মই যদি কাৰোবাৰ মনত দুখ দিছোঁ ক্ষমা কৰিব : চন্দ্ৰচূড়
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৯ নৱেম্বৰ : দেশৰ সৰ্বোচ্ছ ন্যায়ালয়ৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ে দেওবাৰে অৱসৰ গ্ৰহণ কৰিব৷ মুখ্য ন্যায়াধীশৰ পদৰ পৰা দেওবাৰে আনুষ্ঠানিকভাৱে অৱসৰ ল’লেও মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ শুকুৰবাৰৰ দিনটো আছিল কৰ্মজীৱনৰ অন্তিম দিন৷ কিয়নো অৱসৰৰ মাজৰ দুটা দিন অৰ্থাৎ শনি আৰু দেওবাৰ ন্যায়ালয় বন্ধৰ দিন৷ ২০২২ চনৰ ৯ নৱেম্বৰত দেশৰ মুখ্য ন্যায়াধীশ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা ডি ৱাই চন্দ্ৰচূড়ে দুবছৰীয়া কাৰ্যকালত কেইবাটাও ঐতিহাসিক তথা গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰি নজিৰ সৃষ্টি কৰে৷ অসমৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছিল মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে৷ অসমৰ বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৫১ চন হ’বনে ১৯৭১ চন হ’ব, সেই জল্পনা-কল্পনাৰ অৱসান ঘটাই ভিত্তিবৰ্ষ ১৯৭১ চনৰ সপক্ষে ঐতিহাসিক ৰায় প্ৰদান কৰিছিল মুখ্য ন্যায়াধীশগৰাকীয়ে৷ মুখ্য ন্যায়াধীশৰ আসনৰ পৰা ডি ৱাই চন্দ্ৰচূড়ে জম্মু-কাশ্মীৰৰ ৩৭০ অনুচ্ছেদ বাতিলৰ সিদ্ধান্ত বাহাল ৰাখি আন এক ঐতিহাসিক ৰায়দানো কৰিছিল৷ তদুপৰি সম-লিংগৰ বিবাদক অপৰাধমুক্ত ঘোষণা কৰিছিল৷ দেশৰ ৰাজনৈতিক ক্ষেত্ৰখনত ইলেক্টৰেল বণ্ড বাতিল কৰি যুগান্তকাৰী ৰায় প্ৰদান কৰিছিল মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে৷ তদুপৰি নীট-ইউ জিৰ প্ৰশ্নকাকত ফাদিলৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰা মুখ্য ন্যায়াধীশগৰাকীয়ে কৰ্ম জীৱনৰ অন্তিম দিনটোত আলিগড় মুছলিম বিশ্ববিদ্যালয়ক সংখ্যালঘু বিশ্ববিদ্যালয় হিচাপে মান্যতা দি এক ঐতিহাসিক ৰায় প্ৰদান কৰে৷ ইয়াৰ উপৰি ডি ৱাই চন্দ্ৰচূড়ে ন্যায় মূৰ্তিৰ চকু মেলি থকা স্তম্ভ মুকলি কৰি ইতিহাস ৰচনা কৰিছিল৷
শুকুৰবাৰে কৰ্মজীৱনৰ অন্তিম দিন হোৱাত উচ্ছতম ন্যায়ালয়ত ডি ৱাই চন্দ্ৰচূড়ৰ এখন বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত হয়৷ এই বিদায় অনুষ্ঠানত ভাষণ প্ৰদান কৰি আৱেগিক হৈ পৰে মুখ্য ন্যায়াধীশগৰাকী৷ কৰ্মজীৱনৰ সময়ছোৱাত কাৰোবাৰ যদি মনত দুখ দিছিল, তাৰ বাবে নিঃচৰ্ত ক্ষমা কৰি দিয়াৰ বাবেও কৰযোৰে আহ৩ান জনায় মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে৷ আৱেগভৰা ভাষণত মুখ্য ন্যায়াধীশগৰাকীয়ে কয়–‘কাইলৈৰ পৰা আৰু ন্যায় বিচাৰৰ ৰায় প্ৰদান কৰিব নোৱাৰিম৷ কিন্তু মই সন্তুষ্ট৷ কিয়নো মই যোগ্যজনৰ হাতত মুখ্য ন্যায়াধীশৰ দায়িত্ব এৰি থৈ গৈছো৷’ সভাত উপস্থিত সকলোকে নমস্কাৰ জনাই বিদায় লোৱাৰ প্ৰাক মুহূৰ্তত ডি ৱাই চন্দ্ৰচূড়ে লগতে কয়–‘উচ্ছতম ন্যায়ালয়ৰ পঞ্জীয়কে কালি মোক সুধিছিল, কেতিয়া বিদায় অনুষ্ঠানৰ আয়োজন কৰাটো বিচাৰে? মই তেতিয়া তেওঁক শুকুৰবাৰে দিনৰ ২ বজাত অনুষ্ঠানৰ সময় ৰখাৰ কথা কৈছিলো৷ কাৰণ তাৰ আগত কিছু কাম বাকী আছিল৷ মই তেতিয়া ভাবিছিলো, শুকুৰবাৰে দুই বজাত আদালত কক্ষত বিদায় অনুষ্ঠানত কোনোবা থাকিবগৈনে? নে মই ক’ৰ্টৰ স্ক্ৰীণত নিজকে চাই থাকিব লাগিবক্ক’ পুৰণি কথা ৰোমন্থন কৰি মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে তীৰ্থযাত্ৰী হৈ ন্যায়ালয়ত ভৰি থোৱা বুলি উল্লেখ কৰি কয়–‘আমি ন্যায়ালয়লৈ তীৰ্থ যাত্ৰীৰ দৰে কাম কৰিবলৈ আহিছো৷ অলপ সময় আমি কাম কৰি গুচি যাব লাগে৷ কিন্তু আমি কৰা কামটোৱে এটা গোচৰ সৃষ্টি কৰিব পাৰে বা এটা গোচৰ নোহোৱাও কৰিব পাৰে৷ যেতিয়া মই এই আদালত এৰি যাম, ন্যায়িক ব্যৱস্থাত কোনো পাৰ্থক্য নাথাকিব৷ কাৰণ ন্যায়াধীশ সঞ্জীৱ খান্নাৰ দৰে এজন দায়িত্বশীল ব্যক্তিয়ে নতুনকৈ দায়িত্ব গ্ৰহণ কৰিব৷ ন্যায়ালয়ৰ ভৱিষ্যতৰ কাম-কাজ তেওঁ আৰু তেওঁৰ উত্তৰাধিকাৰীৰ অধীনত চলি থাকিব৷ মই মোৰ এই সোণালী সময়ছোৱাত আইন আৰু জীৱনৰ বিষয়ে বহু কথা শিকিলো৷ আপোনালোক সকলোৱে মোক শিকাইছে৷ সেয়েহে সকলোকে ধন্যবাদ জনাইছো৷ যদি মই কেতিয়াবা কাৰোবাৰ মনত আঘাত সনা কাম কৰিছো, তেন্তে ক্ষমা কৰি দিব৷’ উল্লেখ্য, এই অনুষ্ঠানত নতুন মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাকে ধৰি সৰ্বোচ্ছ ন্যায়ালয়ৰ প্ৰতিজন ন্যায়াধীশ-কৰ্মচাৰী আৰু জ্যেষ্ঠ অধিবক্তা অভিষেক মনো সিংভি, কপিল ছিৱালকে ধৰি কেইবাজনো অধিবক্তা উপস্থিত থাকে৷ অনুষ্ঠানটোত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে ন্যায়াধীশ চন্দ্ৰচূড় সম্পূৰ্ণ নিৰপেক্ষ আছিল৷ তেওঁৰ কাষত থাকিবলৈ পাই মই সদায় সুখী৷ ন্যায়াধীশ চন্দ্ৰচূড়ৰ অতুলনীয় বুদ্ধিমত্তা আৰু নিৰপেক্ষ বিচাৰ বিবেচনাৰ ওপৰত আমাৰ কেতিয়াও সন্দেহ নাছিল৷ জ্যেষ্ঠ অধিবক্তা কপিল ছিৱালে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ অসীম ধৈৰ্য্যৰ অধিকাৰী বুলিও অভিহিত কৰে৷ উল্লেখ্য, সোমবাৰে দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিব ন্যায়াধীশ সঞ্জীৱ খান্নাই৷