Logo
image

হাছিনাক ধৰিবলৈ ইণ্টাৰপ’লৰ জৰিয়তে ৰেড কৰ্নাৰ জাননী

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১১ নৱেম্বৰ : বিগত আগষ্টৰ গণ অভ্যূত্থানৰ পাছত প্ৰতিষ্ঠা হোৱা বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰখনে খোপনি পুতি লোৱাৰ পাছত এতিয়া বিতাড়িত আৰু পলাতক প্ৰাক্তন প্ৰধানমন্ত্ৰী  শ্বেখ হাছিনাক দেশলৈ ঘূৰাই নিবলৈ জাল পেলাইছে৷ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ আইন উপদেষ্টা ডঃ আছিফ নজৰুলে জনোৱা মতে শ্বেখ হাছিনাক চৰকাৰে পলাতক বুলি ঘোষণা কৰি ৰেড কৰ্ণাৰ নটিচ জাৰি কৰিছে৷ ইণ্টাৰপোলৰ জৰিয়তে জাৰি কৰা এই ৰেড কৰ্ণাৰ জাননীৰ ফলত শ্বেখ হাছিনাই কোনো বিমানবন্দৰৰ জৰিয়তে ভ্ৰমণ কৰা কঠিন হৈ পৰিল৷ কিয়নো ইণ্টাৰপোল বা ইণ্টাৰনেচনেল পুলিচে এখন দেশৰ চৰকাৰে জাৰি কৰা জাননী মানি ল’বলৈ বাধ্য৷ অৰ্থাৎ কোনো দেশত, কোনো বিমানবন্দৰত যদি সেই দেশৰ আৰক্ষীয়ে শ্বেখ হাছিনাক দেখে, তেন্তে এই ৰেড কৰ্ণাৰ জাননী পালন কৰি তেওঁক গ্ৰেপ্তাৰ কৰিব৷ শ্বেখ হাছিনাই সম্প্ৰতি ভাৰতত গোপন স্থানত আশ্ৰয় লৈ আছে৷ এই জাননীৰ ফলত তেওঁৰ যিকোনো ভ্ৰমণ সীমাবদ্ধ হৈ পৰিব৷ কিয়নো, ইণ্টাৰপোলে গ্ৰেপ্তাৰ কৰিলে শ্বেখ হাছিনাক তেওঁলোকে বাংলাদেশৰ কৰ্তৃপক্ষৰ হাতত গতাই দিব লাগিব৷ ৰেড কৰ্ণাৰ জাননী জাৰি নকৰি বাংলাদেশে ভাৰত চৰকাৰৰ ওচৰত শ্বেখ হাছিনাৰ প্ৰত্যৰ্পণো দাবী কৰিব পাৰিলেহেঁতেন৷ এই ক্ষেত্ৰত বাংলাদেশৰ চৰকাৰে কৌশল অৱলম্বন কৰি ‘সাপো মৰক, লাঠীও নাভাগক’ নীতি লৈছে৷ হাছিনাক সম্প্ৰতি মোদী চৰকাৰে আশ্ৰয় দিছে৷ 


যদিহে বাংলাদেশ চৰকাৰে হাছিনাৰ প্ৰত্যৰ্পণ বিচাৰে, তেন্তে স্বাভাৱিকভাৱে ভাৰত চৰকাৰ অস্বস্তিত পৰিব৷ বাংলাদেশৰ তদাৰকী চৰকাৰে ভাৰতক হাছিনাৰ প্ৰত্যৰ্পণ বিচাৰি পোনপটীয়াকৈ বিব্ৰত কৰিব খোজা নাই৷ এইক্ষেত্ৰত তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় আইনৰ আশ্ৰয় লৈছে, য’ত হাছিনাক আশ্ৰয় প্ৰদান কৰাৰ ক্ষেত্ৰত ভাৰত অভিযুক্ত হ’ব৷ কিয়নো ভাৰতে এতিয়ালৈকে হাছিনাক ৰাজনৈতিক আশ্ৰয় প্ৰদান কৰা নাই৷ এই আশ্ৰয় সাময়িক বুলি চৰকাৰীভাৱে ঘোষণা কৰা হৈছে৷ হাছিনাৰ বিৰুদ্ধে দেশত গণহত্যাৰ অভিযোগত বহু গোচৰ ৰুজু হৈছে৷ সেই দিশত তেওঁ হত্যাত অভিযুক্ত আৰু ঘোষিত পলাতক৷ তেনে হত্যাত অভিযুক্তক আশ্ৰয় দিয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি ভাৰতো দোষী হ’ব৷ ইপিনে, যোৱা পাঁচ আগষ্টত আৱামী লীগৰ চৰকাৰ উৎখাত হোৱাৰ পাছত দেওবাৰে প্ৰথমবাৰলৈ হাছিনা নেতৃত্বাধীন দলটোৱে ৰাজপথত নামি প্ৰতিবাদী সমদলৰ আহ্বান জনাইছিল৷ কিন্তু আৱামী লীগৰ সমৰ্থক-সদস্যই প্ৰতিবাদী সমদল আৰম্ভ কৰাৰ লগে লগে অৰ্ধসামৰিক বাহিনীয়ে মাৰ-পিট কৰি সকলোকে আটক কৰে৷ আৰক্ষী আৰু নিৰাপত্তাবাহিনীয়ে আৱামী লীগক সমদল অনুষ্ঠিত কৰাত বাধা প্ৰদান কৰে৷ নিৰাপত্তাবাহিনীয়ে শনিবাৰৰ পৰা আৱামী লীগৰ নেতাক গ্ৰেপ্তাৰ অভিযান আৰম্ভ কৰে৷ দেওবাৰে ঢাকাৰ বংগবন্ধু এভিনিউৰ আৱামী লীগৰ কাৰ্যালয়ৰ সন্মুখত সমবেত হোৱা দলটোৰ নেতা-কৰ্মীক খালেদা জিয়াৰ বিএনপি দলৰ সদস্যই নিৰ্দয়ভাৱে প্ৰহাৰ কৰি খেদি পঠিয়ায়৷ ‘জিয়াৰ সৈনিক এক হও, একটা একটা লীগ ধৰ, ধইৰা ধইৰা জবাই কৰ’ বুলি শ্লোগান দি সমবেত জনতাই খেদি খেদি মাৰধৰ কৰাৰ বাবেই তেওঁলোকক খালেদা জিয়াৰ বিএনপি দলৰ বুলি স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে৷ উল্লেখ্য, বাংলাদেশৰ জুলাই-আগষ্টৰ গণ আন্দোলনত একেদৰে আৱামী লীগ আৰু ছাত্ৰ লীগৰ সদস্যই আন্দোলনকাৰীক মাৰ-পিট আৰু আনকি হত্যাও কৰিছিল৷