Logo
image

পুনৰ ভোটগ্ৰহণৰ দাবীঃ চামগুৰিত বিজেপিৰ বিৰুদ্ধে ব্যাপক ৰিগিঙৰ অভিযোগ কংগ্ৰেছ প্ৰাৰ্থীৰ

'আমাৰ অসম'ৰ নগাঁৱৰ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ নৱেম্বৰঃ বুধবাৰে চামগুৰি বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া নিকা আৰ সঠিকভাৱে হোৱা নাছিল নেকি? নে পৰাজয়ৰ আশংকাত কংগ্ৰেছ প্ৰাৰ্থীৰ তৰফৰ পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়াত ব্যাপক অনিয়মৰ অভিযোগ অনা হৈছে। কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত ব্যাপক হাৰত ৰিগিং হোৱাৰ অভিযোগ উত্থাপন কৰাৰ পিছত আজি অনুৰূপ অভিযোগ উত্থাপনেৰে কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনে মুখ্য নিৰ্বাচনী আয়োগলৈ অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে। 



উল্লেখ্য, বুধবাৰে সন্ধ্যা সাংসদ ৰকিবুল হুছেইনে তেওঁৰ নগাঁৱস্থ বাসভৱন আয়োজিত সংবাদ মেলত সমষ্টিটোৰ বিভিন্ন স্থানৰ ১৬টা ভোটকেন্দ্ৰত বিজেপিয়ে ৰিগিং কৰাৰ অভিযোগ উত্থাপন কৰি সেইকেইটা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কথাৰ দাবী তুলিছিল। আজি অনুৰূপ অভিযোগ উত্থাপন কৰিলে কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনে। প্ৰাৰ্থীজনে এখন অভিযোগ পত্ৰ চামগুৰি সমষ্টিৰ ৰিৰ্টানিং বিষয়া গুণজিৎ কাশ্যাপক দাখিল কৰাৰ লগতে ইয়াৰ প্ৰতিলিপি জিলা আয়ুক্তৰ জৰিয়তে ৰাজ্যিক আৰু মুখ্য নিৰ্বাচনী আয়োগলৈয়ো প্ৰেৰণ কৰিছে। 

এই অভিযোগ দাখিলৰ পিছত তাঞ্জিল হুছেইনে  সংবাদ মাধ্যমৰ আগত কয় যে বুধবাৰে ভোটগ্ৰহণ প্ৰক্ৰিয়াত বিজেপিৰ দুগৰাকী বিধায়ক আৰু এগৰাকী ছালফা নেতাৰ নেতৃত্বত সমগ্ৰ চামগুৰি সমষ্টিৰ মুঠ ৩৩টা ভোটকেন্দ্ৰত ৰিগিং সংঘটিত হৈছে। অকল ৰেগিং কৰাই নহয়, বিজেপিৰ একাংশ নেতাই ভোটকেন্দ্ৰত কংগ্ৰেছৰ নিৰ্বাচনী এজেণ্টক মাৰপিট পৰ্যন্ত কৰাৰ পিছতো আৰক্ষী তথা নিৰ্বাচনী দায়িত্বত থকা বিষয়াসকলে নীৰৱ ভূমিকা গ্ৰহণ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছ প্ৰাৰ্থীজনে। নিৰ্বাচনী কামত নিয়োজিত একাংশ আৰক্ষী আৰু প্ৰশাসনিক বিষয়াই পক্ষপাতমূলক আচৰণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি তেওঁ লগতে কয যে নগাঁৱৰ আৰক্ষী অধীক্ষকে তেওঁৰ পিতৃ ৰকিবুল হুছেইনৰ ফোন নম্বৰটোৱেই ব্লক কৰি থৈছে। আনকি প্ৰাৰ্থীজনে নগাঁৱৰ জিলা আয়ুক্ত‌ৰ প্ৰতিও সম্পূৰ্ণ আস্থা হেৰুৱাইছে। যাৰ বাবে ইতিমধ্যে তেওঁলোকৰ বিৰুদ্ধে অভিযোগ দিয়া হৈছে বুলিও মন্তব্য কৰে। কংগ্ৰেছ প্ৰাৰ্থীজনে ৰিগিং সংঘটিত হোৱা মুঠ ৩৩ টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰে।