Logo
image

প্ৰতিশ্ৰুতি ৰাখিব পাৰিবনে ট্ৰাম্পে

ৰাজনৈতিক প্ৰত্যাৱৰ্তনৰ এক অনন্য নজিৰ গঢ়িলে ৭৮ বছৰীয়া ড’নাল্ড ট্ৰাম্পে৷ দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পাছত এতিয়া ট্ৰাম্পৰ ওপৰত সকলোৰে দৃষ্টি৷ ৰাষ্ট্ৰপতিৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত তেওঁ কোনকেইটা বিষয়ৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিব তাক লৈ এতিয়া সৰ্বত্ৰত চলিছে চৰ্চা৷ এইক্ষেত্ৰত ব্যতিক্ৰম নহয় ভাৰতো৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যদিও ট্ৰাম্পৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক থকা বুলি দাবী কৰিছে, তথাপি দ্বিতীয়টো কাৰ্যকালত তেওঁ ভাৰত সন্দৰ্ভত কেনে মনোভাৱ পোষণ কৰে সেয়াও হ’ব লক্ষ্যণীয়৷ ইমিগ্ৰেশ্বন, অৰ্থনীতি, ইউক্ৰেইন-ৰাছিয়াৰ মাজত চলি থকা যুদ্ধসহ আন কেইটামান গুৰুত্বপূৰ্ণ বিষয়ত দৃঢ় পদক্ষেপ লোৱাৰ প্ৰতিশ্ৰুতিৰে হোৱাইট হাউছ পুনৰ দখলৰ পথ প্ৰশস্ত কৰিলে ট্ৰাম্পে৷ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত ডেম’ক্ৰেট কমলা হেৰিছক পৰাস্ত কৰাৰ পাছত নিজৰ ভাষণত ট্ৰাম্পে কৈছিল যে এটা সাধাৰণ নীতিবাক্য অনুসৰণ কৰি তেওঁ দেশ শাসন কৰিব৷ সেয়া হৈছে প্ৰতিশ্ৰুতি দিয়া আৰু প্ৰতিশ্ৰুতি ৰক্ষা কৰা৷ নিৰ্বাচনী প্ৰচাৰৰ সময়ত দিয়া প্ৰতিশ্ৰুতিবোৰ আখৰে আখৰে পালন কৰা হ’ব বুলি দৃঢ়তাৰে কৈছিল তেওঁ৷ ২০ জানুৱাৰীত দ্বিতীয়টো কাৰ্যকালৰ বাবে ৰাষ্ট্ৰপতি ৰ দায়িত্ব ল’ব ট্ৰাম্পে৷ তাৰ পাছত তেওঁ সাতটা বিষয়ত অগ্ৰাধিকাৰ দিব বুলি স্পষ্টভাৱে উল্লেখ কৰিছে৷ ট্ৰাম্পে উল্লেখ কৰা এই সাতটা বিষয়ে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে৷ ৰাষ্ট্ৰপতিৰ দায়িত্ব লৈ ট্ৰাম্পে কৰিবলগীয়া সাতটা প্ৰধান কামৰ প্ৰথমটো হৈছে নথিবিহীন প্ৰব্ৰজনকাৰীক দেশান্তৰ কৰা৷ মেক্সিকো সীমান্তত তেওঁ এখন প্ৰাচীৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল৷ ৰাষ্ট্ৰপতি হিচাপে ট্ৰাম্পৰ প্ৰথমটো কাৰ্যকালত এই প্ৰাচীৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল৷ এই প্ৰসংগতে উল্লেখ কৰিব পাৰি যে যোৱা বছৰৰ শেষৰফালে আমেৰিকাৰ দক্ষিণ সীমান্তইদি দেশখনলৈ প্ৰব্ৰজন কৰা লোকৰ সংখ্যাই অভিলেখ গঢ়িছিল৷ নতুন নাগৰিকত্ব আইনৰ ফলত অবৈধ প্ৰব্ৰজনকাৰী হৈ পৰা ভাৰতীয়ৰ ক্ষেত্ৰতো একে দশাই হ’ব৷ আমেৰিকাত পিত-মাতৃ থাকিও ভাৰতীয় সন্তান অনা-আমেৰিকান হৈ পৰিব৷ কিন্তু বিশেষজ্ঞসকলৰ মতে, প্ৰব্ৰজনকাৰীক দেশান্তৰ কৰা বিষয়টোত ট্ৰাম্প  ডাঙৰ আইনী প্রত্যাহ্বানৰ সন্মুখীন  হ’বলগীয়া হ’ব পাৰে৷ ট্ৰাম্পে প্ৰাধান্য দিবলগীয়া কামবোৰৰ ভিতৰত দ্বিতীয় স্থানত আছে কৰ আৰু শুল্ক৷ দেশত মুদ্ৰাস্ফীতি সমাপ্ত কৰাৰ প্ৰতিশ্ৰুতি দিছে ট্ৰাম্পে৷ দেশৰ নাগৰিকক সকাহ দিয়াৰ বাবে তেওঁ কৰ হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতিও দিছে৷ তাৰ বিপৰীতে বিদেশী পণ্যৰ ওপৰত অতিৰিক্ত দহ শতাংশ কৰ আৰোপ কৰাৰ প্ৰস্তাৱ দিছে৷ চীনৰ পৰা আমদানিকৃত সামগ্ৰীৰ ওপৰত অতিৰিক্ত ৬০ শতাংশ কৰ আৰোপ কৰা হ’ব পাৰে৷ সকলো বিদেশী সামগ্ৰীৰ ওপৰত ট্ৰাম্প চৰকাৰে এতিয়াতকৈ ১০ শতাংশ অধিক শুল্ক আৰোপ কৰি বুলি প্ৰকাশ কৰিছে৷ সেই ব্যৱস্থা ট্ৰাম্পে ৰাষ্ট্ৰপতিৰ আসনত অধিষ্ঠিত হোৱাৰ পাছতে কাৰ্যকৰী কৰিব৷  এইক্ষেত্ৰত কোনো দেশৰ বাচ-বিচাৰ নাথাকিব৷ আনকি ইউৰোপৰ পৰা ৰপ্তানি কৰা সামগ্ৰীতো সেই শুল্ক আৰোপ কৰিব বুলি হুংকাৰ দিছে ট্ৰাম্পে৷ সৰ্বসাধাৰণক সকাহ দিয়াৰ বাবে ট্ৰাম্পে এনেবোৰ পদক্ষেপ লোৱাৰ কথা ভাবিছে যদিও এনেধৰণৰ পদক্ষেপ হিতে বিপৰীত হোৱাৰো আশংকা কৰিছে বহুতে৷ তৃতীয়তে জলবায়ু চুক্তি অনুসৰি ধন আদায় দিয়াটো বন্ধ কৰাৰ কথা ভাবিছে ট্ৰাম্পে৷  ৰাষ্ট্ৰপতি হিচাপে প্ৰথমটো কাৰ্যকালত ট্ৰাম্পে পেৰিছ জলবায়ু চুক্তিৰ পৰা আমেৰিকাৰ নাম প্ৰত্যাহাৰ কৰিছিল৷ এইবাৰো তেওঁ তেনে পদক্ষেপ লোৱাৰ ইংগিত দিছে৷ কাৰ্যভাৰ লোৱাৰ ২৪ ঘণ্টাৰ ভিতৰত ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সমাপ্ত কৰাৰো প্ৰতিশ্ৰুতি দিছে ট্ৰাম্পে৷ এইক্ষেত্ৰত তেওঁ ইতিমধ্যে প্ৰাৰম্ভিক কাম আৰম্ভ কৰিছে৷ তেওঁ বিচাৰিছে আমেৰিকাই বিদেশী সংঘাতৰ পৰা নিজকে আঁতৰাই ৰাখক৷২০২২ চনত আমেৰিকাত গৰ্ভপাতৰ ক্ষেত্ৰত থকা সাংবিধানিক অধিকাৰক বাতিল কৰিছিল ছুপ্ৰিম ক’ৰ্টে৷ ট্ৰাম্প প্ৰথমবাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ সময়ত দেশখনত ৰক্ষণশীল বিচাৰক সংখ্যাগৰিষ্ঠ আছিল৷ দ্বিতীয়বাৰ ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত  গৰ্ভপাতৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰৰো ইংগিত দিছে ট্ৰাম্পে৷ ২০২০ চনৰ ৰাষ্ট˜পতি নিৰ্বাচনৰ পাছত ২০২১ চনৰ ৬ জানুৱাৰীত কেপিটল বিল্ডিঙত হোৱা প্ৰৰোচনামূলক আক্ৰমণত দোষী সাব্যস্ত কৰা ছজন অপৰাধীক মুকলি কৰি দিয়া হ’ব বুলি জনাইছে ট্ৰাম্পে৷ সৰ্বশেষত ট্ৰাম্পৰ বিৰুদ্ধে দুটাকৈ ফৌজদাৰী তদন্তৰ নেতৃত্বত থকা প্ৰবীণ প্ৰছিকিউটৰ জেক স্মিথক ৰাষ্ট্ৰপতিৰ দায়িত্ব লোৱাৰ দুই ছেকেণ্ডৰ ভিতৰত বৰ্খাস্ত কৰাৰ প্ৰতিশ্ৰুতি দিছে৷ ট্ৰাম্পে তেওঁৰ নতুন কাৰ্যকালত যিবোৰ বিষয়ক অগ্ৰাধিকাৰ দিছে, সেইবোৰ কাৰ্যকাৰী কৰাৰ ক্ষেত্ৰত তেওঁ কিমান সফল হয় সেয়া হ’ব লক্ষ্যণীয়৷ কিয়নো এইবোৰ কাম কৰিবলৈ যাওঁতে তেওঁ বহুক্ষেত্ৰত আইনী প্ৰিক্ৰিয়াৰ বিপৰীতে যাবলগীয়াও হ’ব, যিটো হয়তো বৰ সহজ নহ’ব৷ কিন্তু বহুতে কয় ডনাল্ড ট্ৰাম্প এজন কঠোৰ আৰু একাচেকা বিধৰ ব্যক্তি৷ তেওঁ যিটো কাম কৰাৰ কথা ভাবে, সেই কামটো কৰিব নোৱাৰালৈকে শান্তিৰে নাথাকে৷ দ্বিতীয়টো কাৰ্যকালত ল’বলগীয়া পদক্ষেপবোৰেৰে ট্ৰাম্পে আমেৰিকাবাসীৰ অন্তৰ জয় কৰিব পাৰে নে নোৱাৰে, সেয়া সময়েহে ক’ব৷