উক্তি-বক্ৰোক্তি
দেশত যে এজন অ’বিচি প্ৰধানমন্ত্ৰী হৈছে আৰু তেওঁ দেশৰ সকলোকে একেলগে লৈ আগবাঢ়ি গৈছে, কংগ্ৰেছে সেইটো কথা সহ্য কৰিব নোৱাৰে৷ তেওঁলোকে অ’বিচিৰ একেলগ হৈ থকা চিনাকীটো ভাঙি দিব খোজে৷
– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হিচাপে পৰিচয় দিবলৈকে লাজ পোৱা হৈছোঁ৷ সভাপতি হ’বলৈ প্ৰকৃত এজন সাহিত্যিক হ’ব লাগে৷
– অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নগেন শইকীয়া
যোছেফ বাইডেনে ৰাষ্ট্ৰপতি পদৰ প্ৰতিদ্বন্দ্বিতাৰ পৰা আঁতৰোতে পলম কৰাৰ বাবে ডেম’ক্ৰেট দল হাৰিল৷
– শীৰ্ষ ডেম’ক্ৰেট নেত্ৰী নেন্সী পেলছি
গৌৰৱ গগৈ অহংকাৰৰ চূড়ান্ত শিখৰত আছে৷ তেওঁ গজদন্ত মিনাৰত বহি আছে৷ কোনো সভালৈ তেওঁ নাহে৷
– বিধায়ক অখিল গগৈ
মহাৰাষ্ট্ৰৰ যেনিয়েই যায়, তেনিয়েই বালাচাহেব থাকৰেৰ ফটো৷ নিৰ্বাচনত বিজেপি দলেও বালাচাহেবৰ ফটো ব্যৱহাৰ কৰিছে৷ তেওঁলোকে মোদী-শ্বাহৰ ফটো দিলে পৰাজিত হ’ব, সেয়ে বালাচাহেবৰ ফটো লৈ নিৰ্বাচনত বিজয়ী হোৱাৰ চেষ্টা চলাইছে৷
– উদ্ধৱ থাক্ৰে
ভাওনাত যিদৰে ৰাৱণ ওলালে সৰু ল’ৰা-ছোৱালীয়ে ভয় খায়, সেইদৰে ৰকিবুল হুছেইনে মুখখন খুলিলে সৰু ল’ৰা -ছোৱালীয়ে ভয় খাবই৷ মই ডাঙৰ হ’লোঁ, ভয় নাখাওঁ৷
– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
অহা নিৰ্বাচনত জাষ্টিন ট্ৰুডো হাৰিব৷ সেইটো খাটাং৷
– মাৰ্কিন ধনকুবেৰ এলন মাস্ক
ৰকিবুল হুছেইনৰ গুণ্ডাৰাজে মানুহক অতীষ্ঠ কৰিছে৷
– মন্ত্ৰী অতুল বৰা
মই অটল বিহাৰী বাজপেয়ী চৰকাৰৰ মন্ত্ৰী আছিলোঁ৷ তেৱেঁই মোক মুখ্যমন্ত্ৰী পাতিলে৷ বাজপেয়ীজীয়ে মোক ভাল পাইছিল৷
– বিহাৰৰ মুখ্যমন্ত্ৰী নীতীশ কুমাৰ
আগতে অক্ষয় কুমাৰে পুৱা গাখীৰ বিতৰণ কৰিছিল৷ সেয়ে তেওঁৰ সোনকালে উঠাৰ অভ্যাস থাকি গ’ল৷
– বলীউডৰ অভিনেতা অজয় দেৱগণ