দৃষ্টিনন্দন! ব্ৰহ্মপুত্ৰত সামুদ্ৰিক বিমান
‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ১৬ নৱেম্বৰ : অসমৰ পৰ্যটন খণ্ডত নতুন মাত্ৰা প্ৰদানৰ লক্ষ্যৰে প্ৰথমবাৰৰ বাবে ব্ৰহ্মপুত্ৰ নদীৰ গুৱাহাটীৰ পাণ্ডুঘাটত শুকুৰবাৰে পৰীক্ষামূলকভাৱে সফলতাৰে উৰণ আৰু অৱতৰণ কাৰ্য সম্পন্ন কৰে ১৯খন আসনযুক্ত সামুদ্ৰিক বিমান তথা ছী প্লেন এখনে৷ বৰঝাৰৰ পৰা আৰম্ভ হোৱা বিমানখনৰ উৰণপৰ্ব পাণ্ডুত ব্ৰহ্মপুত্ৰৰ বুকুত অৱতৰণেৰে সমাপ্ত হয়৷ ইয়াৰ পূৰ্বে একেখন বিমানে বৃহস্পতিবাৰে দিনৰ ভাগত মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙৰ কাষৰীয়া উমিয়াম হ্ৰদত প্ৰথমবাৰৰ বাবে সফলতাৰে উৰণ - অৱতৰণ কাৰ্য সম্পন্ন কৰিছিল৷ শুকুৰবাৰে পুৱা ১০.৪০ বজাত অসম চৰকাৰৰ পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা যাত্ৰী হিচাপে বিমানখনত আহি পাণ্ডুঘাটত উপস্থিত হয়৷ মন্ত্ৰী গৰাকীৰ লগত সংগী হিচাপে আহে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া আৰু ডেপুটী মেয়ৰ স্মিতা ৰয়৷ আনহাতে অৱতৰণ কৰাৰ পাছত পাণ্ডুঘাটত সাংবাদিকক সম্বোধন কৰি পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কয়– ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ সহযোগত পাণ্ডুঘাটত সামুদ্ৰিক বিমানৰ পৰীক্ষামূলক উৰণ - অৱতৰণৰ ব্যৱস্থা কৰা হৈছে৷ এই ক্ষেত্ৰত অসম চৰকাৰৰ পৰ্যটন বিভাগ আৰু অসম পৰিবহণ বিভাগে সহযোগিতা আগবঢ়াইছে৷ এবছৰৰ ভিতৰত এই বিমানৰ পৰিচালন কাৰ্যকৰী হ’ব৷ সামুদ্ৰিক বিমান এনেদৰে প্ৰথমবাৰৰ বাবে দেশত নদী অৱতৰণ কৰিছে৷
এয়া আমাৰ বাবে আনন্দৰ বিষয়৷ এই সামুদ্ৰিক বিমানৰ সংযোজনে অসমৰ যোগাযোগ আৰু পৰ্যটন ক্ষেত্ৰলৈহ্ল আমূল পৰিবৰ্তন কঢ়িয়ায় আনিব৷ এই বিমানৰ আনুষ্ঠানিকভাৱে পৰিচালনা কৰাৰ বাবে এবছৰহ্ল সময় লাগিব৷ এই বিমানৰ আনুষ্ঠানিকভাৱে পৰিচালনা কৰাৰ পিছত অসমৰ যোগাযোগ আৰু পৰ্যটন ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা হ’ব৷ পৰৱৰ্তী সময়ত কাজিৰঙা, মাজুলী আৰু উমাৰাংছুতো চলিব সামুদ্ৰিক বিমানৰ চলাচলৰ ব্যৱস্থা কৰা হ’ব৷ এই ব্যৱস্থা আৰম্ভ হলে যাতায়তৰ খৰচ আৰু সময়ো কম লাগিব৷ কাজিৰঙালৈ যাত্ৰা কৰিলে ১৫-২০ মিনিট আৰু ডিমা হাছাও জিলাৰ উমাৰংছুলৈ ৩০ মিনিট সময় লাগিব৷ সামুদ্ৰিক বিমান পৰৱৰ্তী সময়ত দীপৰ বিলৰ দৰে বৃহৎ জলাশয়তো উৰণ-অৱতৰণ কৰা হ’ব৷ অসমৰ বেছিভাগ পৰ্যটনস্থলীৰ ওচৰত এনেধৰণৰ জলাশয় বা হ্ৰদ আছে৷ আনহাতে বিমানখনৰ উৰণ-অবতৰণ কৰা উপলক্ষে পাণ্ডুঘাটত এক অনুষ্ঠানৰো আয়োজন কৰা হয়৷ অসম চৰকাৰৰ পৰিবহণ বিভাগৰ অতিৰিক্ত সচিব গৌৰৱ উপাধ্যায়ৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই মুখ্য অতিথি হিচাপে ভাগ লৈ এই চী প্লেন অসমলৈ অনাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ আলোকপাত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো কৃতজ্ঞতা জ্ঞাপন কৰে৷ অনুষ্ঠানত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক এম ৰাধা কিশোৰ, বিমান পৰিবহণ সংস্থা জেট এয়াৰৱেজৰ কাৰ্যবাহী বিষয়া, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, ডেপুটী মেয়ৰ স্মিতা ৰয়, অসম চৰকাৰৰ পৰিবহণ আৰু পৰ্যটন বিভাগৰ শীৰ্ষ বিষয়া সকল উপস্থিত থাকে৷ উল্লেখ্য যে কানাডাৰ মেচাৰ্ছ ডি হেভিলেণ্ড নামৰ বিমান প্ৰতিষ্ঠানটোৰ সহযোগত ভাৰতৰ বিমান পৰিবহণ সংস্থা স্পাইচ জেটে এই বিমান পৰিচালনা কৰিব৷