পুৰুষে মহিলাৰ চুলি কটা, কাপোৰৰ জোখ লোৱা নিষিদ্ধ
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৯ নৱেম্বৰ : এতিয়াৰ পৰা উত্তৰপ্ৰদেশত কোনো পুৰুষ দৰ্জীয়ে পোছাক তৈয়াৰ কৰাৰ বাবে মহিলা গ্ৰাহকৰ শৰীৰৰ জোখ ল’ব নোৱাৰিব৷ একেদৰে কোনো পাৰ্লাৰত পুৰুষে মহিলাৰ চুলি কাটিব নোৱাৰিব আৰু জিমত তথা যোগৰ শ্ৰেণীত পুৰুষে মহিলাক প্ৰশিক্ষণ দিব নোৱাৰিব৷ ৰাজ্যখনৰ মহিলাৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক মহিলা আয়োগে এই নিষেধাজ্ঞা আৰোপ কৰিছে৷
আয়োগে স্কুলৰ বাছত মহিলা নিৰাপত্তাৰক্ষী নিয়োগ কৰাৰ লগতে মহিলাৰ সাজ-পোছাকৰ দোকানত কেৱল মহিলা কৰ্মচাৰী আৰু ব্যৱসায়িক ক্ষেত্ৰত মহিলা নিৰাপত্তাৰক্ষী নিয়োগৰ বাবে ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে৷ আয়োগৰ অধ্যক্ষা ববিতা চৌহানে জনোৱা মতে, মহিলাৰ নিৰাপত্তা সুৰক্ষিত কৰি ৰখাৰ বাবেই উত্তৰ প্ৰদেশ মহিলা আয়োগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ৰাজ্য চৰকাৰে এই ব্যৱস্থাৱলী বলৱৎ কৰা-নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বেই ছামলি জিলাৰ দায়িত্বত থকা বিষয়া হামিদ হুছেইনে সমগ্ৰ জিলাত এই ব্যৱস্থা বলৱৎ কৰিছে৷ তেওঁৰ নিৰ্দেশত জিলাখনৰ জিম, যোগকেন্দ্ৰ, নাটকৰ শিক্ষানুষ্ঠানত মহিলা প্ৰশিক্ষক নিযুক্তি দিয়া হৈছে৷ হুছেইনে জনোৱা মতে এতিয়া বুটিকত মহিলা কৰ্মচাৰী, স্কুল বাছত মহিলা নিৰাপত্তাৰক্ষী নিয়োগহে বাকী৷ তাৰো তেওঁ সন্ধান চলাই আছে৷