Logo
image

হাছিনাক গ্ৰেপ্তাৰৰ বাবে ইণ্টাৰপ’লক বাংলাদেশৰ অনুৰোধ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৩ নৱেম্বৰ : প্ৰথমে সামান্য আন্দোলন আৰু ক্ৰমাৎ ছাত্ৰৰ সংৰক্ষণবিৰোধী আন্দোলন গণ অভ্যূত্থানলৈ পৰিৱৰ্তিত হোৱাত আকস্মিকভাৱে আন্দোলনকাৰীয়েই বাংলাদেশ শাসনৰ সুযোগ পালে৷ নোবেলবিজয়ী অৰ্থনীতিবিদ মহম্মদ ইউনুছৰ নেতৃত্বত গঠন হোৱা অন্তৰ্ৱৰ্তীকালীন বাংলাদেশ চৰকাৰৰ প্ৰথম প্ৰতিশ্ৰুতি আছিল নিকা সাধাৰণ নিৰ্বাচনৰ পৰিৱেশ গঢ়ি তুলি নিৰ্বাচিত  দলৰ হাতত শাসনভাৰ অৰ্পণ কৰা৷ কিন্তু কেইদিনমান অতিক্ৰম কৰাৰ পাছতে সেই তদাৰকী চৰকাৰখনে ঘোষণা কৰিলে, তেওঁলোকে দেশখনৰ সংস্কাৰ সাধন কৰিব, তাৰ পাছতহে সাধাৰণ নিৰ্বাচনৰ চিন্তা৷ পিছে এতিয়া সেই সকলো এৰি ইউনুছৰ অন্তৰ্ৱৰ্তী চৰকাৰখন পলাতক প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পিছত পৰি গৈছে৷ প্ৰথমে প্ৰতিশোধ, তাৰ পাছত সংস্কাৰ আৰু একেবাৰে শেষত নিৰ্বাচন৷ গোজেই গছ হোৱা মহম্মদ ইউনুছৰ তদাৰকী চৰকাৰে যেনে তেনে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক দেশলৈ ঘূৰাই নিবলৈ আৰু শাস্তি প্ৰদান কৰিবলৈ উদগ্ৰীব হৈ পৰিছে৷ সেই উদ্দেশ্যে ইউনুছৰ চৰকাৰে ইণ্টাৰপ’লক শ্বেখ হাছিনাক গ্ৰেপ্তাৰ কৰিবলৈ অনুৰোধ জনাইছে৷ ইতিমধ্যে ইণ্টাৰপ’লৰ জৰিয়তে ৰেড কৰ্নাৰ জাননী জাৰি কৰিছিল বাংলাদেশ চৰকাৰে৷ এইবাৰ বাংলাদেশৰ অপৰাধ ট্ৰাইবুনেলে ইণ্টাৰপ’লক শ্বেখ হাছিনাক গ্ৰেপ্তাৰ কৰিবলৈ অনুৰোধ জনাইছে৷ ট্ৰাইবুনেলৰ চিফ প্ৰচিকিউটৰ মহম্মদ তাজুল ইছলামে মঙলবাৰে সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰিছে৷ তাজুল ইছলামে কয়– ‘শ্বেখ হাছিনা যিহেতু মানৱতাবিৰোধী অপৰাধ সংঘটিত কৰাৰ ঘটনাত অভিযুক্ত আৰু তেওঁৰ বিৰুদ্ধে যিহেতু গ্ৰেপ্তাৰী পৰোৱানা আছে আৰু তেওঁ দেশৰ বাহিৰলৈ পলাই গৈছে, সেয়ে আন্তঃৰাষ্ট্ৰীয় পুলিচ সংগঠনক (ইণ্টাৰপ’ল) তেওঁক য’তে পায় তাৰ পৰাই গ্ৰেপ্তাৰ কৰিবলৈ অনুৰোধ জনোৱা হৈছে৷ আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি ইণ্টাৰপ’লৰ সদস্য হৈ থকা ১৯৬খন দেশৰ আৰক্ষীয়ে দেখিলেই হাছিনাক গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য৷’


অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ আইন উপদেষ্টা ডঃ আছিফ নজৰুলে যোৱা শনিবাৰে জনোৱা মতে শ্বেখ হাছিনাক চৰকাৰে পলাতক বুলি ঘোষণা কৰি ৰেড কৰ্ণাৰ নটিচ জাৰি কৰিছে৷ ইণ্টাৰপ’লৰ জৰিয়তে জাৰি কৰা এই ৰেড কৰ্ণাৰ জাননীৰ ফলত শ্বেখ হাছিনাই কোনো বিমানবন্দৰৰ জৰিয়তে ভ্ৰমণ কৰা কঠিন হৈ পৰিল৷ কিয়নো ইণ্টাৰপ’ল বা ইণ্টাৰনেচনেল পুলিচে এখন দেশৰ চৰকাৰে জাৰি কৰা জাননী মানি ল’বলৈ বাধ্য৷ অৰ্থাৎ কোনো দেশত, কোনো বিমানবন্দৰত যদি সেই দেশৰ আৰক্ষীয়ে শ্বেখ হাছিনাক দেখে, তেন্তে এই ৰেড কৰ্ণাৰ জাননী পালন কৰি তেওঁক গ্ৰেপ্তাৰ কৰিব৷ শ্বেখ হাছিনাই সম্প্ৰতি ভাৰতত গোপন স্থানত আশ্ৰয় লৈ আছে৷ এই জাননীৰ ফলত তেওঁৰ যিকোনো ভ্ৰমণ সীমাবদ্ধ হৈ পৰিব৷ কিয়নো, ইণ্টাৰপ’লে গ্ৰেপ্তাৰ কৰিলে শ্বেখ হাছিনাক তেওঁলোকে বাংলাদেশৰ কৰ্তৃপক্ষৰ হাতত গতাই দিব লাগিব৷ শ্বেখ হাছিনাই ভাৰতত আশ্ৰয় লৈ থকাত বাংলাদেশৰ তদাৰকী চৰকাৰখন অতিশয় অসন্তুষ্ট৷ ৰেড কৰ্নাৰ জাননী জাৰি নকৰি বাংলাদেশে ভাৰত চৰকাৰৰ ওচৰত শ্বেখ হাছিনাৰ প্ৰত্যৰ্পণো দাবী কৰিব পাৰিলেহেঁতেন৷ এই ক্ষেত্ৰত বাংলাদেশৰ চৰকাৰে কৌশল অৱলম্বন কৰি ‘সাপো মৰক, লাঠীও নাভাগক’ নীতি লৈছে৷ হাছিনাক সম্প্ৰতি মোদী চৰকাৰে আশ্ৰয় দিছে৷  যদিহে বাংলাদেশ চৰকাৰে হাছিনাৰ প্ৰত্যৰ্পণ বিচাৰে, তেন্তে স্বাভাৱিকভাৱে ভাৰত চৰকাৰ অস্বস্তিত পৰিব৷ বাংলাদেশৰ তদাৰকী চৰকাৰে ভাৰতক হাছিনাৰ প্ৰত্যৰ্পণ বিচাৰি পোনপটীয়াকৈ বিব্ৰত কৰিব খোজা নাই৷ এইক্ষেত্ৰত তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় আইনৰ আশ্ৰয় লৈছে, য’ত হাছিনাক আশ্ৰয় প্ৰদান কৰাৰ ক্ষেত্ৰত ভাৰত অভিযুক্ত হ’ব৷ কিয়নো ভাৰতে এতিয়ালৈকে হাছিনাক ৰাজনৈতিক আশ্ৰয় প্ৰদান কৰা নাই৷ এই আশ্ৰয় সাময়িক বুলি চৰকাৰীভাৱে ঘোষণা কৰা হৈছে৷ হাছিনাৰ বিৰুদ্ধে দেশত গণহত্যাৰ অভিযোগত বহু গোচৰ ৰুজু হৈছে৷ সেই দিশত তেওঁ হত্যাত অভিযুক্ত আৰু ঘোষিত পলাতক৷ তেনে হত্যাত অভিযুক্তক আশ্ৰয় দিয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি ভাৰতো দোষী হ’ব৷