অচিৰেই সক্ৰিয় হ’ব তিনিখন নতুন টোলগেট
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৯ নৱেম্বৰ : ৰাজ্যবাসীক মূল্যবৃদ্ধিৰে কোঙা কৰাৰ সময়তে এইবাৰ জনতাক কেঁকোৰা চেপা দিবলৈ সাজু কৰা হৈছে নতুনকৈ তিনিখন টোলগেট৷ অচিৰেই উজনি অসমৰ লগতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ তথা কাষৰীয়া জনতাই টোল কৰ দি ৰাষ্ট্ৰীয় ঘাইপথৰে কৰিব লাগিব যাতায়াত৷ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে নৱবৰ্ষৰ আগে-পিছে অসমত নতুনকৈ আৰু তিনিখন টোলগেট কাৰ্যক্ষম কৰাৰ বাবে সাজু হৈছে৷ ইতিমধ্যে টোলগেট কেইখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰি তোলাৰ লগতে নিবিদা প্ৰক্ৰিয়াও সম্পন্ন কৰিছে৷ বিজেপি চৰকাৰে অসমবাসীক নৱবৰ্ষৰ উপহাৰ হিচাপে মুকলি কৰিব দেৰগাঁৱৰ ৰঙামাটিৰ টোল গেট৷ উজনি অসমলৈ অহা-যোৱা কৰা যান-বাহনসমূহে এতিয়া ৰহাৰ টোলগেটৰ পাছতেই ৰঙামাটি টোল প্লাজাত টোল কৰ দিহে যাতায়াত কৰিব পাৰিব৷ দেৰগাঁৱৰ ৰঙামাটি টোলগেটৰ লগতে মুকলিৰ বাবে সাজু কৰা আন দুখন টোলগেট হৈছে–কলিয়াভোমোৰা দলঙৰ গাতে লাগি থকা কলিয়াবৰৰ চুলুং টোলগেট আৰু বিশ্বনাথৰ সমীপৰ মোনাবাৰী টোলগেট৷ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ যাতায়াত কৰা জনতাই চুলু আৰু মোনাবাৰী টোলগেটত টোল কৰ ভৰিব লাগিব৷
লক্ষণীয় বিষয়টো হৈছে, ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা শোচনীয় যদিও জনতাৰ পৰা টোলকৰ সংগ্ৰহ কৰাত অলপো যেন কৃপণালি কৰা নাই বিজেপি চৰকাৰে৷ অথচ নিৰ্মীয়মান ফ’ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ বিধবস্ত ৰূপৰ বাবে উজনি অসমলৈ যাতায়াত কৰিব নোৱৰা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সদৃশ গাতৰ সৃষ্টি হোৱাত গুগল মেপেও মূলপথ সলনি কৰিহে উজনিলৈ গতিপথৰ সংকেত দিবলৈ বাধ্য হৈ পৰিছে৷ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ এনে দায়িত্বহীনতাৰ পাছতো দেৰগাঁৱৰ ৰঙামাটি টোলগেটত টোলকৰ সংগ্ৰহৰ বাবে সাজু হোৱা কাৰ্যক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ লক্ষণীয় বিষয়টো হৈছে, অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা জৰাজীৰ্ণ হোৱাৰ পাছতো বৰ্তমান ৯ খন টোলগেটৰ জৰিয়তে বিগত বৰ্ষত ২৫২.২২ কোটি টকাৰ টোল কৰ সংগ্ৰহ কৰিছে কেন্দ্ৰৰ মোদী চৰকাৰে৷ এতিয়া নতুনকৈ ৩ খন টোল গেটেৰে কৰ সংগ্ৰহ কৰিলে অসমত সক্ৰিয় টোল প্লাজাৰ সংখ্যা ১২ খনলৈ বৃদ্ধি পাব৷ লক্ষণীয়ভাৱে ইতিপূৰ্বে অসম চৰকাৰে ৰাজ্যৰ শদিয়াৰ পৰা ধুবুৰীলৈ বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকা সামৰি মুঠ ২৭ খন টোলগেট স্থাপনৰ অনুমতি প্ৰদান কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক৷ এই ১২ খন টোলগেটক বাদ দি আন ১৫ খন টোলগেটৰ স্থান নিৰ্ধাৰণ কৰাৰ লগতে কেইবাখনো টোলগেটৰ ইতিমধ্যে নিৰ্মাণ কাৰ্যও আৰম্ভ হৈছে৷ প্ৰতিবছৰে ১০-১৫ শতাংশকৈ টোল মাচুল বৃদ্ধি হোৱাৰ ফলত অনাগত দিনত ৰাজ্যবাসীয়ে টোল কৰৰ বাবেই ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত কৰিবলৈ যে বাদ দিব লাগিব, সেই আশংকা প্ৰৱল হৈ পৰিছে৷