Logo
image

নিদ্ৰাজনিত ৰোগত এইবোৰ লক্ষণে দেখা দিয়ে

কিছুমান লোক আছে, যিসকলৰ টোপনি ভাল নহয়৷ পৰ্যাপ্ত টোপনি নহ’লে বিভিন্ন শাৰীৰিক সমস্যাই দেখা দিবলৈ ধৰে৷ বহুতে আকৌ টোপনি হ’লেও সকলো সময়তে ক্লান্তি  অনুভৱ কৰে৷ এনেকুৱা হোৱাটো অস্বাভাৱিক নহয়৷ অৱশ্যে দীঘলীয়া সময় টোপনি মাৰিলেও যদি সঘনাই ক্লান্তি অনুভৱ কৰে, তেন্তে এয়া নিদ্ৰাজনিত অসুখ হ’ব পাৰে৷ চিকিৎসা বিজ্ঞানত এনে সমস্যাক ‘শ্লিপিং ডিছঅৰ্ডাৰ’ বুলি কোৱা হয়৷ এই সমস্যাত ভুগিলে কিছুমান লক্ষণে দেখা দিয়ে৷ উল্লেখ কৰা হ’ল তেনে কেইটামান লক্ষণ– 

- দিনটোৰ প্ৰায়ভাগ সময়তে যদি ক্লান্তি অনুভৱ কৰে বা টোপনিৰ ভাব হয় অথবা মাজনিশা হঠাৎ সাৰ পাই উঠে, দীৰ্ঘসময় টোপনি নাহে, নাকৰ শব্দ হয়, তেন্তে চিকিৎসকৰ সহায় লওক৷ 
- ভজা-পোৰা বা বাহিৰৰ খাদ্যৰ প্ৰতি আসক্তি বাঢ়িলে, বুজিব যে আপোনাৰ টোপনি পৰ্যাপ্ত হোৱা নাই৷ 



- সঘনাই পানী খোৱাৰ পাছতো যদি পিয়াহ লাগে, তেন্তে চিকিৎসকৰ সহায় লওক৷ সঘনাই পিয়াহ লগাটো ভাল লক্ষণ নহয়৷ শৰীৰটোৱে পৰ্যাপ্ত বিশ্ৰাম নাপালে এনে সমস্যা হয়৷
- হঠাৎ সকলো পাহৰিলে জানিব যে আপোনাৰ শ্লিপিং ডিছঅৰ্ডাৰ সমস্যা আৰম্ভ হৈছে৷ এনেকুৱা হ’লে লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক৷ 
- বহুতে দিনটোত একাধিকবাৰ কফি খায়৷ এই অভ্যাস ভাল নহয়৷ অত্যধিক কফি খালে টোপনিৰ সমস্যা হয়৷ কফিত থকা কেফেইনে নিদ্ৰাজনিত সমস্যাৰ সৃষ্টি কৰে৷
- কিছুমান লোক আছে অনবৰতে খিংখিঙাই থাকে৷ কোনো কাৰণ অবিহনে মন-মেজাজ খিংখিঙীয়া হোৱাটো নিদ্ৰাজনিত ৰোগৰ লক্ষণ হ’ব পাৰে৷
- সঘনাই অসুখ হোৱা, কাহ-চৰ্দি আদিত ভুগিলে সেয়া টোপনিৰ অভাৱৰ বাবে হ’ব পাৰে৷ টোপনি কম হ’লে দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায়৷ সেয়ে সঘনাই কাহ-চৰ্দি বা অন্যান্য ভাইৰাছজনিত ৰোগত আক্ৰান্ত হোৱাটোও নিদ্ৰাজনিত সমস্যা হ’ব পাৰে৷