Logo
image

চামগুৰিত ৰিগিং!: ৰকিবুল হুছেইনক উভতি ধৰিলে ৰূপক শৰ্মাই, নিৰ্বাচন আয়োগক দিয়া অভিযোগক 'হাস্যকৰ' আখ্যা

'আমাৰ অসম'ৰ নগাঁৱৰ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ নৱেম্বৰঃ চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত ব্যাপক হাৰত ৰিগিং হোৱা বুলি কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে নিৰ্বাচনী আয়োগক দিয়া অভিযোগ হাস্যকৰ বুলি অভিহিত কৰিছে নগাঁৱৰ বিজেপি বিধায়ক ৰূপক শৰ্মাই। এনেধৰণৰ কাম চামগুৰিত কেৱল কংগ্ৰেছেহে কৰি আহিছে বুলি মন্তব্য কৰি বিধায়ক ৰূপক শৰ্মাই কয় যে আগতে চামগুৰি সমষ্টিত বহু ভোটাৰে নিৰ্বাচনত ভোট দিবলৈ পোৱা নাছিল। সেই ব্যৱস্থা এইবাৰ নিৰ্বাচনী আয়োগে প্ৰতিৰোধ কৰিছে। ফলত এইবাৰ মুকলি মনেৰে ৰাইজে ভোট দিবলৈ সক্ষম  হৈছে। উল্লেখ্য, চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইন আৰু তেওঁৰ পিতৃ, ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে ১৩ নৱেম্বৰত চামগুৰিত নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীৰ নেতৃত্বত বিজেপিয়ে ব্যাপক হাৰত ৰেগিং সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক ৰূপক শৰ্মাই। 



শুকুৰবাৰে বিজেপিৰ নগাঁও জিলা কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলত বিধায়ক শৰ্মাই কয় যে চামগুৰি সমষ্টিত খুব সুন্দৰকৈ ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হৈছে। ৰকিবুল হুছেইনক বিধায়ক শৰ্মাই বিজেপিৰ বিধায়কে বুথলৈ যোৱাৰ প্ৰমাণ দিবলৈ প্ৰত্যাহ্বান জনাই লগতে কয় যে উপ-নিৰ্বাচনত হিন্দু-মুছলমান সকলোৱে বিজেপি প্ৰাৰ্থীগৰাকীক ভোট দিছে। অকল চামগুৰি সমষ্টিতে নহয়, উপ-নিৰ্বাচন অনুষ্ঠিত হোৱা পাঁচটা সমষ্টিতে বিজেপিৰ প্ৰাৰ্থী জিকিব। পূৰ্বৰ নিৰ্বাচনসমূহত ৰকিবুল হুছেইনে চামগুৰি সমষ্টিত ভয়-ভাবুকিৰে ভোট দিয়াইছিল। এই অভিযোগ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱাৰ সময়ত স্থানীয় ৰাইজে দিয়া বুলি বিধায়ক শৰ্মাই মন্তব্য কৰি কয় যে এইবাৰ ৰকিবুল হুছেইন তেনে কাৰ্য কৰিবলৈ সম্পূৰ্ণ বিফল হৈছে। সেয়েহে বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মা জয়ী হোৱাটো নিশ্চিত। ৰকিবুলৰ পুত্ৰক সমষ্টিবাসী ৰাইজে গ্ৰহণ কৰিব খোজা নাই। 

কংগ্ৰেছ হাৰিলে ইভিএমক দোষ দিয়ে আৰু জিকিলে নিদিয়ে বুলি উল্লেখ কৰি বিধায়ক শৰ্মাই আৰু কয় যে গৌৰৱ গগৈ যোৰহাটত জিকিল৷ তাত ই ভি এম কেনেকৈ ভাল হ'ল আৰু বেলেগত কেনেকৈ আকৌ বেয়া হৈ যায়। এনে কথা-বতৰাবোৰ এতিয়া ৰাইজে বিশ্বাস নকৰা হ'ল। বিধায়ক শৰ্মাই লগতে কয় যে সকলোবোৰ সমষ্টিত কংগ্ৰেছ হাৰিব বুলি গম পাই এতিয়া আবোল-তাবোল বকিছে। নিৰ্বাচনী প্ৰচাৰৰ সময়ত চামগুৰিত যিবোৰ হিংসাত্মক ঘটনা হৈছে, তাৰ বাবে কেৱল ৰকিবুল হুছেইন দায়ী। ইপিনে, অখিল গগৈ সন্দৰ্ভত বিধায়ক শৰ্মাই কয় যে অখিল গগৈ নিৰ্বাচনৰ সময়ত চামগুৰিলৈ এদিনো অহা নাই। তেওঁ চামগুৰিৰ বিষয়ে একো নাজানে। অখিল গগৈয়ে সদায় কংগ্ৰেছৰ পক্ষে কথা কয়। তেওঁৰ সমীক্ষাৰ কোনো মূল্য নাই বুলি মন্তব্য কৰি বিধায়ক শৰ্মাই কয় যে চামগুৰিৰ সমীক্ষা আমিহে ভালকৈ জানো।