মেঘালয়ৰ সংগীত উৎসৱলৈ আহিব বনি-এম
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৯ নৱেম্বৰ : মিলেনিয়েলছৰ যুগত জন্ম৷ কিন্তু প্ৰাণভৰি উপভোগ কৰিছিল জেন-এক্স বা জেনেৰছন-এক্সৰ প্ৰজন্মই৷ বনি-এমৰ আৰ এণ্ড বি, ৰেগী, ফাংক আৰু ডিস্কো সংগীত-নৃত্যৰ লহৰত নাচি বাগি উন্মাদ হৈ গৈছিল মিলেনিয়েলছৰ লগতে জেন-এক্স প্ৰজন্মও৷ ভাৰতীয় সংগীত অনুৰাগীও পিছ পৰি ৰোৱা নাছিল৷ বনি-এমৰ গীত মানেই এটা উত্তাল সন্ধিয়া৷ আৰ এণ্ড বি অৰ্থাৎ ৰিডম এণ্ড ব্লু’জ, ফাংক, ৰেগী আৰু ডিস্কো– প্ৰত্যেকটো ‘জেনাৰ’ৰ লগতে আছিল আফ্ৰিকান-আমেৰিকান সুৰ-তাল-লয়, কিন্তু সামগ্ৰিভাৱে উদ্দাম৷ কেৱল ৰেগীত আছিল জামাইকান সুৰ আৰু নৃত্যৰ লহৰ৷ কমেও এই চাৰিবিধ ‘জেনাৰ’ৰ সংগীত-নৃত্যৰে’ ৮০ৰ অৰ্ধদশকৰ পৰা সম্পূৰ্ণ ৯০১ দশকটো উত্তাল কৰি ৰাখিছিল বনি-এমে৷ যিদৰে তাৰো পূৰ্বে সংগীতানুৰাগী আচ্ছন্ন হৈ আছিল বিটলছ্ত৷ একেদৰে মিলেনিয়েল আৰু জেন-এক্স প্ৰজন্মৰ বাবে বনি-এম আছিল আকৰ্ষণৰ চূড়ান্ত বিন্দু৷ বিশ্বজুৰি সংগীতানুৰাগীৰ মাজত হিমালয়সম আকৰ্ষণ সৃষ্টি কৰিছিল বনি-এমৰ প্ৰতিষ্ঠাতা জাৰ্মান ৰেকৰ্ড প্ৰযোজক ফ্ৰেংক ফাৰিয়ানে৷
ফাৰিয়ানৰ কণ্ঠ ষ্টেজ বা ৰেকৰ্ড উপযোগী নাছিল বাবে তেওঁ গান লিখিছিল আৰু বনি-এম বেণ্ডৰ হৈ সেই গান গাইছিল মেইজি উইলিয়ামছ, লিজ মিচেল আৰু মাৰ্চিয়া উইলিয়ামছে৷ মাজতে যেন বহু বছৰ বনি-এম নীৰৱ৷ ক’তো চৰ্চা নাই বনি-এমৰ৷ কিন্তু সেই বনি-এম এতিয়াও জীৱন্ত আৰু লীড ভকেল হিচাপে এতিয়াও গুৰি ধৰি আছে যাদুকৰী কণ্ঠৰ লিজ মিচেলে৷ মিলেনিয়েল প্ৰজন্মৰ শ্ৰোতাৰ মনত সুৰসুৰনি তুলি সেই একালৰ প্ৰসিদ্ধ বনি-এমক এইবাৰ লৈ আনিছে ফুটবল আৰু পশ্চিমীয়া সংগীতক লৈ উন্মাদ হৈ থকা মেঘালয়ে৷ অহা ১৫ আৰু ১৬ নৱেম্বৰত মেঘালয়ৰ ভৈৰিমবঙত অনুষ্ঠিত চেৰী ব্লজম উৎসৱলৈ আয়োজকে আমন্ত্ৰণ কৰিছে বনি-এমক৷ এই অনুষ্ঠান আয়োজিত হ’ব আৰবিডিএছএ স্পৰ্টছ কমপ্লেক্সত৷ ২০১১ চনত ছেইণ্ট পিটাৰ্ছবাৰ্গত হূদৰোগত আক্ৰান্ত হৈ লীড ভকেল মেইজি উইলিয়ামছৰ মৃত্যু হোৱাৰ পাছত এতিয়া বনি-এমৰ লীড গায়িকা হৈছে লিজ মিচেল৷ অতিশয় মিহি, পূৰ্ণ আত্মিক কণ্ঠৰে শ্ৰোতাৰ অন্তৰত প্ৰৱেশ কৰিব পৰা লিজ মিচেলৰ গীতে এতিয়াও উদ্দাম নৃত্য কৰিবলৈ বাধ্য কৰে দৰ্শকক৷ আবেদন আছে মাৰ্চিয়া উলিয়ামছৰো৷ কেৱল মেঘালয় নহয়, অসমৰো অজস্ৰ পশ্চিমীয়া সংগীত অনুৰাগীৰ বাবে বনি-এম এক বিৰাট নষ্টালজিয়া৷ ‘ন’ ৱ’মেন ক্ৰাই’, ‘ডিড নট ৱৰ্ক’ ইত্যাদি অবিস্মৰণীয় সংগীতেৰে ষ্টেজত মায়াজাল সৃষ্টি কৰা বনি-এমৰ দৰ্শনৰ বাবে সেই প্ৰজন্মৰ সংগীতানুৰাগীও এতিয়া উদগ্ৰীৱ হৈ পৰিছে৷ ‘বুক মাই শ্ব’ত চলিছে টিকটৰ সন্ধান৷ অনুষ্ঠান আয়োজন কৰা স্থানৰ কাষতে তৈয়াৰ হৈছে ‘কেম্পছাইট’৷ ৰংবিৰঙী টেণ্টেৰে ভৰি পৰিছে অঞ্চল৷ মাথোঁ কেইটামান বছৰতে উত্তৰ-পূবৰ অন্যতম অগ্ৰণী ব্যৱসায়িক-সাংস্কৃতিক ইভেণ্টত পৰিগণিত হোৱা এই চেৰী ব্লজম উৎসৱলৈ এইবাৰ জাপানেও সহায়ৰ হাত আগবঢ়াইছে৷ বনি-এমৰ উপৰি এই অনুষ্ঠানত ভাগ ল’ব এতিয়াৰ ঝুমাৰ প্ৰজন্মৰ প্ৰিয় গায়ক একন, গায়িকা ক্লিন বেণ্ডিত, আৰু গায়ক লুকাছেও৷