকাৰ নিৰ্বাচনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে৷ ফেচিবাদ আৰু  কমিউনিজ্‌মৰ পাছত উদাৰবাদী গণতন্ত্ৰ পৃথিৱীৰ প্ৰায়বোৰ প্ৰভাৱশালী দেশে নিজৰ শাসন ব্যৱস্থাৰূপে আঁকোৱালি লৈছিল৷ নিৰ্বাচনৰ জৰিয়তে শাসন ক্ষমতা কাৰ হাতত থাকিব তাক নিৰ্ধাৰণ  কৰা, শাসনকাৰ্য পৰিচালনা কৰাত আৰু আইন প্ৰণয়ন কৰাত বিৰোধীৰো ভূমিকা থকা, এক স্বাধীন ন্যায় ব্যৱস্থা আৰু স্বতন্ত্ৰ গণতান্ত্ৰিক অনুষ্ঠান গঢ়ি উঠা সম্ভৱ কৰি তোলা, মানৱ অধিকাৰক সন্মান জনোৱা আৰু মূলতঃ এক মুক্ত বজাৰ অৰ্থনীতিক আঁকোৱালি লোৱা গণতান্ত্ৰিক শাসন ব্যৱস্থাই আজিলৈ মানুহে গঢ়ি তোলা শাসন ব্যৱস্থাসমূহৰ ভিতৰত আটাইতকৈ উত্তম শাসন ব্যৱস্থা গঢ়ি তুলিছে৷কিন্তু শেহতীয়াকৈ, অধিক সঠিককৈ ক’বলৈ হ’লে একৈছ শতিকাৰ প্ৰথম দশকৰ পৰাই লিবাৰেল বা উদাৰবাদী মতবাদৰ গণতন্ত্ৰৰ ধাৰণাটোৱে লিবাৰেল গণতন্ত্ৰৰ ‘কাহিনী’টোৱে ফেচিবাদ তথা সাম্যবাদৰ দৰেই মানুহৰ সমৰ্থন হেৰুৱাবলৈ আৰম্ভ কৰিছে৷ লিবাৰেল গণতন্ত্ৰৰ প্ৰতিও মানুহে আস্থা হেৰুৱাইছে৷ কোনোধৰণৰ মতবাদ বা ধাৰণা বা কাহিনীত বিশ্বাস বা আস্থা নৰখা পৃথিৱী এখনে দিশহীন হৈ  ঘুৰ্মুটিয়াই ফুৰিছে আৰু ক’ৰবাত কিহবাৰ ওচৰত আশ্ৰয় ল’ব বিচাৰিছে৷ আৰু প্ৰায় সকলো লিবাৰেল গণতান্ত্ৰিক দেশত কট্টৰ সোঁপন্থী শক্তিশালী নেতা বা ‘ষ্ট্ৰংমেন’ উত্থান হোৱা দেখা গৈছে৷ ব্যৱস্থাৰ ওপৰত বা ব্যৱস্থা গঢ়ি তোলা ‘কাহিনী’বোৰৰ প্ৰতি  আস্থা হেৰুৱাই পেলোৱা মানুহে একোজন শক্তিশালী ব্যক্তিৰ হাতত ক্ষমতা তুলি দিছে এই আশাত যে সেই মানুহজনে তেওঁলোকৰ জীৱনলৈ নতুন আশা কঢ়িয়াই আনিব৷ এই কট্টৰ সোঁপন্থী ষ্ট্ৰংমেনসকলে মানুহক, একোটা জাতিক বা একোখন দেশক নতুন জীৱনৰ আশা দেখুৱাইছে৷ তেওঁলোকে মানুহক নতুন শত্ৰুৰ সন্ধান দিছে আৰু সমগ্ৰ সমস্যাৰ বাবে সেই শত্ৰুক জগৰীয়া কৰি সেই শত্ৰুক পৰাভূত কৰি নতুন দেশ, নতুন জাতি গঢ়াৰ নতুন গৌৰৱেৰে গৰ্বিত হোৱাৰ সপোন দেখুৱাইছে৷ ক’ৰবাত শত্ৰুৰূপে প্ৰতিষ্ঠা কৰা হৈছে কোনো বিশেষ¸ ধৰ্মৰ লোকক৷ সাধাৰণতে গৰিষ্ঠসংখ্যক মানুহক একত্ৰিত কৰি তেওঁলোকৰ সমৰ্থন আদায় কৰাৰ বাবে কোনো এটা সংখ্যালঘু ধৰ্মীয় সম্প্ৰদায়ক সকলো সমস্যাৰ উৎসৰূপে প্ৰতিষ্ঠা কৰা হৈছে৷ ক’ৰবাত বাহিৰৰ পৰা প্ৰব্ৰজন কৰি অহা প্ৰব্ৰজনকাৰীসকলক য’ত কূটৰ ঘাইৰূপে প্ৰতিষ্ঠা কৰা হৈছে৷ আৰু ষ্ট্ৰংমেনসকলৰ এই ফৰ্মূলাই সমগ্ৰ পৃথিৱীজুৰি ব্যাপক সফলতা লাভ কৰিছে৷ কোনোবা এজন আহি সকলো সমস্যা সমাধান কৰি দিব বুলি মানুহে যুগে যুগে বিশ্বাস কৰি আহিছে৷ মানুহৰ সমস্যা সমাধান কৰিবলৈ ঈশ্বৰে অৱতাৰ গ্ৰহণ কৰে বা তেওঁৰ দূত পঠিয়ায়৷ সকলো ধৰ্মই এনে ঐশ্বৰিক শক্তিসম্পন্ন অৱতাৰ বা দূতৰ প্ৰতি বিশ্বাস কৰে, যিসকলে মানুহক মুক্তিৰ পথ দেখুৱায়৷  ফেচিবাদৰ উত্থানৰ সময়ত হিটলাৰ মুচোলিনিৰ দৰে  ষ্ট্ৰংমেনে একোটা জাতিক বহু অলীক সপোন দেখুৱাইছিল আৰু জাতিৰ শত্ৰু বুলি চিনাক্ত কৰাসকলৰ ওপৰত অকথ্য নিৰ্যাতন চলাইছিল৷ আৰু একোটা জাতিয়ে এই নিৰ্মমতাক সমৰ্থন জনাই সেই  ষ্ট্ৰংমেনজনৰ পাছত থিয় দিছিল৷ জাতিৰ সলনি সৰ্বহাৰাৰ মুক্তিৰ সপোন দেখুওৱা কমিউনিজ্‌মেও লেনিন, ষ্টালিন, মাও, কাষ্ট˜কে ধৰি বহু  ষ্ট্ৰংমেনৰ প্ৰতি আস্থা স্থাপন কৰিছিল৷ এটা সময়ত ফেচিজ্‌ম আৰু কমিউনিজ্‌মৰ কাহিনীটো আৰু তাৰ লগতে সেই কাহিনীয়ে গঢ়ি তোলা গণসমৰ্থন আৰু  ষ্ট্ৰংমেনৰ ইতিহাসৰ অন্ত পৰা বুলি ভবা হৈছিল৷ ধাৰণা কৰা হৈছিল যে মানুহে লাহে লাহে একোটা কাহিনীৰ ওপৰত আধাৰিত  ষ্ট্ৰংমেনৰ শাসনৰ সলনি গণতান্ত্ৰিক শাসন ব্যৱস্থাত আস্থা স্থাপন কৰিব৷ কিন্তু এতিয়া গণতান্ত্ৰিক দেশবোৰত গণতান্ত্ৰিক ধ্যান-ধাৰণাৰ প্ৰতি বিশেষ সন্মান নথকা  ষ্ট্ৰংমেনসকলে গণসমৰ্থন লাভ কৰি ক্ষমতা দখল কৰিবলৈ আৰম্ভ কৰিছে৷ এই পৰিঘটনাটো ফেচিজ্‌ম বা কমিউনিজ্‌মৰ দৰে নহয়, ইয়াৰ চৰিত্ৰ সম্পৰ্কে নানা আলোচনা হৈছে,  ষ্ট্ৰংমেনৰ উত্থান সন্দৰ্ভত নানা ব্যাখ্যা আগবঢ়োৱা হৈছে৷ কিন্তু কিয় লিবাৰেল গণতান্ত্ৰিক ধ্যান-ধাৰণা পৰাভূত হ’বলৈ আৰম্ভ কৰিছে তাক লিবাৰেল গণতন্ত্ৰৰ সমৰ্থকসকলেও সম্পূৰ্ণকৈ বুজি উঠিব পৰা নাই৷ পুৰণি ৰূপত ফেচিজ্‌ম বা কমিউনিজ্‌মে পুনৰ ক্ষমতা দখল কৰিব নোৱাৰে, লিবাৰেল গণতন্ত্ৰৰো যদি পতন ঘটে তেনেহ’লে কেনে শাসন প্ৰতিষ্ঠা হ’ব? কি নতুন ধ্যান-ধাৰণাই গৰিষ্ঠসংখ্যক লোকৰ সমৰ্থন লাভ কৰিব? নে আকৌ লিবাৰেল গণতন্ত্ৰই নিজৰ হেৰুওৱা স্থান পুনৰ ওভতাইপাব? আমি এক যুগসন্ধিত বাস কৰি আছোঁ, এক অনিশ্চিত ভৱিষ্যতে আমালৈ অপেক্ষা কৰি আছে৷ কি হ’ব সেয়া নিৰ্ভৰ কৰিব আজি আমি কি সিদ্ধান্ত লওঁ তাৰ ওপৰত৷ আমেৰিকাৰ গৰিষ্ঠসংখ্যক মানুহে আকৌ ট্ৰাম্পক ৰাষ্ট্ৰপতিৰ আসনত বহুৱাবলৈ সিদ্ধান্ত ল’লে৷ আমেৰিকাৰ মানুহে আৰু লগতে পৃথিৱীৰ আন বহু দেশৰ বহু  মানুহে এতিয়া তেওঁলোকৰ এই সিদ্ধান্তৰ পৰিণতি ভোগ কৰিব৷ভৱিষ্যতটো কেতিয়াও পূৰ্বনিৰ্ধাৰিত হৈ নাথাকে, আমাৰ আজিৰ সিদ্ধান্ত আৰু কৰ্মৰ ওপৰত ভৱিষ্যতটো নিৰ্ভৰ কৰে৷ মানুহে কিহৰ ওপৰ ভিত্তি কৰি আজি সিদ্ধান্ত গ্ৰহণ কৰিছে? আমি আচলতে নাজানো৷ সেয়েহে আমি নাজানো ভৱিষ্যতে কি হ’ব৷