.jpeg1731471936.jpeg)
চেম্পিয়নছ ট্ৰফী : ভাৰতলৈ কঠোৰ বাৰ্তা পাকিস্তানৰ
কথাটো অপ্ৰত্যাশিত বুলি ক’ব নোৱাৰি৷ ফেব্ৰুৱাৰী-মাৰ্চত হ’বলগীয়া চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতীয় ক্ৰিকেট দলে পাকিস্তান ভ্ৰমণ কৰা বিষয়টোত আৰম্ভণিৰ পৰাই দেখা গৈছিল অনিশ্চয়তা৷ কিন্তু টীম ইণ্ডিয়াৰ পাকিস্তান ভ্ৰমণক লৈ আশাবাদী আছিল পাকিস্তান ক্ৰিকেট ব’ৰ্ড৷ সেই আশা লৈয়েই পাকিস্তানে টুৰ্নামেণ্টখন আয়োজনৰ প্ৰস্তুতি চলাইছিল৷ কিন্তু তেওঁলোকে ভবাধৰণে নহ’ল৷ অৱশেষত ভাৰতীয় ক্ৰিকেট দলে পাকিস্তানত নেখেলে বুলি পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ লগতে বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্ছ সংস্থা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলক (আই চি চি) আনুষ্ঠানিকভাৱে জনোৱা হ’ল৷ চেম্পিয়নছ ট্ৰফীত ভাৰতে খেলিবলগীয়া খেলকেইখন নিৰপেক্ষ স্থানত অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ (বি চি চি আই) ফালৰ পৰা পূৰ্বেই দিয়া হৈছিল৷ আই চি চিয়েও এই বিষয়টোত চিন্তা-চৰ্চা চলাই আছিল৷ কিন্তু এইক্ষেত্ৰত পাকিস্তান ক্ৰিকেট ব’ৰ্ডে স্পষ্টভাৱে জনাইছিল যে চেমিম্পয়নছ ট্ৰফীৰ আটাইকেইখন খেলেই তেওঁলোকে পাকিস্তানত অনুষ্ঠিত কৰিব বিচাৰে৷ তেওঁলোকৰ যুক্তি আছিল যে টুৰ্নামেণ্টখনত ভাগ ল’বলগীয়া আন দেশবোৰৰ পাকিস্তানত খেলাত কোনো আপত্তি নাই যেতিয়া ভাৰতে আপত্তি দৰ্শোৱাৰ কোনো যুক্তি থাকিব নোৱাৰে৷ এই প্ৰসংগতে উল্লেখ কৰিব পাৰি যে চেম্পিয়নছ ট্ৰফীলৈ ১০০ দিনবাকী থকা উপলক্ষত সোমবাৰে লাহোৰত এক বিশেষ অনুষ্ঠান আয়োজনৰ ব্যৱস্থা কৰা হৈছিল৷ সেই অনুষ্ঠানতে টুৰ্নামেণ্টখনৰ সূচীও ঘোষণা কৰাৰ সম্ভাৱনা আছিল৷ কিন্তু চেম্পিয়নছ ট্ৰফীত খেলিবলৈ ভাৰতীয় দলে পাকিস্তানলৈ নোযোৱাটো নিশ্চিতহোৱাৰ পাছত আই চি চিয়ে লাহোৰৰ অনুষ্ঠানটো বাতিল কৰে৷ভাৰতীয় ক্ৰিকেট দলে পাকিস্তানলৈ নোযোৱাটো নিশ্চিত হোৱাৰ পাছত আই চি চিৰ পদক্ষেপ কি হ’ব তালৈ এতিয়া সকলোৱে উৎকণ্ঠাৰে বাট চাইছে৷ পাকিস্তানৰ একাংশ প্ৰাক্তন ক্ৰিকেটাৰে মত প্ৰকাশ কৰিছিল যে ভাৰতে যদি পাকিস্তানত খেলিবলৈ সন্মত নহয়, তেন্তে ভাৰতক বাদ দি টুৰ্নামেণ্টখন অনুষ্ঠিত কৰা উচিত৷ কিন্তু সেয়া সম্ভৱ নহয়বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে আই চি চিয়ে৷ এনে স্থিতিত থাকিব এটাই বিকল্প৷ সেয়া হৈছে হাইব্ৰিড মডেল৷ অৰ্থাৎ ভাৰতে খেলিবলগীয়া খেলকেইখন নিৰপেক্ষ স্থানত অনুষ্ঠিত কৰা৷ যোৱা বছৰৰ এছিয়া কাপতো অনুৰূপ পৰিস্থিতিৰ উদ্ভৱ হৈছিল, আৰু অৱশেষত ভাৰতীয় দলে এছিয়া কাপৰ খেলবোৰ খেলিছিল শ্ৰীলংকাত৷ চেম্পিয়নছ ট্ৰফীৰ ক্ষেত্ৰতো এনেধৰণৰ সিদ্ধান্ত লোৱা হ’লে নিৰপেক্ষ স্থান হিচাপে নিৰ্বাচন কৰা হ’ব পাৰে ইউনাইটেড আৰব এমীৰেটছক৷ভাৰতে পাকিস্তানত নেখেলে বুলি আনুষ্ঠানিকভাৱে জনোৱাৰ পাছত পাকিস্তান ক্ৰিকেট ব’ৰ্ড যথেষ্ট কঠোৰ হোৱা দেখা গৈছে৷ ভাৰতৰ সিদ্ধান্ত সন্দৰ্ভত তেওঁলোকে আই চি চিৰ পৰা তাৰ ব্যাখ্যা বিচাৰিছে৷ আই চি চিৰ উত্তৰত সন্তুষ্ট নহ’লে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া আদালতৰ কাষ চপাৰ ভাবুকি দিছে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে৷ কেৱল সেয়াই নহয়, এইক্ষেত্ৰত ক্ৰিকেট ব’ৰ্ডে পাকিস্তান চৰকাৰৰ লগতে দেশখনৰ প্ৰাক্তন আৰু বৰ্তমানৰ ক্ৰিকেটাৰৰ সমৰ্থন লাভ কৰিছে৷ বি চি চি আইৰ সিদ্ধান্তৰ পাছত ভৱিষ্যতলৈ আই চি চি অথবা এছিয়ান ক্ৰিকেট কাউঞ্চিলৰ কোনো টুৰ্নামেণ্টত ভাৰতৰ সৈতে নেখেলাৰ সিদ্ধান্ত লোৱাৰো পৰামৰ্শ দিয়া হৈছে পাকিস্তান ক্ৰিকেট ব’ৰ্ডক৷ ইপিনে, পাকিস্তান চৰকাৰৰ ফালৰ পৰাও কোৱা হৈছে যে ভাৰতৰ পাকিস্তানত নেখেলাৰ সিদ্ধান্তৰ পাছত তেওঁলোকে ২০৩৬ চনৰ অলিম্পিক আয়োজনৰ ক্ষেত্ৰত তেওঁলোকে ভাৰতৰ বিৰোধিতা কৰিব৷ উল্লেখ্য, দ্বিপাক্ষিক শৃংখলাৰ বাবে ভাৰতীয় ক্ৰিকেট দলে অন্তিমবাৰ পাকিস্তান ভ্ৰমণ কৰিছিল ২০০৭ চনত৷ তাৰ বিপৰীতে পাকিস্তানে অন্তিমবাৰ ভাৰত ভ্ৰমণ কৰিছিল ২০১২ চনত৷ এদিনীয়া ৰেংকিঙৰ শীৰ্ষৰ আঠখন দেশৰ মাজত হ’বলগীয়া চেম্পিয়নছ ট্ৰফী আৰম্ভ হোৱাৰ কথা ১৯ ফেব্ৰুৱাৰীৰ পৰা৷ অৰ্থাৎ সময় আছে তিনিমাহ৷ ভাৰতে পাকিস্তানত খেলাৰ বিষয়টোক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অনিশ্চয়তা আঁতৰোৱাৰ ক্ষেত্ৰত বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্ছ সংস্থাটোৱে কেনেধৰণৰ ভূমিকা লয়, সেয়া হ’ব লক্ষণীয়৷