ব্যাপক ৰিগিং! বিৰোধীৰ অভিযোগ
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৪ নৱেম্বৰঃ ব্যাপক হিংসাৰ মাজেৰে বুধবাৰে সম্পন্ন হৈ যায় চামগুৰিকে ধৰি ৰাজ্যৰ ৫টা সমষ্টিৰ উপ-নিৰ্বাচন৷ বুধবাৰে সম্পন্ন হৈ যোৱা ভোট গ্ৰহণত চামগুৰি সমষ্টিত শাসক দল বিজেপি আৰু বিৰোধী দল কংগ্ৰেছৰ বিৰুদ্ধে ৰিগিঙত লিপ্ত হোৱাৰ অভিযোগ উঠিছে৷ পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে তুলিছে ৰিগিঙৰ অভিযোগ৷ বিৰোধী কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনে মনোনয়ন দাখিল কৰাৰ দিনটোৰ পৰাই একাংশ বিজেপি নেতা-কৰ্মীয়ে কংগ্ৰেছীৰ বাহনত আক্ৰমণ কৰাৰ সমান্তৰালভাৱে কংগ্ৰেছী নেতা-কৰ্মীও বিজেপি সমৰ্থকৰ সৈতে মুকলি সংঘাতত লিপ্ত হোৱা পৰিলক্ষিত হয়৷
বুধবাৰে নিৰ্বাচনৰ ভোট গ্ৰহণৰ দিনটোতো পুৱাৰ ভাগত চামগুৰিৰ শ’লপাৰাত কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ কনভয়ত আক্ৰমণ কৰে বিজেপি কৰ্মীয়ে৷ লগতে ‘আমাৰ অসম’ কাকতৰ এজন সাংবাদিকৰ বাহনো ভাঙি লণ্ডভণ্ড কৰে বিজেপি সমৰ্থকে৷ ইফালে, খলিহামাৰীত বিজেপি প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মাৰ বাহনত আক্ৰমণ চলায় কংগ্ৰেছ কৰ্মীয়ে৷ এই নিৰ্বাচনী হিংসাৰ মাজতে চামগুৰিৰ ২নং খলিহামাৰীৰ এটা ভোটকেন্দ্ৰত ভোটদান চলি থকাৰ মাজতে বিজেপি প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মা ভোটকেন্দ্ৰত প্ৰৱেশ কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ কংগ্ৰেছৰ প’লিং এজেণ্টে বিজেপি প্ৰাৰ্থীজনৰ প্ৰৱেশত বাধা দিয়াত বিজেপি কৰ্মীসকলে পৰিস্থিতি উত্তাল কৰি তোলে৷ ইয়াৰ পাছতেই কংগ্ৰেছৰ প’লিং এজেণ্টজনক বিজেপি সমৰ্থকে ভোটকেন্দ্ৰৰ বাহিৰলৈ উলিয়াই আনি ভুৱা প’লিং এজেণ্ট আখ্যা দি খেদি পঠিওৱাৰ অভিযোগ তোলে কংগ্ৰেছে৷ কেৱল ইমানেই নহয়, বিজেপিৰ সমৰ্থকে কংগ্ৰেছৰ প’লিং এজেণ্টক খেদি কেইবাটাও ভোটকেন্দ্ৰত ৰিগিঙত লিপ্ত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিৰোধী কংগ্ৰেছে৷
চামগুৰিত ব্যাপক ৰিগিং হোৱাৰ অভিযোগ তুলি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়– ‘উপ-নিৰ্বাচনত শাসকপক্ষই অনৈতিক উপায়েৰে ৰিগিং কৰি নিজৰ দলৰ প্ৰাৰ্থীক জয়যুক্ত কৰাত নামি পৰিছে৷ চামগুৰিৰ কেইবাটাও কেন্দ্ৰত আমাৰ দলৰ সমৰ্থকক ভোট দিয়াত বাধা দিছে বিজেপি কৰ্মীয়ে৷ ভোটাৰজন আহি পোৱাৰ আগতেই তেওঁৰ নামত আন কোনোবাই ভোটাধিকাৰ সাব্যস্ত কৰিছে৷ ব্যাপক মাত্ৰাত ৰিগিং হোৱা কেন্দ্ৰকেইটাৰ অন্যতম হৈছে– কেন্দ্ৰ নং ৪ (৬নং ভগামুখ মোক্তাব স্কুল), কেন্দ্ৰ নং-৫ (ভগামুখ মোক্তাব স্কুল, দক্ষিণ খণ্ড), কেন্দ্ৰ নং-৬ (পশ্চিম শালপাৰা মোক্তাব স্কুল, পশ্চিম খণ্ড), কেন্দ্ৰ নং-৪০ (পুঠিখাইতী এল পি স্কুল, পূব খণ্ড), কেন্দ্ৰ নং-৪১ (পুঠিখাইতী এল পি স্কুল, পশ্চিম খণ্ড), কেন্দ্ৰ নং-৮৮ (কুশল কোঁৱৰ এল পি স্কুল), কেন্দ্ৰ নং-৭৯ (শ’লমাৰী মোক্তাব স্কুল), কেন্দ্ৰ নং-৯০ (শালমাৰী মোক্তাব স্কুল, পশ্চিম খণ্ড)৷ এই কেন্দ্ৰকেইটাত ভোটদানৰ পৰা বিৰত ৰখা হৈছে কংগ্ৰেছ দলৰ সমৰ্থকক৷ বিজেপিৰ এই কাৰ্যৰ বিৰুদ্ধে নিৰ্বাচন আয়োগক অভিযোগ দিয়াৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা নল’লে৷ এনে কাৰ্যৰ বাবে চৰকাৰ আৰু নিৰ্বাচন আয়োগক ধিক্কাৰ জনাইছোঁ৷’
ইফালে, চামগুৰি কুশল কোঁৱৰ বালিকা প্ৰাথমিক ভোটকেন্দ্ৰতো ভোট দি অহা নাগৰিকক কাক ভোট দিলে বুলি বিজেপি কৰ্মীয়ে প্ৰশ্ন কৰাক লৈ ভোটকেন্দ্ৰটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ এই লৈ ভোটকেন্দ্ৰৰ চৌহদতে মাৰপিটত লিপ্ত হয় একাংশ লোক৷ ইফালে, বিজেপি প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মাক খলিহামাৰীত একাংশ কংগ্ৰেছ কৰ্মীয়ে ৰাজপথতে আবদ্ধ কৰি ৰখাৰ চেষ্টা চলায়৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠীচালনা কৰিবলৈ বাধ্য হয়৷ তদুপৰি চামগুৰি শ’লমাৰীৰ ৮৯ আৰু ৯০নং ভোটকেন্দ্ৰতো কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ মাজত ৰিগিঙক লৈ সংঘাতৰ সৃষ্টি হয়৷ মঙলবাৰে নিশা চামগুৰিৰ আমবাগান মাজুলীৰ দক্ষিণ ফুটাকলঙৰ প্ৰায় ১০০জন সদস্যৰ এটা সংখ্যালঘু পৰিয়ালক বিজেপিত যোগদান কৰোৱাই খোদ মুখ্যমন্ত্ৰীয়ে ভিডিঅ’ কল কৰাৰ অভিযোগ তুলিছে কংগ্ৰেছ নেতৃত্বই৷ কেৱল চামগুৰিতে নহয়, বিহালী আৰু ধলাই সমষ্টিতো বিজেপিয়ে ৰিগিং কৰাৰ অভিযোগ তুলিছে কংগ্ৰেছে৷ বুধবাৰে ৰিগিঙক কেন্দ্ৰ কৰি ধলাইৰ বিএনএমপি স্কুলৰ ভোটকেন্দ্ৰত কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ মাজত মাৰপিট লাগে৷ কংগ্ৰেছৰ অভিযোগ– বিধায়ক কৃষ্ণেন্দু পালৰ নেতৃত্বত ভোটকেন্দ্ৰটোত ৰিগিং কৰে বিজেপিয়ে৷ এই ৰিগিঙত বাধা দিবলৈ যাওঁতেই কংগ্ৰেছী সমৰ্থকসকলক বিজেপি কৰ্মীসকলে মাৰপিট কৰা বুলিও কংগ্ৰেছে অভিযোগ কৰে৷ আনহাতে, বিজেপিৰ অভিযোগ– কংগ্ৰেছৰ কৰ্মীসকলে ভোটকেন্দ্ৰত প্ৰৱেশ কৰি ৰিগিং কৰি আছিল৷ এই লৈ ভোটকেন্দ্ৰটোৰ চৌহদৰ বাহিৰে-ভিতৰে দুয়োপক্ষৰ মাজত মাৰপিট লাগে৷