Logo
image

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মন্তব্য দি গ্ৰেপ্তাৰ বৃক্ষপ্ৰেমী যুৱ চিত্ৰশিল্পী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ নৱেম্বৰ : উৰণ সেতু নিৰ্মাণৰ নামত গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰৰ দুশ বছৰীয়া গছ, ভৰলুৰ পাৰৰ ৭০ জোপা শতবৰ্ষ গৰকা গছ ৰক্ষাৰ বাবে ৰাজ্যৰ প্ৰকৃতিপ্ৰেমী, ছাত্ৰ সমাজ তথা সচেতন লোকৰ প্ৰতিবাদী কণ্ঠই যে দিছপুৰক ভীতিগ্ৰস্ত কৰিছে সেয়া প্ৰমাণিত হৈছে চৰকাৰ-প্ৰশাসনৰ ভূমিকাত৷ চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই অহা ব্যক্তিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈছে অসম আৰক্ষী৷ গিবন অভয়াৰণ্য আৰু গুৱাহাটীৰ গছ ৰক্ষাৰ বাবে দেৱালত ছবি অংকন কৰি আৰক্ষীৰ ৰোষত পৰিল চিত্ৰশিল্পীও৷ গছ ৰক্ষাৰ বাবে ছবি অংকণ কৰা ছবিত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মন্তব্য দি গ্ৰেপ্তাৰ হ’ল বৃক্ষপ্ৰেমী যুৱ চিত্ৰশিল্পী মাৰ্চেল বৰুৱা৷ ফটাশিল আমবাৰী আৰক্ষীয়ে দেওবাৰে পুৱতি নিশা আটক কৰে চিত্ৰশিল্পী মাৰ্চেল বৰুৱাক৷ সংগী অংকুমান বৰদলৈ আৰু কমল কুমাৰকো আটক কৰে আৰক্ষীয়ে৷ ভৰলুমুখৰ গছ কটাক লৈ শনিবাৰে সন্ধিয়া কাৰ্টুন অংকণ কৰি প্ৰতিবাদ কৰিছিল চিত্ৰশিল্পী মাৰ্চেল বৰুৱা আৰু তেওঁৰ সতীৰ্থসকলে৷ ‘চেভ নেচাৰ’ শীৰ্ষক কাৰ্টুনত চিত্ৰশিল্পী মাৰ্চেল বৰুৱাই ‘কিক হিমন্ত’ বুলি লিখিছিল৷


ইয়াতে ক্ষুণ্ণ হৈ দেওবাৰে পুৱতি নিশা প্ৰায় ৩.৩০ বজাত যুৱ চিত্ৰশিল্পী মাৰ্চেল বৰুৱা, প্ৰকৃতিপ্ৰেমী অংকুমান বৰদলৈ আৰু কমল কুমাৰক আটক কৰে আৰক্ষীয়ে৷ তিনিওজনক দেওবাৰে বাতৰি লিখা পৰলৈকে ভৰলুমুখ থানাত আৱদ্ধ কৰি ৰাখিছে৷ ইফালে দীঘলীপুখুৰী পাৰ আৰু ভৰলু নৈৰ পাৰৰ গছ ৰক্ষাৰ বাবে সৰ্বস্তৰৰ লোক স্বতঃস্ফূৰ্তভাৱে ওলাই আহি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে ভীতিগ্ৰস্ত হৈছে আৰক্ষী-প্ৰশাসন৷ গছ ৰক্ষাৰ বাবে যাতে কোনেও প্ৰতিবাদী কাৰ্যসূচী হাতত ল’ব নোৱাৰে তাৰ বাবে দীঘলীপুখুৰী পাৰ আৰু ভৰলু নৈৰ পাৰত নিচিদ্ৰ নিৰাপত্তাবেষ্টনী গঢ়ি তুলিছে আৰক্ষীয়ে৷ উক্ত স্থানলৈ প্ৰতিবাদ কৰিবলৈ কোনো যাতে আহিব নোৱাৰে তাৰ বাবে তীক্ষ্ণ নজৰ ৰাখিছে আৰক্ষী-প্ৰশাসনে৷ উল্লেখ্য, শনিবাৰে দিনৰ ভাগত গুৱাহাটী নাগৰিক সমাজ, ছেভ ভৰলু অভিযান, বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠন আৰু প্ৰকৃতিপ্ৰেমী সংগঠনে গছ ৰক্ষাৰ বাবে সজোৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত চামিল হৈছিল ৰাজ্যৰ বিভিন্ন অঞ্চলৰ বিভিন্ন ক্ষেত্ৰৰ লোক, প্ৰকৃতিপ্ৰেমী ব্যক্তি-সংগঠন৷