Logo
image

ছয়াবিন স্বাস্থ্যৰ বাবে ক্ষতিকাৰক নেকি?

নিৰামিষ ভোজীসকলৰ প্ৰায়ভাগৰে ছয়াবিন প্ৰিয়৷ কিন্তু জানি আচৰিত হ’ব যে আজিৰ পৰা ৪০-৪৫ বছৰ পূৰ্বে ভাৰতত ছয়াবিনৰ প্ৰচলন প্ৰায় নাছিলেই৷ এনেক্ষেত্ৰত প্ৰশ্নৰ উদয় হয় যে ভাৰতত ছয়াবিনৰ খেতি কেনেদৰে আৰম্ভ হ’ল৷ এই প্ৰশ্নৰ উত্তৰ পাবলৈ হ’লে, প্ৰথমতে আমি মনমোহন সিঙৰ সৈতে হোৱা এখন চুক্তিৰ বিষয়ে জানিব লাগিব৷ ১৯৯১ চনত ভাৰতৰ সৈতে গ্ল’বেলাইজেশ্যনৰ নামত একাধিক চুক্তি হৈছিল৷ তেনে এখন চুক্তি আছিল হলেণ্ডৰ পৰা গাহৰিৰ গোবৰ অনা  চুক্তি৷ এই চুক্তি অনুসৰি হলেণ্ডৰ পৰা প্ৰায় ১ কোটি টন গাহৰিৰ গোবৰ অৰ্থাৎ টাট্টি ভাৰতলৈ অনাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল৷ চুক্তিখনক লৈ সেই সময়ত বিভিন্ন প্ৰশ্নৰ অৱতাৰণাও হয়৷ বিভিন্ন মহলে প্ৰশ্ন উত্থাপন কৰিছিল যে কিয় এনেধৰণৰ চুক্তিত ভাৰতে স্বাক্ষৰ কৰিবলগীয়া হ’ল৷ এই প্ৰশ্নৰ উত্তৰত মনমোহন সিঙে কৈছিল যে হলেণ্ডৰ গাহৰিৰ গোবৰৰ গুণগত মান যথেষ্ট উন্নত৷ কিয়নো হলেণ্ডৰ গাহৰিক ছয়াবিন খাবলৈ দিয়া হয়৷



ভাৰতত আমি যিদৰে গো-ধন পালন কৰো, তেনেদৰে হলেণ্ডত পালন কৰা হয় গাহৰি৷ গাহৰিক যিমানেই বেছিকৈ ছয়াবিন খাবলৈ দিয়া হয় সিমানেই তাৰ ওজন বৃদ্ধি হয়৷ ফলত মাংস বেছি হয়৷ এতিয়া প্ৰশ্ন হয়, হলেণ্ডলৈ ছয়াবিন ক’ৰ পৰা যায়৷ এই প্ৰশ্নৰ উত্তৰত জানিব পৰা যায় যে হলেণ্ডলৈ ছয়াবিন ৰপ্তানি হয় ভাৰতৰ পৰা৷ ভাৰতৰ বিশেষকৈ মধ্যপ্ৰদেশৰ পৰা আটাইতকৈ বেছি ছয়াবিন ৰপ্তানি হয় হলেণ্ডলৈ৷

ইপিনে, বিজ্ঞানীসকলৰ মতে যদি কোনো কৃষিভূমিত দহবছৰ ধৰি ছয়াবিনৰ খেতি কৰা হয়, সেই কৃষিভূমি তাৰ পৰৱৰ্তী বছৰৰ পৰা সম্পূৰ্ণৰূপে সাৰহীন হৈ পৰে৷ ফলত তাত কোনোধৰণৰ খেতি কৰিব পৰা নাযায়৷ মনমোহন সিঙে কৰা চুক্তিখনৰ পাছত মধ্যপ্ৰদেশৰ খেতিয়কসকলক বিভিন্ন প্ৰলোভনেৰে ছয়াবিনৰ খেতি কৰিবলৈ বাধ্য কৰা হৈছিল৷ তদুপৰি চিকিৎসকসকলেও লাঞ্ছিত হোৱাৰ ভয়ত ছয়াবিন স্বাস্থ্যসন্মত বুলি ক’বলৈ বাধ্য হৈছিল৷ এনেদৰেই ভাৰতৰ পৰা ছয়াবিন ৰপ্তানি হোৱা আৰম্ভ হয় আৰু হলেণ্ডৰ পৰা ভাৰতলৈ গাহৰিৰ গোবৰ আমদানি হ’বলৈ ধৰে৷ 

এতিয়া পুনৰ প্ৰশ্ন হয়– ছয়াবিন স্বাস্থ্যৰ বাবে কিমান উপকাৰী৷ এইক্ষেত্ৰত বিজ্ঞানীৰ ভাষ্য, ছয়াবিন স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷ ইয়াত থকা তেল আমাৰ শৰীৰে হজম কৰিব নোৱাৰে৷ তদুপৰি ছয়াবিন পছাবলৈ যি এনজাইমৰ প্ৰয়োজন, সেই এনজাইম মানৱদেহত নাথাকে৷ এনে এনজাইম একমাত্ৰ গাহৰিত থাকে৷ সেয়ে গাহৰিয়ে ছয়াবিন সহজতে পছাব পাৰে৷ 

বহুতৰে মনত প্ৰশ্ন উদয় হ’ব পাৰে যে ছয়াবিনততো প্ৰ’টিন থাকে! তেন্তে সেই ছয়াবিন মানৱ দেহৰ বাবে কিয় ক্ষতিকাৰক? এইক্ষেত্ৰত বিজ্ঞানীৰ উত্তৰ– ছয়াবিনৰ তেল, দাইল, অথবা গাখীৰ কোনোবিধেই মানৱ দেহৰ বাবে উপকাৰী নহয়৷ বৰঞ্চ আমি সুস্বাস্থ্যৰ বাবে মাহৰ তেল, তিল তেল, সূৰ্যমুখী ফুলৰ তেল অথবা সৰিয়হৰ তেল খোৱা উচিত৷ ছয়াবিনত যি প্ৰ’টিন থাকে, সেই প্ৰ’টিন দেহত জমা হৈ থাকিলে পৰৱৰ্তী সময়ত ই স্বাস্থ্যৰ বাবে হিতে বিপৰীত হ’ব পাৰে৷